অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰৱতী পাৰিদা

প্ৰৱতী পাৰিদা (Pravati Parida, জন্ম: ১২ মে' ১৯৬৬) উৰিষ্যাৰ এগৰাকী ৰাজনীতিবিদ৷ ২০২৪ চনৰ পৰা মোহন মাঝিৰ অধীনত ওড়িশাৰ প্ৰথম মহিলা আৰু ৫ম উপ-মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়। তেওঁ মহিলা আৰু শিশু উন্নয়ন, মিছন শক্তি, আৰু পৰ্যটন মন্ত্ৰী।

হালনাগাদ: ১৬ মে’ ২০২৬ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

প্ৰৱতী পাৰিদা (Pravati Parida, জন্ম: ১২ মে' ১৯৬৬) উৰিষ্যাৰ এগৰাকী ৰাজনীতিবিদ৷ ২০২৪ চনৰ পৰা মোহন মাঝিৰ অধীনত ওড়িশাৰ প্ৰথম মহিলা আৰু ৫ম উপ-মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়। তেওঁ মহিলা আৰু শিশু উন্নয়ন, মিছন শক্তি, আৰু পৰ্যটন মন্ত্ৰী। ভাৰতীয় জনতা পাৰ্টিক প্ৰতিনিধিত্ব কৰি পুৰী জিলাৰ নিমাপাড়া বিধান সভা সমষ্টিৰ বিধায়িকা। ২০২৪ চনৰ ওড়িশা বিধানসভাৰ নিৰ্বাচনত তেওঁ জয়লাভ কৰে। ১২৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

প্ৰৱতী পাৰিদা নিমাপাৰাৰ বাসিন্দা। প্ৰাক্তন চৰকাৰী চাকৰিয়াল শ্যাম সুন্দৰ নায়কৰ লগত তেওঁ বিবাহপাশত আবদ্ধ হয়। ১৯৯৫ চনত উৎকল বিশ্ববিদ্যালয়ত তেওঁ এল এল বি সম্পূৰ্ণ কৰে আৰু একে বছৰতে কিছুদিনৰ বাবে ওড়িশা উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে যোগদান কৰে।৪ পিছলৈ ২০০৫ চনত ৰাজহুৱা প্ৰশাসনত তেওঁ উৎকল বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৫

কৰ্মজীৱন

২০২৪ চনৰ উৰিষ্যা বিধানসভাৰ নিৰ্বাচনত নিমাপাড়া বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি পাৰিদাই জয়লাভ কৰিছিল৷৬ তেওঁ বিজু জনতা দলৰ দিলীপ কুমাৰ নায়কক ৪,৫৮৮ টা ভোটৰ ব্যৱধানত পৰাভূত কৰে৷ তেওঁ ৯৫,৪৩০ টা ভোট লাভ কৰিছিল৷৭৮

২০২৪ চনৰ ১২ জুনত ভুৱনেশ্বৰৰ জনতা ময়দানত কনক বৰ্ধন সিং দেও আৰু মোহন চৰণ মাঝিৰ সৈতে প্ৰৱতী পাৰিদাই ওড়িশাৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল ৰঘুবৰ দাসে শপত পালন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংৰ লগতে ১০খন বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল।৯১০১১৪১২ তেওঁ ওড়িশাৰ প্ৰথমগৰাকী মহিলা উপ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়।১৩

তথ্যসূত্ৰ

  1. ↑ (2024-06-05). Full list of Odisha Assembly elections 2024 winners. The Indian Express
  2. ↑ Pravati Parida, BJP Election Results LIVE: Latest Updates On Pravati Parida, Lok Sabha Constituency Seat - NDTV.com. www.ndtv.com
  3. ↑ (11 June 2024). Who is Mohan Charan Majhi, BJP's first Odisha CM. The Times of India
  4. ↑ (2024-06-11). Meet Pravati Parida, BJP leader set to be Odisha's first female Deputy CM. Hindustan Times
  5. ↑ Pravati Parida(Bharatiya Janata Party(BJP)): Constituency- NIMAPARA(PURI) - Affidavit Information of Candidate. www.myneta.info
  6. ↑ (2024-06-04). Nimapara Assembly Election Result 2024: BJD's Dilip Kumar Nayak to take on BJP's Parvati Parida. The Times of India
  7. ↑ (2024-06-04). Nimapara Election Result 2024 LIVE Updates Highlights: Assembly Winner, Loser, Leading, Trailing, MLA, Margin. News18
  8. ↑ (2024-06-06). Nimapara Assembly Election Results 2024: Nimapara Odisha Election Schedule, Vote share and Results. Financialexpress
  9. ↑ Highlights: BJP Tribal Leader, 4-Time MLA Mohan Majhi Sworn In As Odisha Chief Minister. NDTV.com
  10. ↑ Barik, Satyasundar. (2024-06-12). Mohan Charan Majhi sworn in as Odisha's first BJP Chief Minister. The Hindu
  11. ↑ (2024-06-13). Odisha Cabinet portfolios: CM Mohan Charan Majhi keeps Home. India News
  12. ↑ (2024-06-11). Odisha New CM Live Updates: Mohan Charan Majhi declared new Odisha Chief Minister, KV Singh Deo, Pravati Parida to be Deputy CMs. Financialexpress
  13. ↑ (2024-06-11). Odisha's first female Deputy CM is Pravati Parida — 5 things to know about the high court lawyer. mint

সম্পৰ্কিত শ্ৰেণী

ওড়িয়া ব্যক্তিভাৰতৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীমহিলা ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰৱতী পাৰিদা” প্ৰবন্ধৰ সংশোধন ৬০৬৬৪৪ (১৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।