বৰা (Bora) হৈছে চুতীয়া ৰাজ্য আৰু পাছলৈ আহোম ৰাজ্যৰ এক পাইক কৰ্মচাৰী।১। বৰা বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে বৰ্তমান ব্যৱহাৰ কৰে।
উৎপত্তি
বৰা উপাধিটো আহোম ৰজাই দিয়া। আহোম ৰজাই অসমত পাইক প্ৰথাৰ প্ৰচলন কৰে। এক পাইক (এজন সৈন্য) হৈছে আহোম সামৰিক বাহিনীৰ আটাইতকৈ ক্ষুদ্ৰতম একক। বিশজন পাইক পৰিচালনা কৰা বিষয়া জনক বৰা বোলা হৈছিল।
সাম্প্ৰতিক কালত ব্যৱহাৰ
বৰ্তমান এই উপাধিটো অসমৰ হিন্দু আৰু মুছলমান লোকসকলে ব্যৱহাৰ কৰে।
বৰা উপাধিৰ প্ৰসিদ্ধ ব্যক্তি
- লক্ষ্মীনন্দন বৰা, অসমীয়া সাহিত্যিক
- মহিম বৰা, অসমীয়া সাহিত্যিক
- কপিল বৰা, অসমীয়া অভিনেতা
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Kakoty, Sanjeeb. (2003). Technology, Production And Social Formation In The Evolution Of The Ahom State. Regency Publications. ISBN 9788187498735
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰা (উপাধি)” প্ৰবন্ধৰ সংশোধন ৬০৬৭৩১ (১৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।