অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তৃষ্ণা ৰয়

তৃষ্ণা ৰয় এগৰাকী ভাৰতীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০২৪ চনত ৯ নৱেম্বৰত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত মিছ টিন ইউনিভাৰ্ছ ২০২৪-ৰ মুকুট লাভ কৰিছিল। মিছ টিন ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয়। তেওঁ ওড়িশাৰ ব্যক্তি।

হালনাগাদ: ১১ মে’ ২০২৬ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

তৃষ্ণা ৰয় এগৰাকী ভাৰতীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০২৪ চনত ৯ নৱেম্বৰত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত মিছ টিন ইউনিভাৰ্ছ ২০২৪-ৰ মুকুট লাভ কৰিছিল। মিছ টিন ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয়।১২ তেওঁ ওড়িশাৰ ব্যক্তি।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ওড়িশাৰ ভুৱনেশ্বৰত তৃষ্ণাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ দিলীপ কুমাৰ ৰয় ভাৰতীয় সশস্ত্ৰ বাহিনীৰ এজন কৰ্ণেল আৰু মাতৃ ৰাজশ্ৰী ৰয়। তেওঁ বৰ্তমান ভূৱনেশ্বৰৰ কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকন’লজীত ফেশ্বন টেকন’লজী অধ্যয়ন কৰি আছে।৩৪ কলিংগ টিভিৰ বাতৰি অনুসৰি তেওঁ ওড়িশাৰ কটকত পৰিয়ালৰ সৈতে বসবাস কৰে।৫৬

সৌন্দৰ্য প্ৰতিযোগিতা

মিছ টিন ডিভা ২০২৩

তৃষ্ণাই ২০২৩ চনৰ ১৩ এপ্ৰিলত জয়পুৰৰ জি ষ্টুডিঅ’ত অনুষ্ঠিত মিছ টিন ডিভা ২০২৩ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তাত তেওঁ মিছ টিন ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৩-ৰ মুকুট লাভ কৰে। মূল খিতাপৰ উপৰিও তেওঁ বেষ্ট ইন ৰেম্প ৱাক, বিউটি উইথ ব্ৰেইনছ্, বেষ্ট ইন স্পীচ আৰু মিছ টিন ইণ্ডিয়া ইষ্টৰ দৰে কেইবাটাও উপ-খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।৭৮

মিছ টিন ইউনিভাৰ্ছ ২০২৪

ৰয়ে ২০২৪ চনৰ ১ৰ পৰা ৯ নৱেম্বৰলৈ দক্ষিণ আফ্ৰিকাৰ কিম্বাৰ্লীত অনুষ্ঠিত মিছ টিন ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। চূড়ান্ত বিজয়ী হিচাপে তেওঁক কিউবাৰ লিনেট আৰ্চে-গাৰ্চিয়াই মুকুট পিন্ধাইছিল। প্ৰতিযোগিতাখনৰ সময়ত তেওঁ মিছ টেলেণ্ট ৰাউণ্ডত জয়লাভ কৰাৰ উপৰিও শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় সাজ-পাৰৰ শীৰ্ষ ৫-ত আৰু ইনফ্লুৱেন্সাৰ চেলেঞ্জ, ফেচ-টু-ফেচ চেলেঞ্জ আৰু মিছ ছচিয়েল মিডিয়া চেলেঞ্জত শীৰ্ষ ১০-ত স্থান লাভ কৰিছিল।৯১০১১

তথ্যসূত্ৰ

  1. ↑ (13 November 2024). Odisha's Trishna Ray wins Miss Teen Universe 2024 held in South Africa. Sudeep Singh Rawat. Business Standard
  2. ↑ (15 November 2024). Miss Teen Universe 2024 title winner Trishna Ray in Bhubaneswar. Himanshu. Kalinga TV
  3. ↑ (11 November 2024). KIIT Student Trishna Ray Crowned Miss Teen Universe 2024 In South Africa. kiit.ac.in
  4. ↑ (11 November 2024). Proud Moment For Odisha: KIIT Student Trishna Ray Crowned Miss Teen Universe 2024. odishabytes.com
  5. ↑ (11 November 2024). Watch: KIIT student Trishna Ray crowned Miss Teen Universe 2024, Dr Achyuta Samanta congratulates her. kalingatv.com
  6. ↑ (12 November 2024). Miss Teen Universe 2024 Winner: Who Is Trishna Ray? Meet The Odisha College Student; Insta, Family & More. filmibeat.com
  7. ↑ (18 April 2023). Miss Teen Diva 2022: Trishna Ray crowned as Miss Teen Universe India 2023. Mimtaz. firstindia.co.in
  8. ↑ (25 April 2023). Trishna Ray: Winning Miss Teen Diva Is Not The End For Me, It Is A Starting Point Of Another Journey. Prateek Sur. Outlook
  9. ↑ (14 November 2024). Trishna Ray from Odisha wins Miss Teen Universe 2024 in South Africa. Ananya Ghosh. thetatva.in
  10. ↑ (14 November 2024). Odisha's Trishna Ray wins Miss Teen Universe 2024 in South Africa. Tuhina Sahoo. Prameya
  11. ↑ (14 November 2024). Odisha Teen Trishna Ray Crowned Miss Teen Universe 2024. News18 India

সম্পৰ্কিত শ্ৰেণী

ওড়িয়া ব্যক্তিসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৃষ্ণা ৰয়” প্ৰবন্ধৰ সংশোধন ৬০৫৭৭৫ (১১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।