বিজয় মহান্তি (ওড়িয়া ভাষা: ବିଜୟ ମହାନ୍ତି; ইংৰাজী ভাষা: Bijay Mohanty; ৮ এপ্ৰিল ১৯৫০ – ২০ জুলাই ২০২০) এগৰাকী ভাৰতীয় অভিনেতা আৰু ৰাজনীতিবিদ আছিল, যি প্ৰধানকৈ ওড়িয়া ভাষা চলচ্চিত্ৰত কাম কৰিছিল।১ তেওঁ অভিনয় কৰা চিলিকা তীৰে চলচ্চিত্ৰখনক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হৈছিল।
ব্যক্তিগত জীৱন
১৯৫০ চনত কেন্দ্ৰপড়াৰ পাণ্ডিৰীৰ এটা অভিজাত পৰিয়ালত জন্মগ্ৰহণ কৰা মহন্তই ওড়িশাৰ ময়ুৰভঞ্জৰ বড়িপদাত ডাঙৰ-দীঘল হৈছিল।২ এম কে চি হাইস্কুলত পঢ়ি থকাৰ সময়তে তেওঁ অভিনয় আৰম্ভ কৰে। বি এ স্নাতক হোৱাৰ পিছত তেওঁ নেচনেল স্কুল অৱ ড্ৰামাত যোগদান কৰে৷ নাছিৰুদ্দিন শ্বাহ, ৰাজ বব্বৰ, ওম পুৰী আদি সহপাঠীৰ সৈতে এন এছ ডিৰ পৰা সফলতাৰে উত্তীৰ্ণ হৈ থিয়েটাৰত অভিনয় কৰি ১৯৭৫ চনলৈকে দিল্লীত থাকে।
বিজয়ৰ বিবাহ হৈছিল ওডিয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী তন্দ্ৰা ৰায়ৰ সৈতে৷ ইজনে সিজনৰ বিপৰীতে কেইবাখনো ছবিত অভিনয় কৰিছিল। তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছে।
কেৰিয়াৰ
১৯৭৭ চনত মহন্তই ওড়িয়া চলচ্চিত্ৰ জগতত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে চিলিকা তীৰে ছবিৰ জৰিয়তে, যিয়ে সেই বছৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। প্ৰথম অৱস্থাত তেওঁ বেছিভাগেই নেতিবাচক ভূমিকা বাছি লৈছিল। নগা ফাছ, সময় বড়া বলবান, দণ্ডা বালুংগা, ডোৰা, সহৰী বাঘ, চকা ভৌঁৰি, আৰু চকা আখীসবু দেখুছি এই ধৰণৰ চৰিত্ৰ হিচাপে তেওঁৰ কেইখনমান উল্লেখযোগ্য ছবি। তেওঁৰ বাবে উপলব্ধ প্ৰায় প্ৰতিটো ভূমিকাতে অভিনয় কৰিছিল; নায়ক, খলনায়ক, আৰু কমেডিয়ানৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰিত্ৰৰ ভূমিকাত অভিনয় কৰিছিল। প্ৰতিটো ক্ষেত্ৰতে তেওঁ নিজৰ অতুলনীয় চিন ৰাখিছিল। মহন্তৰ আন উল্লেখযোগ্য ছবিসমূহ হ’ল; আৰতি (১৯৮১), জগা হাতৰে পঘা (১৯৮৫), মমতা মাগে মূলা (১৯৮৫), এই আম সংসাৰ (১৯৮৬), আম ঘৰ আম সংসাৰ (১৯৯১), কি হেবা সুৱা পচিলে, ভীস্মা প্ৰতিজ্ঞা (১৯৯৩), ভাই হেলা ভগৰী (১৯৯৪), সুনা পাঞ্জুৰী (১৯৯৫), জীবন সাথি (১৯৯৬), লক্ষ্মণ ৰেখা, ৰাখী ভিজিগলা আখী লুহাৰে আৰু আই লাভ মাই ইণ্ডিয়া।
তেওঁ ভুলি হুয়েনা (১৯৮৭) চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছিল।৩
১৯৭৭ চনত উৎকল সংগীত মহাবিদ্যালয়ৰ নাট বিভাগত যোগদান কৰি শেহতীয়া বছৰবোৰত প্ৰতিষ্ঠানটোৰ পৰা অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে।
তেওঁৰ জন্মস্থান বড়িপদাত গঠন কৰা নাট্যদল "জুগেশা" এটা সুপৰিচিত দল আছিল আৰু সমগ্ৰ দেশৰ লগতে ওড়িশাৰ বিভিন্ন প্ৰান্তত নাটক মঞ্চস্থ কৰিছিল।
দূৰদৰ্শনত প্ৰচাৰিত টেলিভিছন ধাৰাবাহিকৰ ভিতৰত আশাৰ আলোক, শ্ৰী জগন্নাথ, সুভদ্ৰা, সাৰা আকাশ, সময় চকা, সকালৰ অপেক্ষা ৰে, নদেখিলে লোক দেখে, মহায়াজ্ঞান আৰু বিধাতৰা খেলা আদিত অভিনয় কৰিছিল৷
ৰাজনৈতিক জীৱন
মহান্তিয়ে ২৭ ফেব্ৰুৱাৰী ২০১৪ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল।৪ তেওঁ ২০১৪ ভাৰতীয় লোকসভা নিৰ্বাচনত ভুৱনেশ্বৰ লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল, কিন্তু পৰাস্ত হৈছিল।৫৬৭ ২০১৮ চনত, তেওঁ কংগ্ৰেছৰ পৰা ইস্তফা দিয়ে।৮
মৃত্যু
২০ জুলাই ২০২০ৰ সন্ধিয়া, মহান্তি ৭০ বছৰ বয়সত ভুৱনেশ্বৰস্থিত কেয়াৰ হস্পিটেলত মৃত্যুবৰণ কৰে।৯ সন্ধিয়াত তেওঁৰ শাৰীৰিক অৱস্থা অৱনতি হোৱাৰ পিছত তেওঁক তৎক্ষণাৎ কেয়াৰ হস্পিটেললৈ লৈ যোৱা হৈছিল। কিন্তু চিকিৎসাধীন অৱস্থাতহে তেওঁৰ মৃত্যু ঘটে।১০
চলচ্চিত্ৰ
- কৰ্ত্তব্য, ২০২৩
- সেলফিস্ দিল্, ২০১৯
- গোল্ মাল্ লভ্, ২০১৯
- পিলাটা বিগিড়িগলা, ২০১৫
- হাত ধৰি চালুথা, ২০১৩
- লুচকাল়ি, ২০১২
- ছাতিৰে লেখিছি তোৰি নাঁ, ২০১১
- সত্যমেব জয়তে, (২০০৮)
- চকা চকা ভউঁৰী, ২০০৭
- নাৰী নুহেঁ তু নাৰায়ণী, ২০০৭
- ধৰ্মৰ হেব জয়, ২০০৫
- সিন্দূৰ নুহেঁ খেল়ঘৰ, ২০০২
- কিএ পোছিব মা' আখিৰ লুহ, ১৯৯৯
- মন ৰহিগলা তুমৰি ঠাৰে, ১৯৯৯
- কৃষ্ণা কাবেৰী, ১৯৯৯
- বোউ, ১৯৯৮
- সন্তান, ১৯৯৮
- ভাই হেলা ভগাৰি, ১৯৯৪
- লক্ষে শিব পূজি পাইছি পুঅ, ১৯৯৪
- ভাগ্য হাতে ডোৰি, ১৯৯৩
- ভীষ্ম প্ৰতিজ্ঞা, ১৯৯৩
- আম ঘৰ আম সংসাৰ, ১৯৯১
- মমতাৰ ডোৰি, ১৯৮৯
- সাগৰ, ১৯৮৯
- টোপাএ সিন্দূৰ দি পট শঙ্খা, ১৯৮৯
- পঞ্চুপাণ্ডব, ১৯৮৯
- প্ৰতিশোধ অপৰাধ নুহেঁ, ১৯৮৯
- এই আম সংসাৰ, ১৯৮৬
- সময় বড় বল়বান, ১৯৮৫
- মমতা মাগে মূল, ১৯৮৫
- দণ্ডা বাল়ুঙ্গা, ১৯৮৪
- আৰতী, ১৯৮১
- নাগফাস, ১৯৭৭ (খল়নায়ক ভাবে)১১
পুৰস্কাৰ আৰু সন্মান
- চিলিকা তীৰে — ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ (১৯৭৮) — শ্ৰেষ্ঠ ওড়িয়া চলচ্চিত্ৰৰ বাবে মেধাসন্মান।
- জয়দেৱ পুৰস্কাৰ — ২০১৪ (ওড়িশা ৰাজ্য চলচ্চিত্ৰ পুৰস্কাৰ)।১২
- শিল্প আৰু সাহিত্যত তেওঁৰ অৱদানৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰে সন্মানিত কৰা হৈছিল।
- আৰতী (১৯৮১), মমতা মাগে মূল (১৯৮৫), এই আম সংসাৰ (১৯৮৬), আম ঘৰ আম সংসাৰ (১৯৯১), ভীষ্ম প্ৰতিজ্ঞা (১৯৯৩) আৰু ভাই হেলা ভগাৰি (১৯৯৪) চলচ্চিত্ৰসমূহৰ বাবে ছয়বাৰকৈ ওড়িশা ৰাজ্য চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰিছিল।
- ১৯৮৭ চনত ‘‘দশকৰ উৎকৃষ্ট অভিনেতা’’ৰ বাবে ওড়িশা চিনে সমালোচক সন্মান লাভ।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ P.Ram. (1 December 2014). Life in India. AnVi. পৃ. 163–
- ↑ (2 December 2015). Archive title
- ↑ (2001). Orissa reference: glimpses of Orissa. TechnoCAD Systems
- ↑ (28 February 2014). Actor Bijay Mohanty joins Congress. The Hindu
- ↑ (27 February 2014). Odia film star Bijay Mohanty joins Congress. Zee News
- ↑ (28 February 2014). Actor Bijay Mohanty joins Congress. The Hindu
- ↑ BIJAY MOHANTY. Myneta
- ↑ (6 April 2018). Veteran Ollywood Actor Bijay Mohanty quits Congress. Odisha TV
- ↑ (20 July 2020). Actor Bijay Mohanty dead - OrissaPOST. Odisha News, Odisha Latest news, Odisha Daily - OrissaPOST
- ↑ Odisha bids a tearful adieu to Bijay Mohanty | Events Movie News - Times of India. The Times of India
- ↑ নন্দ, প্ৰশান্ত. 'নাগফাস'ৰে নায়িকা সাজিলে মাল়বিকা ৰায়. নজৰ্ (নিতিদিন)
- ↑ Bijay Mohanty gets Jayadev Award
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয় মহান্তি” প্ৰবন্ধৰ সংশোধন ৫৭১৩৯৬ (২৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।