অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইব্ৰাহিম

ইব্ৰাহিম বা ইব্ৰাহীম, সম্মানাৰ্থত হজৰত ইব্ৰাহিম (আঃ) (ابراهيم, אַבְרָהָם) তোৰাহ অনুসৰি আব্ৰাহাম (Abraham) (আনুমানিক জন্ম: ১৯০০ খৃষ্টপূৰ্বৰ পৰা ১৮৬১ খৃষ্ট পূৰ্বলৈ – মৃত্যু: ১৮১৪ খৃষ্টপূৰ্বৰ পৰা ১৭১৬ খৃষ্ট পূৰ্বলৈ), ইছলাম ধৰ্মৰ এজন গুৰুত্বপূৰ্ণ নবী আৰু ৰাছুল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ইব্ৰাহিম বা ইব্ৰাহীম, সম্মানাৰ্থত হজৰত ইব্ৰাহিম (আঃ) (ابراهيم, אַבְרָהָם) তোৰাহ অনুসৰি আব্ৰাহাম (Abraham) (আনুমানিক জন্ম: ১৯০০ খৃষ্টপূৰ্বৰ পৰা ১৮৬১ খৃষ্ট পূৰ্বলৈ – মৃত্যু: ১৮১৪ খৃষ্টপূৰ্বৰ পৰা ১৭১৬ খৃষ্ট পূৰ্বলৈ), ইছলাম ধৰ্মৰ এজন গুৰুত্বপূৰ্ণ নবী আৰু ৰাছুল।১ কা'বুল আহবাৰৰ মতে তেখেত ১৯৫ বছৰ জীৱিত২ আছিল। সৃষ্টিকৰ্তাৰ প্ৰতি তেখেতৰ দৃঢ় বিশ্বাসৰ ফলত সৃষ্টিকৰ্তাই তেখেতক সৰ্ৱকালৰ সকলো জাতিৰ নেতা বনোৱাৰ প্ৰতিজ্ঞা কৰিছে।৩ ইছলামত তেখেতৰ কাৰ্যক্ৰমক স্মৰণ কৰি ঈদ-উল-জুহা পালিত হয়। ইব্ৰাহিম আৰু তেখেতৰ শিশুপুত্ৰ ইছমাইলে ইছলামত কোৰবাণী৪, হজ্জ প্ৰতিষ্ঠা কৰে যিটো বৰ্তমানৰ মুছলিমৰ দ্বাৰাও পালিত হয়। উল্লেখ্য যে কোৰবাণী প্ৰথা আদম (আঃ) সময়ৰ পৰাই আৰম্ভ হৈছে বুলি মুছলিম সকলে বিশ্বাস কৰে।

ইব্ৰাহিম (আঃ)ৰ কবৰ
ইব্ৰাহিম (আঃ)ৰ কবৰছবি: محمد الفلسطيني · CC BY-SA 3.0

জন্ম আৰু বংশ পৰিচয়

তেখেতৰ পিতাৰ নাম আযৰ। তেখেতৰ স্ত্ৰীৰ নাম ছাৰা। তেখেতৰ চাৰিজন পুত্ৰ আছিল: ইছমাইল (Ishmael), ইছহাক (Isaac), মাদয়ান আৰু মাদায়েন। মতান্তৰে, তেখেতৰ ৬-১২জন পুত্ৰ আছিল।২

আকাশী কিতাপ

ইছলাম ধৰ্মমতে, নবী ইব্ৰাহিমৰ [আঃ] ওপৰত ২০খন ছহীফা অৱতীৰ্ণ হয়।২

অন্যান্য

ইছলাম ধৰ্মমতে তেখেতেই প্ৰথম মিছওৱাক কৰে, প্ৰস্ৰাৱৰ পাছত পানীৰ দ্বাৰা পৰিষ্কাৰ হয়, খৎনা কৰে, হালুয়া তৈয়াৰ কৰে আৰু মেহমানদাৰিৰ প্ৰচলন কৰে।২

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Siddiqui, Mona. Ibrahim – the Muslim view of Abraham. Religions. BBC
  2. ↑ ফক্বীহ আবুল লাইছ ছমৰকন্দী (ৰহঃ). বুস্তানুল আ'ৰেফীন. হামিদিয়া লাইব্ৰেৰি লিঃ
  3. ↑ কোৰআন. পৃ. ২:১২৪
  4. ↑ কোৰআন. পৃ. ২:১২৮

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইব্ৰাহিম” প্ৰবন্ধৰ সংশোধন ৩৮০১১০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।