অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জহৰা ৰহনাৱৰ্দ

জহৰা ৰহনাৱৰ্দ (জন্ম: জোহৰা কাজিমী; ১৯ আগষ্ট ১৯৪৫) এগৰাকী ইৰানীয়ান শিক্ষাবিদ, শিল্পী আৰু ৰাজনীতিবিদ। ৰহনাৱৰ্দ এগৰাকী বিশ্ববিদ্যালয়ৰ অধ্যাপক, শিল্পী আৰু বুদ্ধিজীৱী। তেওঁ ২০১১ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০১৮ চনৰ মে’ মাহলৈ গৃহবন্দী হৈ আছিল।

হালনাগাদ: ৮ ছেপ্তেম্বৰ ২০২৬ ৩৯৮ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

জহৰা ৰহনাৱৰ্দ (জন্ম: জোহৰা কাজিমী; ১৯ আগষ্ট ১৯৪৫) এগৰাকী ইৰানীয়ান শিক্ষাবিদ, শিল্পী আৰু ৰাজনীতিবিদ।১ ৰহনাৱৰ্দ এগৰাকী বিশ্ববিদ্যালয়ৰ অধ্যাপক, শিল্পী আৰু বুদ্ধিজীৱী। তেওঁ ২০১১ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ২০১৮ চনৰ মে’ মাহলৈ গৃহবন্দী হৈ আছিল। ২০০৯ চনত ফৰেইন পলিচি আলোচনীয়ে তেওঁক বিশ্বৰ অন্যতম বিশিষ্ট চিন্তাবিদ হিচাপে অভিহিত কৰিছিল।২ তেওঁ ইৰানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মীৰ-হোছেইন মৌচাভিৰ পত্নী। তেওঁৰ কৰ্মৰাজিৰ এক অংশত পুৰুষৰ দ্বাৰাও হিজাবৰ নিয়ম পালন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু মধ্য প্ৰাচ্যত মহিলাৰ অধিকাৰৰ এগৰাকী সক্ৰিয় কৰ্মী হিচাপে পৰিচিত।৩

প্ৰাৰম্ভিক জীৱন

ৰহনাৱৰ্দৰ জন্ম ইৰানৰ বুৰুজেৰ্ডত হৈছিল। তেওঁৰ পিতৃ হাজী ফাতহালী এজন শিয়া ধৰ্মাৱলম্বী আৰু কমিউনিষ্ট বিৰোধী ব্যক্তি আছিল। ইৰানৰ শিয়া ধৰ্মীয় নেতাসকলৰ এক সমাৱেশৰ কথা শুনি হাজী ফাতহালীয়ে মাৰ্কাজী প্ৰদেশৰ খুমোইনলৈ গুচি আহে আৰু জহৰা তাতেই ডাঙৰ-দীঘল হয়। জহৰা ৰহনাৱৰ্দে তেহৰাণ বিশ্ববিদ্যালয়ৰ পৰা কলা আৰু স্থাপত্য বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ উপৰিও তেওঁ ইছলামিক আজাদ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰিছে।৪

কৰ্মজীৱন

ৰহনাৱৰ্দ শ্বাহৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম পৰ্যায়ৰ বিপ্লৱীসকলৰ ভিতৰত অন্যতম আছিল। শ্বাহৰ শাসনকালৰ শেষৰ বছৰবোৰত তেওঁ বিৰোধী ইছলামবাদী নেতা আলী শ্বৰীয়তীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰাখিছিল।৫ ৰহনাৱৰ্দৰ লগতে হাচান ৰুহানী আৰু মীৰ-হোছেইন মৌচাভীয়েই আছিল হিজাব পিন্ধাটো বাধ্যতামূলক কৰাৰ প্ৰস্তাৱ আৰু সমৰ্থন কৰা ব্যক্তিসকলৰ অন্যতম।

ৰহনাৱৰ্দে ১৯৯৮ চনৰ পৰা ২০০৬ চনলৈ তেহৰাণৰ আলজহৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে আৰু ইৰানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ খাতামীৰ ৰাজনৈতিক উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৬ ১৯৭৯ চনৰ ইৰান বিপ্লৱৰ পিছত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্ত হোৱা তেওঁ প্ৰথমগৰাকী ইৰানীয়ান মহিলা আছিল। তেওঁৰ নামটো এই পদৰ বাবে প্ৰাক্তন বিজ্ঞান, গৱেষণা আৰু প্ৰযুক্তি মন্ত্ৰী মুস্তাফা মইনৰ দ্বাৰা প্ৰস্তাৱ কৰা হৈছিল।৭

২০০৫ চনত ৰাষ্ট্ৰপতি মামুদ আহমদিনেজাদ নিৰ্বাচিত হোৱাৰ পিছত আৰু চৰকাৰৰ পৰা সংস্কাৰবাদীসকলক অপসাৰণ কৰাৰ ফলত ২০০৬ চনত ৰহনাৱৰ্দক আলজহৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদৰ পৰা আঁতৰোৱা হয় আৰু তেওঁৰ ঠাইত মেহবুবা মোবাশ্বেৰীক নিযুক্তি দিয়া হয়।৮

১৯৮৯ চনত স্থাপিত মহিলা সামাজিক আৰু সাংস্কৃতিক পৰিষদৰ মুৰব্বী হিচাপে ৰহনাৱৰ্দে চৰকাৰী সমিতি সমূহত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ বাবে আহ্বান জনাইছিল। তেওঁ মহিলাৰ সামাজিক আৰু নাগৰিক অধিকাৰৰ ক্ষেত্ৰত চৰকাৰী নীতিসমূহকো সমালোচনা কৰিছিল।

তেওঁ ২০০৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁৰ স্বামী মীৰ-হোছেইন মৌচাভীৰ নিৰ্বাচনী প্ৰচাৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ৰহনাৱৰ্দ গ্ৰীন পাথ অফ হোপৰ অন্যতম সদস্য আৰু বিৰোধী দলৰ এগৰাকী প্ৰমুখ ব্যক্তি হিচাপে বিবেচিত। তেওঁ এতিয়ালৈকে ১৫খন গ্ৰন্থ ৰচনা কৰিছে।

২০১১ চনৰ ফেব্ৰুৱাৰী মাহত গ্ৰীন মুভমেণ্টৰ প্ৰতিবাদৰ পিছত জহৰা ৰহনাৱৰ্দ আৰু তেওঁৰ স্বামী মৌচাভীক নিৰাপত্তা বাহিনীয়ে গৃহবন্দী কৰে আৰু তেওঁলোকৰ সকলো যোগাযোগ বিচ্ছিন্ন কৰি দিয়ে।৯

ব্যক্তিগত জীৱন

ৰহনাৱৰ্দ ইৰানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মীৰ-হোছেইন মৌচাভীৰ পত্নী। তেওঁলোকৰ তিনিগৰাকী কন্যা সন্তান আছে: কওকাব, নৰ্গিছ আৰু জহৰা। তেওঁ আৰু মৌচাভীয়ে ১৯৬৯ চনৰ ১৮ ছেপ্টেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল। বৰ্তমান তেওঁলোক গৃহবন্দী হৈ আছে।

তথ্যসূত্ৰ

  1. ↑ (2010). Zahra Rahnavard - O Magazine 2010 Power List. Oprah
  2. ↑ (19 August 2015). Zahra Rahnavard: The Story of a Career. Tavaana
  3. ↑ Rahnavard, Zahra · Encyclopedia of Women Social Reformers - Credo Reference. search.credoreference.com
  4. ↑ (6 May 2009). بیوگرافی زهرا رهنورد. Yazd Farda
  5. ↑ Alavi, Nasrin. (2 June 2009). Iran: a blind leap of faith. Open Democracy
  6. ↑ Torfeh, Massoumeh. (5 May 2009). Iran's first lady?. The Guardian
  7. ↑ (23 September 1998). Zahra Rahnavard named university chancellor in Tehran
  8. ↑ Rahnavard, Zahra · Encyclopedia of Women Social Reformers - Credo Reference. search.credoreference.com
  9. ↑ (11 February 2013). Iranian Authorities Arrest Opposition Leader's Daughters. Updated News. Reuters

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জহৰা ৰহনাৱৰ্দ” প্ৰবন্ধৰ সংশোধন ৬৩৪৬২৯ (৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।