অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জাহৰা এশৰাঘী

জাহৰা এশৰাঘী খোমেইনি (Zahra Eshraghi Khomeini) (জন্ম-১৯৬৪) এগৰাকী ইৰাণী কৰ্মী আৰু প্ৰাক্তন চৰকাৰী বিষয়া।

হালনাগাদ: ১৩ মাৰ্চ ২০২৫ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জাহৰা এশৰাঘী খোমেইনি (Zahra Eshraghi Khomeini) (জন্ম-১৯৬৪) এগৰাকী ইৰাণী কৰ্মী আৰু প্ৰাক্তন চৰকাৰী বিষয়া।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৬৪ চনত জন্মগ্ৰহণ কৰা এশৰাঘী আয়াতুল্লাহ খোমেইনীৰ নাতিনী।১ তেখেত এগৰাকী দৰ্শন বিজ্ঞানৰ স্নাতক।২

দৃষ্টিভংগী

জহৰা এশৰাঘীয়ে বিচাৰে যে মূৰত কাপোৰ মৰাটো বাধ্যতামূলক নহয়। তেওঁৰ মতে: "আমাৰ (ইৰাণৰ) সংবিধানত এতিয়াও কোৱা হৈছে যে পুৰুষজনেই মূল মানুহ আৰু মহিলাগৰাকী এগৰাকী নিষ্ঠাবান পত্নী যি নিজৰ পৰিয়ালৰ বাবে নিজকে বলিদান দিয়ে। কিন্তু এতিয়া সমাজখন সলনি হৈছে৷ বিশেষকৈ যোৱা ১০ বছৰত। যদি মোৰ ককা এতিয়া ইয়াত থাকিলহেঁতেন, তেন্তে মই নিশ্চিত যে তেওঁৰ ধাৰণা বহুত বেলেগ হ'লহেঁতেন।"৩

ব্যক্তিগত জীৱন

১৯৮৩ চনত এশৰাঘীয়ে ইৰাণৰ মূল সংস্কাৰবাদী দল ইছলামিক ইৰাণ পাৰ্টিচিপেচন ফ্ৰণ্টৰ প্ৰাক্তন মুৰব্বী আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ খাটামীৰ কনিষ্ঠ ভাতৃ মহম্মদ-ৰেজা খাটামীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।.৪

ৰাজনীতিত

২০০৪ চনত সংসদীয় প্ৰাৰ্থীসকলৰ পৰীক্ষা-নিৰীক্ষা কৰা গাৰ্ডিয়ান কাউন্সিলে এশৰাঘীক সংসদত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা দিয়ে।৫৬

তথ্যসূত্ৰ

  1. ↑ (15 January 2013). Khomeini’s Granddaughter On Iran’s ‘Critical Situation,’ Sanctions, Facebook. Radio Free Europe
  2. ↑ (18 June 2005). Khomeini’s granddaughter fights for women’s rights. The Washington Times
  3. ↑ Freeman, Colin. (19 June 2005). 'If I want to breathe I must have permission from my husband'. The Telegraph
  4. ↑ Sciolino, Elaine. (2 April 2003). Daughter of the Revolution Fights the Veil. The New York Times
  5. ↑ (2016-02-12). Iran’s Revolutionary Grandchildren. The New Yorker
  6. ↑ The Guardian Council · Iran Data Portal

সম্পৰ্কিত শ্ৰেণী

ইৰানীয় নাৰী অধিকাৰ কৰ্মীইৰানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাহৰা এশৰাঘী” প্ৰবন্ধৰ সংশোধন ৪৯১৩৩৪ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।