অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নাৰ্গেছ মহম্মদী

নাৰ্গেছ মহম্মদী (Narges Mohammadi; জন্ম: ২১ এপ্ৰিল ১৯৭২) এজন ইৰানী মানৱ অধিকাৰ কৰ্মী আৰু শান্তিৰ নোবেল বঁটা বিজয়ী। বৰ্তমান তেওঁ শান্তিৰ নোবেল বঁটা বিজয়ী শ্বিৰিন এবাডীৰ নেতৃত্বত গঠিত ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটছ চেণ্টাৰ (মানৱ অধিকাৰ ৰক্ষক কেন্দ্ৰ) চমুকৈ DHRCৰ উপ-সভানেত্ৰী।

হালনাগাদ: ২ আগষ্ট ২০২৫ ১,১৩৮ শব্দ · ৬ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

নাৰ্গেছ মহম্মদী (Narges Mohammadi; জন্ম: ২১ এপ্ৰিল ১৯৭২) এজন ইৰানী মানৱ অধিকাৰ কৰ্মী আৰু শান্তিৰ ন'বেল বঁটা বিজয়ী। বৰ্তমান তেওঁ শান্তিৰ নোবেল বঁটা বিজয়ী শ্বিৰিন এবাডীৰ নেতৃত্বত গঠিত ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটছ চেণ্টাৰ (মানৱ অধিকাৰ ৰক্ষক কেন্দ্ৰ) চমুকৈ DHRCৰ উপ-সভানেত্ৰী।১ তেওঁ ইৰানত হিজাবৰ বিৰুদ্ধে গণ নাৰীবাদী নাগৰিক অবাধ্যতাৰ কণ্ঠস্বৰৰ প্ৰতীক আৰু ২০২৩ চনৰ হিজাব আৰু সতীত্ব কাৰ্যসূচীৰ সমালোচক।২৩ ২০১৬ চনৰ মে' মাহত তেহৰাণত "মৃত্যদণ্ড বিলুপ্ত কৰাৰ বাবে প্ৰচাৰ চলোৱা মানৱ অধিকাৰ আন্দোলন" আৰম্ভ কৰা আৰু ইয়াক চলাই নিয়াৰ বাবে নাৰ্গেছ মহম্মদীক ১৬ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।৪ তেওঁক ২০২০ চনত মুকলি কৰি দিয়া হয় যদিও ২০২১ চনত পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। তেতিয়াৰ পৰাই তেওঁ ইৰানত আটক কৰা মহিলাসকলৰ ওপৰত চলোৱা নিৰ্যাতন আৰু এককভাৱে বন্দী কৰাৰ প্ৰতিবেদন প্ৰস্তুত কৰি আহিছে।

২০২৩ চনৰ অক্টোবৰ মাহত কাৰাগাৰত কাৰাবন্দী হৈ থকা সময়ত তেওঁক "ইৰানৰ নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া আৰু সকলোৰে বাবে মানৱ অধিকাৰ আৰু স্বাধীনতা প্ৰসাৰৰ বাবে কৰা যুঁজৰ বাবে" ২০২৩ চনৰ শান্তিৰ ন'বেল বঁটাৰে সন্মানিত কৰা হয়।৫৬ ইৰানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মহম্মদীক এই বঁটা প্ৰদান কৰা সিদ্ধান্তক গৰিহণা দিছে।৭

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৭২ চনৰ ২১ এপ্ৰিল তাৰিখে ইৰানৰ জঞ্জানত ইৰানী আজাৰবাইজানী পৰিয়ালত৮ নাৰ্গেছ মহম্মদীৰ জন্ম হৈছিল।৯ তেওঁ ইৰানৰ কোৰ্ৱে, কাৰাজ আৰু অছনাভিয়েহ চহৰত ডাঙৰ-দীঘল হৈছিল।১০ তেওঁ ইমাম খোমেইনী আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ এগৰাকী পেছাদাৰী অভিযন্তা হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰে। বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত তেওঁ শিক্ষাৰ্থীৰ বাতৰি-কাকতত মহিলাৰ অধিকাৰৰ সমৰ্থনত প্ৰবন্ধ লিখিছিল। তেওঁ ৰাজনৈতিক শিক্ষাৰ্থী গোট তাছককোল দানেশজুয়ি ৰোশংগাৰণ ("আলোকিত শিক্ষাৰ্থী গোট")ৰ দুখন সভাত গ্ৰেপ্তাৰ হৈছিল।৮১১ তেওঁ পৰ্বতাৰোহণ গোটতো সক্ৰিয় আছিল যদিও পিছলৈ ৰাজনৈতিক কাৰ্যকলাপৰ বাবে তেওঁক আৰোহণত যোগদান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হয়।৮

মহম্মদীয়ে কেইবাখনো সংস্কাৰবাদী কাকতৰ সাংবাদিক হিচাপে কাম কৰে আৰু 'দা ৰিফৰ্মছ, দা ষ্ট্ৰেটেজী এণ্ড টেকটিছ' নামৰ ৰাজনৈতিক ৰচনাৰ এখন কিতাপ প্ৰকাশ কৰে।১১ ২০০৩ চনত তেওঁ ন'বেল বঁটা বিজয়ী শ্বিৰিন এবাদীৰ নেতৃত্বত ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটছ চেণ্টাৰ (DHRC)ত যোগদান কৰে।৮ পিছলৈ তেওঁ এই সংস্থাৰ উপ-সভাপতি হয়।১

১৯৯৯ চনত তেওঁ সহযোগী সংস্কাৰ সমৰ্থক সাংবাদিক তাঘী ৰহমানীৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু অতি সোনকালেই তেওঁক প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হয়।৮১১ ১৪ বছৰৰ কাৰাদণ্ড ভুগি ২০১২ চনত তাঘী ৰহমানীয়ে ফ্ৰান্সলৈ গুচি যায় আৰু নাৰ্গেছ মহম্মদীয়ে তেওঁৰ মানৱ অধিকাৰৰ হকে মাত মতাৰ কাম অব্যাহত ৰাখে।১ তেওঁলোকৰ এহাল যমজ সন্তান আছে।৮১

কাৰাবাস

১৯৯৮ চনত ইৰান চৰকাৰৰ সমালোচনাৰ বাবে নাৰ্গেছ মহম্মদীক প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁ এবছৰ কাৰাগাৰত কটাবলগীয়া হয়।১১ ২০১০ চনৰ এপ্ৰিল মাহত ডি এইচ আৰ চিৰ সদস্যপদৰ বাবে ইছলামিক বিপ্লৱী আদালতলৈ তেওঁক তলব কৰা হৈছিল। ৫০,০০০ মাৰ্কিন ডলাৰৰ জামিনত তেওঁক কিছু সময়ৰ বাবে মুকলি কৰি দিয়া হয়। যদিও কিছুদিনৰ পিছত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয় আৰু ইভিন কাৰাগাৰত ৰখা হয়।৮১২ জিম্মাত থকাৰ সময়ত মহম্মদীৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু তেওঁৰ মৃগীৰোগ সদৃশ ৰোগ হৈছিল। ৰোগৰ বাবে তেওঁৰ মাজে মাজে পেশীৰ নিয়ন্ত্ৰণ হেৰুৱাবলগীয়া হৈছিল। এমাহৰ পিছত তেওঁক মুকলি কৰি দিয়া হয় আৰু চিকিৎসাৰ বাবে অনুমতি দিয়া হয়।১২

২০১১ চনৰ জুলাই মাহত মহম্মদীৰ বিৰুদ্ধে পুনৰ গোচৰ চলোৱা হয়৮ আৰু "ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিৰুদ্ধে কাম কৰা, ডি এইচ আৰ চিৰ সদস্যপদ আৰু শাসন ব্যৱস্থাৰ বিৰুদ্ধে অপপ্ৰচাৰৰ" অপৰাধৰ দোষী সাব্যস্ত কৰা হয়।১২ ছেপ্টেম্বৰ মাহত তেওঁক ১১ বছৰৰ কাৰাদণ্ড বিহা হয়। মহম্মদীয়ে কয় যে তেওঁ এই ৰায়দানৰ বিষয়ে কেৱল তেওঁৰ অধিবক্তাৰ জৰিয়তেহে জানিব পাৰিছিল। তেওঁক আদালতে জাৰি কৰা ২৩ পৃষ্ঠাৰ অভূতপূৰ্ব ৰায়দান দিয়া হৈছিল। এই ৰায়দান্ত বাৰে বাৰে তেওঁৰ মানৱ অধিকাৰ কাৰ্য্যকলাপক শাসন ব্যৱস্থাক ওফৰাই পেলোৱাৰ প্ৰচেষ্টাৰ সৈতে তুলনা কৰিছিল।" ১২ মাৰ্চ মাহত ২০১২ চনত আপীল আদালতে এই শাস্তি সমৰ্থন কৰে যদিও ইয়াক ছয় বছৰলৈ হ্ৰাস কৰা হয়।১৩ ২৬ এপ্ৰিলত শাস্তি আৰম্ভ কৰিবলৈ তেওঁক গ্ৰেপ্তাৰ কৰা হয়।১

ব্ৰিটিছ বৈদেশিক কাৰ্যালয়ে এই শাস্তিৰ প্ৰতিবাদ কৰিছিল আৰু ইয়াক "ইৰানী কৰ্তৃপক্ষই সাহসী মানৱ অধিকাৰ ৰক্ষাকাৰীসকলক নীৰৱ কৰাৰ প্ৰচেষ্টাৰ আন এক দুখজনক উদাহৰণ" বুলি অভিহিত কৰিছিল।১২ এম্নেষ্টী ইণ্টাৰনেশ্যনেলে তেওঁক বিবেকৰ বন্দী বুলি ঘোষণা কৰি তৎকালীনভাৱে মুক্তিৰ আহ্বান জনায়।১৪ ৰিপ'ৰ্টাৰ্ছ উইদাউট বৰ্ডাৰছে ইভিন কাৰাগাৰত ফটোগ্ৰাফাৰ জাহৰা কাজেমীৰ মৃত্যুৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে মহম্মদীৰ হৈ আবেদন জনাই কয় যে মহম্মদীৰ জীৱন "বিশেষ বিপদত" পৰা বন্দী।১৫ ২০১২ চনৰ জুলাই মাহত আমেৰিকাৰ চিনেটৰ মাৰ্ক কাৰ্ক, কানাডাৰ প্ৰাক্তন এটৰ্নী জেনেৰেল ইৰউইন কটলাৰ, ব্ৰিটেইনৰ সাংসদ ডেনিছ মেকশ্বেন, অষ্ট্ৰেলিয়াৰ সাংসদ মাইকেল ডেনবি, ইটালীৰ সাংসদ ফিয়ামা নিৰেনষ্টেইন আৰু লিথুৱেনিয়াৰ সাংসদ ইমানুৱেলিছ জিংগেৰিছ আদিকে ধৰি এটা আন্তঃৰাষ্ট্ৰীয় সাংসদৰ গোটে তেখেতৰ মুক্তিৰ বাবে আহ্বান জনায়।১৬ ২০১২ চনৰ ৩১ জুলাইত মহম্মদীয়ে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে।১৭

২০১৪ চনৰ ৩১ অক্টোবৰত মহম্মদীয়ে চত্তাৰ বেহেষ্টীৰ সমাধিস্থলত ভাষণ দি কয়, "কেনেকৈ সংসদৰ সদস্যসকলে গুণৰ প্ৰসাৰ আৰু কু-অভ্যাস প্ৰতিৰোধৰ পৰিকল্পনাৰ পৰামৰ্শ আগবঢ়াইছে, কিন্তু দুবছৰ আগতে যেতিয়া এজন নিৰীহ ব্যক্তি চত্তাৰ বেহেষ্টী নামৰ মানুহগৰাকীয়ে জেৰাকাৰীৰ হাতত নিৰ্যাতনৰ মৃত্যুক সাৱটি লোৱাত কোনেও মাত মতা নাছিল?" তেওঁৰ ভাষণৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়া নেটৱৰ্কত দ্ৰুতগতিত ভাইৰেল হৈ পৰে। ফলত ইভিন কাৰাগাৰ আদালতে তেওঁক চমন কৰে।

২০১৪ চনৰ ৫ নৱেম্বৰত পোৱা চমনত কোৱা হৈছে যে মই নিজকে ‘অভিযোগৰ বাবে’ আদালতত উপস্থিত হ'ব লাগিব, কিন্তু এই অভিযোগসমূহৰ বিষয়ে আৰু কোনো ব্যাখ্যা নাই।১৮
— নাৰ্গেছ মহম্মদী

২০১৫ চনৰ ৫ মে' তাৰিখে নতুন অভিযোগৰ ভিত্তিত মহম্মদীক পুনৰ গ্ৰেপ্তাৰ কৰা হয়।১৯ বিপ্লৱী আদালতৰ ১৫ নং শাখাই লেগামৰ (মৃত্যুদণ্ডৰ শাস্তি পদক্ৰমে বিলুপ্তিৰ অভিযান) বিষয়ে উল্লেখ কৰি "এটা অবৈধ গোট প্ৰতিষ্ঠা কৰা"ৰ অভিযোগত দহ বছৰৰ কাৰাদণ্ড, "ৰাষ্ট্ৰীয় বিৰুদ্ধে সমাৱেশ আৰু গোপন বুজাবুজি"ৰ বাবে পাঁচ বছৰৰ কাৰাদণ্ড বিহে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰ আৰু ২০১৪ চনৰ মাৰ্চ মাহত ইউৰোপিয়ান ইউনিয়নৰ তেতিয়াৰ বৈদেশিক পৰিক্ৰমা আৰু নিৰাপত্তা নীতিৰ উচ্চ প্ৰতিনিধি কেথেৰিন এষ্টনৰ সৈতে হোৱা বৈঠকৰ বাবে "ব্যৱস্থাৰ বিৰুদ্ধে অপপ্ৰচাৰ"ৰ বাবে তেওঁক আৰু এবছৰ কাৰদণ্ড বিহা হয়।২০ ২০১৯ চনৰ জানুৱাৰী মাহত মহম্মদীয়ে চিকিৎসা সেৱাৰ সুবিধাৰ পৰা বঞ্চিত হোৱাৰ প্ৰতিবাদত ইভিন কাৰাগাৰত বন্দী ব্ৰিটিছ-ইৰানী নাগৰিক নাজানিন জাঘাৰী-ৰেটক্লিফৰ সৈতে অনশন আৰম্ভ কৰে।২১ ২০২০ চনৰ জুলাই মাহত তেওঁৰ দেহত কৰ'নাভাইৰাছ ৰোগ ২০১৯ৰ সংক্ৰমণৰ লক্ষণ দেখা গৈছিল আৰু আগষ্ট মাহৰ ভিতৰত তেওকঁ সুস্থ হোৱা যেন দেখা গৈছিল।২২ ২০২০ চনৰ ৮ অক্টোবৰত মহম্মদীয়ে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে।২৩

২০২১ চনৰ মাৰ্চ মাহত মহম্মদীয়ে ইৰানত মৃত্যুদণ্ডৰ ওপৰত ইৰান মানৱ অধিকাৰৰ বাৰ্ষিক প্ৰতিবেদনৰ প্ৰস্তাৱনাত লিখিছিল:

যোৱা এটা বছৰত নভিদ আফকাৰী আৰু ৰুহোল্লাহ জামৰ দৰে লোকৰ ফাঁচী, ইৰানত আটাইতকৈ অস্পষ্ট ফাঁচী। আহমদ্ৰেজা জালালিৰ মৃত্যুদণ্ড জাৰি কৰাটো অন্যতম ভুল শাস্তি আৰু এই মৃত্যুদণ্ড জাৰি কৰাৰ কাৰণসমূহ ভালদৰে পৰীক্ষা কৰাটো প্ৰয়োজন। এই লোকসকলক একক কাৰাগাৰত বন্দী কৰি ভয়ংকৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হোৱাৰ পিছত মৃত্যুদণ্ডৰ শাস্তি দিয়া হৈছে, সেইবাবেই মই ন্যায়িক প্ৰক্ৰিয়াটোক ন্যায্য বা ন্যায়সংগত বুলি নাভাবো; মই দেখিছোঁ যে প্ৰতিবাদকাৰীসকলক একক কাৰাগাৰত ৰখা হৈছে, তেওঁলোকক অসত্য আৰু মিছা স্বীকাৰোক্তি দিবলৈ বাধ্য কৰা হৈছে, যিবোৰ এই শাস্তি প্ৰদানৰ মূল প্ৰমাণ হিচাপে ব্যৱহাৰ কৰা হয়। সেইবাবেই শেহতীয়াকৈ ছিস্তান, বেলুচিস্তান আৰু কুৰ্দিস্তানত হোৱা গ্ৰেপ্তাৰক লৈ মই বিশেষভাৱে চিন্তিত, আৰু আশা কৰিছো যে মৃত্যুদণ্ড বিৰোধী সংগঠনসমূহে বন্দীসকলৰ প্ৰতি বিশেষ গুৰুত্ব দিব কাৰণ আগন্তুক বছৰত আমি ফাঁচীৰ আন এক ঢৌৰ সন্মুখীন হ’ম বুলি মোৰ আশংকা আছে।
— নাৰ্গেছ মহম্মদী: মৃত্যুদণ্ডৰ হিংসা যুদ্ধতকৈ বেয়া", ইৰান মানৱ অধিকাৰ, ৩০ মাৰ্চ ২০২১, ১০ এপ্ৰিল ২০২১ তাৰিখে আহৰণ কৰা হৈছে

২০২১ চনৰ মে' মাহত তেহৰাণৰ ক্ৰিমিনেল কোৰ্ট টুৰ ১১৮৮ নং শাখাই মহম্মদীক "ব্যৱস্থাৰ বিৰুদ্ধে অপপ্ৰচাৰ বিয়পোৱা"কে ধৰি অভিযোগত ডেৰ-দুবছৰ কাৰাদণ্ড, ৮০টা কোব আৰু দুটা পৃথক জৰিমনা বিহা হয়। চাৰি মাহৰ পাছত এই শাস্তি ভুগিবলৈ আৰম্ভ কৰিবলৈ তেওঁ চমন লাভ কৰিছিল। তেওঁ এই চমনৰ উত্তৰ দিয়া নাছিল কাৰণ তেওঁ দোষী সাব্যস্ত হোৱাটোক অন্যায় বুলি গণ্য কৰিছিল।২৪

২০২১ চনৰ ১৬ নৱেম্বৰ তাৰিখে ২০১৯ চনৰ নৱেম্বৰ মাহত ইৰানৰ নিৰাপত্তা বাহিনীয়ে দেশজোৰা প্ৰতিবাদৰ সময়ত নিহত ইব্ৰাহিম কেটাবদাৰৰ স্মৃতিসৌধত অংশগ্ৰহণ কৰি থকা অৱস্থাত আলবৰ্জৰ কাৰাজত মহম্মদীক গ্ৰেপ্তাৰ কৰা হয়।২৫ তেওঁৰ গ্ৰেপ্তাৰক এম্নেষ্টী ইণ্টাৰনেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ফেডাৰেচন ফৰ হিউমেন ৰাইটছে স্বেচ্ছাচাৰী বুলি গৰিহণা দিয়ে।২৪২৬

২০২২ চনৰ ডিচেম্বৰ মাহত মাহছা আমিনিৰ প্ৰতিবাদৰ সময়ত বিবিচিয়ে মহম্মদীৰ এটা প্ৰতিবেদন প্ৰকাশ কৰে য'ত আটক কৰা মহিলাসকলৰ যৌন আৰু শাৰীৰিক নিৰ্যাতনৰ বিশদ বিৱৰণ দিয়া হয়।২৭ ২০২৩ চনৰ জানুৱাৰী মাহত তেওঁ কাৰাগাৰৰ পৰা ইভিন কাৰাগাৰৰ মহিলাসকলৰ অৱস্থাৰ বিশদ বিৱৰণ দিছিল। এই বিৱৰণত ৫৮ গৰাকী কয়দীৰ তালিকা আৰু তেওঁলোকে কৰা জেৰা প্ৰক্ৰিয়া আৰু নিৰ্যাতনৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছিল।২৮ ইয়াৰে ৫৭ গৰাকী মহিলাই মুঠ ৮৩৫০ দিন একক বন্দীত্বত কটাবলগীয়া হৈছে।২৯ ইয়াৰে ৫৬ গৰাকী মহিলাক মুঠ ৩৩০০ মাহৰ কাৰাদণ্ড বিহা হৈছে।৩০

মহম্মদীয়ে একক বন্দীত্বৰ স্পষ্ট সমালোচক হিচাপে ২০২২ চনত লিখা একে নামৰ কিতাপখনত ইয়াক "শ্বেত নিৰ্যাতন" বুলি অভিহিত কৰিছে।৩১ ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত মেহদী ইয়াৰাহীক প্ৰতিবাদী গীত ৰুছাৰিটোৰ বাবে গ্ৰেপ্তাৰ কৰাৰ পিছত মহম্মদীয়ে তেওঁক সমৰ্থন কৰিছিল।৩২

বঁটা আৰু সন্মান

মানৱ অধিকাৰৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁ বহুতো বঁটা আৰু সন্মান লাভ কৰিছে।

  • ২০০৯: শান্তি কৰ্মী আলেকজেণ্ডাৰ লেংগাৰৰ নামেৰে নামকৰণ কৰা আলেকজেণ্ডাৰ লেংগাৰ বঁটা। এই বঁটাৰ বাবে ১০,০০০ ইউৰো ধনৰাশি লাভ কৰিছিল।১১
  • ২০১১: পাৰ এংগাৰ প্ৰাইজ, ছুইডেন চৰকাৰৰ মানৱ অধিকাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় বঁটা৩৩
  • ২০১৬: ৱাইমাৰ মানৱ অধিকাৰ বঁটা৩৪
  • ২০১৮: আমেৰিকান ফিজিকেল ছ'চাইটিৰ পৰা আন্দ্ৰেই ছাখাৰভ বঁটা৩৫
  • ২০২২: বিবিচিৰ ১০০ গৰাকী প্ৰেৰণাদায়ক আৰু প্ৰভাৱশালী মহিলাৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি৩৬
  • ২০২৩: ছুইডিছ অলফ পালমে ফাউণ্ডেচনৰ পৰা মাৰ্টা চুমালো আৰু ইৰেন কেস্কিনৰ সৈতে যৌথভাৱে অলফ পালমে বঁটা৩৭
  • ২০২৩: পেন/বাৰ্বে ফ্ৰিডম টু ৰাইট বঁটা৩৮
  • ২০২৩: ইলাহেহ মহম্মদী আৰু নিলুফাৰ হামেদিৰ সৈতে যৌথভাৱে ইউনেস্কো/গুইলাৰমো কেন' বিশ্ব সংবাদ স্বাধীনতা বঁটা৩৯
  • ২০২৩: "ইৰানৰ নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া আৰু সকলোৰে বাবে মানৱ অধিকাৰ আৰু স্বাধীনতা প্ৰসাৰৰ বাবে কৰা যুঁজৰ বাবে" শান্তিৰ ন'বেল বঁটা৪০৪১

২০১০ চনত শান্তিৰ নোবেল বিজয়ী শ্বিৰিন এবাদীয়ে ফেলিক্স এৰমাকোৰা মানৱ অধিকাৰ বঁটা লাভ কৰোঁতে তেওঁ সেই বঁটা মহম্মদীৰ বাবে উৎসৰ্গা কৰিছিল। এবাদীয়ে কৈছিল যে "এই সাহসী মহিলাগৰাকী [নাৰ্গেছ মহম্মদী] মোতকৈ অধিক এই বঁটাৰ যোগ্য।" ৪২

প্ৰকাশন

  • White Torture: Interviews with Iranian Women Prisoners. OneWorld Publications, 2022.

তথ্যসূত্ৰ

  1. ↑ Saeed Kamali Dehghan. (26 April 2012). Iranian human rights activist Narges Mohammadi arrested. The Guardian
  2. ↑ نرگس محمدی: قدرت امتناع زنان، قدرت استبداد را درهم شکسته است. Deutsche Welle
  3. ↑ (13 April 2023). نرگس محمدی: زنان و مبارزه با حجاب اجباری، راهبرد پایان دادن به جمهوری اسلامی هستند. BBC Persian
  4. ↑ Saeed Kamali Dehghan. (24 May 2016). UN condemns 16-year jail sentence for Iranian activist Narges Mohammadi. The Guardian
  5. ↑ (2023-10-06). Nå blir det klart hvem som får Nobels fredspris 2023. www.aftenposten.no
  6. ↑ (6 October 2023). Iran's jailed rights advocate Narges Mohammadi wins 2023 Nobel Peace Prize. Al Jazeera
  7. ↑ (7 October 2023). Spokesman Raps Political Move to Award Nobel Peace Prize to Iranian Convict – Politics news. Tasnim News Agency. tasnimnews.com
  8. ↑ Muhammad Sahimi. (10 May 2012). Nationalist, Religious, and Resolute: Narges Mohammadi. PBS
  9. ↑ (6 October 2023). Iranian Peace laureate Mohammadi: 'lioness' locked up for challenging Tehran. Reuters
  10. ↑ (6 October 2023). Iranian human rights activist Narges Mohammadi gets Nobel Peace Prize. sawtbeirut.com
  11. ↑ (18 June 2009). Narges Mohammadi, from Iran, recep of the international Alexander Langer award 2009. Alexander Langer Foundation
  12. ↑ Saeed Kamali Dehghan. (28 September 2011). Iranian activist Narges Mohammadi jailed for 11 years. The Guardian
  13. ↑ Saeed Kamali Dehghan. (7 March 2012). Iran steps up crackdown on journalists and activists. The Guardian
  14. ↑ (30 April 2012). Urgent Action: human rights Defender imprisoned. Amnesty International
  15. ↑ (10 July 2012). Lives of several imprisoned journalists and netizens in danger. Reporters Without Borders
  16. ↑ (26 July 2012). International Lawmakers Call on Iran to Release Narges Mohammadi. kirk.senate.gov
  17. ↑ Iran: List of human rights defenders behind bars. Worldwide Movement for Human Rights
  18. ↑ Iran: Judicial Harassment of Human Rights Activist Narges Mohammadi. www.gc4hr.org
  19. ↑ Erdbrink, Thomas. (5 May 2015). Iran Arrests Prominent Rights Activist. The New York Times
  20. ↑ (12 November 2020). Iran Human Rights Defenders Report. Iran Human Rights
  21. ↑ (3 January 2019). Zaghari-Ratcliffe to go on hunger strike in Iranian jail. The Irish Times
  22. ↑ (8 October 2020). Iran frees activist Narges Mohammadi, cuts her sentence. Deutsche Welle
  23. ↑ (8 October 2020). Iran frees prominent rights activist, news agency reports. Reuters
  24. ↑ (18 November 2021). Iran: Release arbitrarily detained rights activist at imminent risk of flogging. Amnesty International
  25. ↑ Sinaee, Maryam. (6 October 2023). Prominent Rights Activist To Receive Lashes, Serve Time After Her Arrest. Iran International
  26. ↑ (19 November 2021). IRAN: Narges Mohammadi back in prison to serve her 30 months prison sentence. International Federation for Human Rights
  27. ↑ Greenall, Robert. (24 December 2022). Iran protests: Activist Narges Mohammadi details 'abuse' of detained women. BBC News
  28. ↑ (6 October 2023). Jailed Rights Activists Recounts Ordeal Of Women In Evin Prison. Iran International
  29. ↑ (6 October 2023). Released Female Detainees Chant Anti-Regime Slogans In Front Of Evin Prison. Iran International
  30. ↑ Narges Mohammadi. IRAN-PROTESTS.com
  31. ↑ Mohammadi, Narges. (November 2022). White Torture: Interviews with Iranian Women Prisoners. OneWorld Publications. ISBN 9780861545513
  32. ↑ (6 October 2023). نرگس محمدی: مهدی یراحی با ترانه‌اش دسیسه وحشت استبداد دینی را بر سر حکومت آوار کرد. Iran International
  33. ↑ 2011: Narges Mohammadi. Forum för Levande Historia
  34. ↑ (2016-12-11). Iran: Human rights prize awarded to Iranian woman, Nargess Mohammadi. NCRI Women Committee
  35. ↑ (2018). 2018 Andrei Sakharov Prize Recipient. American Physical Society
  36. ↑ (6 December 2022). BBC 100 Women 2022: Who is on the list this year?
  37. ↑ 2023 – Marta Chumalo, Eren Keskin and Narges Mohammade · OLOF PALMES MINNESFOND. palmefonden.se
  38. ↑ Italie, Hillel. (2023-05-15). Imprisoned Iranian activist Narges Mohammadi to receive PEN America's Freedom to Write Award. AP News
  39. ↑ Three imprisoned Iranian women journalists awarded 2023 UNESCO/Guillermo Cano World Press Freedom Prize. UNESCO
  40. ↑ Fouche, Gwladys; Little, Tom. (6 October 2023). Jailed Iranian activist Narges Mohammadi wins 2023 Nobel Peace Prize. Reuters
  41. ↑ (8 October 2023). حمایت از زنان ایران در ادامه واکنش‌های گسترده و جهانی به نوبل صلح نرگس محمدی
  42. ↑ (June 16, 2010). Iranian Nobel Laureate Dedicates Prize To Jailed Colleague. Radio Free Europe

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিমানৱ অধিকাৰ কৰ্মীশান্তিৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰ্গেছ মহম্মদী” প্ৰবন্ধৰ সংশোধন ৫২৯৭৭০ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।