ইছলাম ধৰ্ম
১৮১ প্ৰবন্ধ
-
তাওহিদ
তাওহিদ শব্দটো আৰবী ‘ওয়াহাদা’ ক্ৰিয়া মূলৰ পৰা গৃহীত, যাৰ অৰ্থ ‘এক হোৱা’, ‘একক হোৱা’ বা ‘অতুলনীয় হোৱা’, তাওহিদৰ অৰ্থ ‘এক কৰা’, ‘একত্বৰ ঘোষণা দিয়া’ বা ‘একত্বত বিশ্বাস কৰা’। তাওহিদ বা তাওহীদে (আৰবী ভাষাত توحيد) ইছলাম ধৰ্মত এক আল্লাহৰ ধাৰণাক বুজায়।। তাওহিদ শব্দৰ অৰ্থ একত্ববাদ।
-
হজৰত
হজৰত (Ḥaḍrah, حضرة; বা Hazret বা Hazrat) হ'ল সম্মানসূচক আৰবী উপাধি। ইয়াৰ শাব্দিক অৰ্থ "উপস্থিত"। উচ্চ মৰ্যদা ব্যক্তিসকলৰ ক্ষেত্ৰত ব্যৱহৃত পশ্চিমা সম্মানসূচক উপাধি যেনেকৈ "Your Honour" (বিচাৰসকলৰ বাবে), "His Majesty" (ৰাজকীয় ব্যক্তিৰ বাবে) বা "His Holiness" (ধৰ্মীয় ব্যক্তিৰ বাবে) নামৰ উপাধিৰ সৈতে…
-
ইউনুছ (ছূৰা)
ইউনুছ (يونس, Yūnus; "জোনাছ" বা "যোনা" ৰ আৰবী সমাৰ্থক শব্দ), কোৰআনৰ দশম অধ্যায় (ছূৰা), ইয়াৰ ১০৯টা শ্লোক (আয়ত) আছে। ইউনুছৰ নাম ভৱিষ্যতবক্তা ইউনুছ (যোনা)ৰ নামেৰে ৰখা হৈছে।
-
ইছলামিক বৰ্ষপঞ্জী
ইছলামিক বৰ্ষপঞ্জী বা মুছলিম বৰ্ষপঞ্জী বা হিজৰী বৰ্ষপঞ্জী এটি চন্দ্ৰ নিৰ্ভৰশীল বৰ্ষপঞ্জী। পৃথিৱীৰ বিভিন্ন মুছলিম দেশ আৰু ইছলাম ধৰ্মৰ মানুহে এই বৰ্ষপঞ্জী অনুসৰণ কৰে। চন্দ্ৰ কলাৰ ওপৰত ভিত্তি কৰে ইয়াৰ দিন-বাৰ আদি নিৰ্ধাৰিত হয়।
-
ঈমান
ঈমান শব্দৰ আভিধানিক অৰ্থ দৃঢ় বিশ্বাস। ইছলামত ঈমানৰ অৰ্থ অত্যন্ত ব্যাপক। ঈমানৰ ছয়টা অঙ্গ হৈছে * আল্লাহ্ৰ প্ৰতি ঈমান। আল্লাহ এক, তেখেত অবিহনে অন্য কোনো উপাস্য নাই।
-
উম্মাহ
উম্মাহ (أمة) এটা আৰবী শব্দ আৰু ইছলামি পৰিভাষা, যিটোৰ দ্বাৰা মুছলিম জাতি বা সম্প্ৰদায় বুজোৱা হয়। কিন্তু ইয়াৰ সৈতে নৃতাত্ত্বিক বা ভৌগলিক বৈশিষ্ট্যৰ দ্বাৰা নিৰ্ণীত জাতিৰ মাজত পাৰ্থক্য আছে। ইয়াৰ দ্বাৰা অনুৰূপ বহুসংখ্যক জাতিৰ সমন্বয়ত গঠিত সামগ্ৰিক মুছলিম জনগোষ্ঠীক বুজায়।
-
ছালাফ
ছালাফ (سلف) বুলিলে ইছলাম ধৰ্মানুসৰি সাধাৰণতে নবী মুহাম্মাদ (ছাঃ) আৰু তেওঁৰ পৰৱৰ্তী তিনি প্ৰজন্মক বুজোৱা হয়।
-
হাৰাম
হাৰাম (; حَرَام ḥarām ) হৈছে আৰবী ভাষাৰ এটা শব্দ যাৰ অৰ্থ হৈছে ‘নিষিদ্ধ’। ইয়াৰ দ্বাৰা হয় পবিত্ৰ কিবা এটাক বুজোৱা হ’ব পাৰে, য’ত বিশুদ্ধতাৰ অৱস্থাত নথকা বা পবিত্ৰ জ্ঞানৰ প্ৰতি দীক্ষিত নোহোৱা লোকসকলক প্ৰৱেশৰ অনুমতি দিয়া নহয়; বা "পাপপূৰ্ণ কাম যিটো কৰাটো নিষিদ্ধ।" এই শব্দটোৱে "এফালে ৰখা" কিবা এটাকো…
-
আল-আনফল
লুণ্ঠনসমূহ (ٱلأنفال, al-ʾanfāl; aka যুদ্ধৰ লুণ্ঠন, উপাৰ্জন, সঞ্চয়, লাভ) কোৰআনৰ অষ্টম অধ্যায় (ছূৰা), যাৰ ৭৫টা শ্লোক (আয়াত) আছে। প্ৰকাশৰ সময় আৰু প্ৰাসংগিক পৃষ্ঠভূমিৰ বিষয়ে (আছবাব আল-নুজুল) ই হৈছে এক "মদিয়ান ছূৰা", যি বদৰৰ যুদ্ধৰ পিছত সম্পূৰ্ণ হয়। ই পৰৱৰ্তী ছূৰাহ, আত-তৌবাহৰ সৈতে একযোৰ গঠন কৰে।
-
আল-আৰফ
আল-আৰফ (ٱلأعراف, al-ʾAʿrāf; অৰ্থ: উচ্চতা) হৈছে কোৰআনৰ সপ্তম অধ্যায় (ছূৰা), যাৰ ২০৬টা শ্লোক (আয়াত) আছে। প্ৰকাশৰ সময় আৰু প্ৰাসংগিক পৃষ্ঠভূমিৰ সন্দৰ্ভত (আছবাব আল-নুজুল), ই হৈছে "মক্কান ছূৰা", যাৰ অৰ্থ হৈছে ইয়াক মক্কাত প্ৰকাশ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়।
-
আল-মা'ইদা
আল-মা'ইদা (ٱلمائدة, Al-Māʾidah; অৰ্থ: "মেজ" বা "খাদ্যৰ সৈতে মেজখন বিয়পি পৰিছে") কোৰআনৰ পঞ্চম অধ্যায় (ছূৰা), যাৰ ১২০টা শ্লোক (আয়াত)। প্ৰকাশৰ সময় আৰু প্ৰাসংগিক পৃষ্ঠভূমিৰ সন্দৰ্ভত (আচবা আল-নুজুল), ই হৈছে "মদিনান ছূৰাৰ", যাৰ অৰ্থ হৈছে ইয়াক মক্কাৰ পৰিৱৰ্তে মদিনাত প্ৰকাশ কৰা হৈছিল বুলি বিশ্বাস কৰা…
-
আল-হজ্জ
আল-হজ্জ (الحج, al ḥajj; অৰ্থ: "তীৰ্থযাত্ৰা", "হজ্জ") হৈছে কোৰআনৰ ২২ তম অধ্যায় (ছূৰা) যাৰ ৭৮টা আয়াত (শ্লোক)। এই ছূৰাটোৱে ইয়াৰ নাম ২৭তম আয়াতৰ পৰা লৈছে।
-
আৰ-ৰ'দ
আৰ-ৰ'দ, (الرعد ar-raʻd), অৰ্থ: ঢেৰেকনি, হৈছে কোৰআনৰ ১৩তম ছূৰা। যি ৪৩টা শ্লোক (আয়াত)ৰে গঠিত। ইয়াত মুকাতত (কোৰআনৰ আদ্যক্ষৰ) আছে المر (আলিফ. লাম. মিম. ৰ বা আলমৰ). ছূৰাৰ লক্ষ্য হৈছে সত্যৰ শক্তি আৰু মিছাৰ দুৰ্বলতা। আয়াত ১৫-ত এটা ছিচদাহৰ চিহ্ন আছে ۩:
-
ইছমাইল
ইছমাইল (আৰৱী: إسماعيل) কোৰআন আৰু বাইবেলত উল্লিখিত এক ঐতিহাসিক ব্যক্তি। মুছলিমসকলে বিশ্বাস কৰে যে, তেওঁ এজন নবী, আৰু তেওঁৰ সম্মানাৰ্থে তেওঁৰ নামোচ্চাৰণৰ সৈতে 'আলাইহিছ ছালাম' (সংক্ষেপে আঃ) বা 'শান্তি বৰ্ষিত হওক' উচ্চাৰণ কৰা হয়।
-
দুআ
ইছলামী পৰিভাষাত, দুআ (دُعَاء, বহুবচন: أدْعِيَة; বহুত সময়ত: 'দুয়া') শব্দটোৰ আক্ষৰিক অৰ্থ 'আহ্বান' বা 'মাতা', যিটো এটা পদ্ধতি-সিদ্ধ মিনতি প্ৰক্ৰিয়া। এই শব্দটো আহিছে এটা আৰবী শব্দৰ পৰা যাৰ অসমীয়া অনুবাদ মাতা বা তলব কৰা আৰু মুছলিম সকলে ইয়াক আইন হিচাপে আৰু বিবেচনা কৰি পালন কৰি থাকে।
-
বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম
বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম এটা আৰবী বাক্যবন্ধ; যাৰ অৰ্থ- পৰম কৰুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছো। সংক্ষেপত কোৱা হয়- বিছমিল্লাহ। পৱিত্ৰ কোৰআনৰ ১১৪টা ছূৰাৰ মাজত ছূৰা আত-তৌবাহৰ বাহিৰে অন্য বাকী ১১৩টা ছূৰা "বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম" দি আৰম্ভ কৰা হৈছে।
-
মোল্লা
মোল্লা (আৰবী ملا), (ফাৰ্চী ভাষা ملا) আৰবী-ফাৰ্চী ভাষাৰ শব্দ। শব্দটো কোৰআনত উল্লেখিত আৰবী শব্দ মাওলা (مَوْلَى) ৰ সংক্ষিপ্ত ৰূপ। ভাৰতত প্ৰচলিত মৌলভী (আৰবী مولوی) আৰু মাওলানা (আৰবী مولانا) শব্দদুটাৰ উৎপত্তিও মাওলা শব্দৰ পৰা। মাওলাৰ অৰ্থ ৰক্ষক, কৰ্তা, নেতা বা অভিভাৱক।
-
হাফিজ (কোৰআন)
হাফিজ (; حافظ, pl. ḥuffāẓ حُفَّاظ, f. ḥāfiẓa حافظة), আক্ষৰিক অৰ্থ "ৰক্ষক", প্ৰসংগ অনুসৰি, মুছলমানসকলে কোৰআন সম্পূৰ্ণৰূপে মুখস্থ কৰা ব্যক্তিৰ বাবে ব্যৱহাৰ কৰা এটা শব্দ। "হাফিজা" হৈছে নাৰীৰ সমতুল্য বা স্ত্ৰী লিংগ। এজন হাফিজক বিভিন্ন উপাধিৰে সমুদায়ৰ মানুহে সন্মান কৰে।
-
হুদ (ছূৰা)
হুদ (هود, Hūd), কোৰআনৰ ১১ তম ছূৰা যাৰ ১২৩টা আয়াত আছে। ই আংশিকভাৱে নবী হুদৰ সৈতে সম্পৰ্কিত। প্ৰকাশৰ সময় আৰু প্ৰাসংগিক পৃষ্ঠভূমিৰ সন্দৰ্ভত (আছবাব আল-নুজুল), ই হৈছে পূৰ্বৰ "মক্কান ছূৰা", যাৰ অৰ্থ হৈছে ইয়াক মদিনাত পিছৰ পৰিৱৰ্তে মক্কাত প্ৰকাশ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়।
-
আন-নাহল
আন-নাহল (الْنَّحْل; an-nahl অৰ্থ: মৌ-মাখি) হৈছে কোৰআনৰ ১৬তম অধ্যায় (ছূৰা), যাৰ ১২৮টা শ্লোক (আয়াত) আছে। ইয়াৰ ৬৮ আয়াতত উল্লেখ কৰা মৌ-মাখিৰ নামেৰে নামকৰণ কৰা হৈছে, আৰু ইয়াত উদ্যোগৰ তুলনা আৰু মৌ মাখিৰ মানুহৰ উদ্যোগৰ সৈতে খাপ খোৱা।
-
আল-আন'আম
আল-আন'আম (ٱلأنعام, al-ʾanʿām; অৰ্থ: গৰু) কোৰআনৰ ষষ্ঠ অধ্যায় (ছূৰা), যাৰ ১৬৫টা শ্লোক (আয়াত) আছে। আল-বাক্বাৰা, আল-ইমৰান, আন-নিশা আৰু আল-মা'ইদাৰ পিছত কোৰআনত আহি এই ছূৰা আল্লাহৰ অধিৰাজ্য আৰু ক্ষমতাৰ স্পষ্ট চিহ্ন, বহুবিশ্বাস আৰু অবিশ্বাস, তাওহিদ (বিশুদ্ধ একধৰ্মবাদ), প্ৰকাশ, বাৰ্তাবাহকত্ব আৰু…
-
আল-ইছৰা
আল-ইছৰা’ (الإسراء, al-isrāʼ; অৰ্থ: নিশাৰ যাত্ৰা) হৈছে কোৰআনৰ সপ্তদশ অধ্যায় (ছূৰা), যাৰ ১১১টা শ্লোক (আয়াত) অছে। ইছৰাত ১ নং আয়াতত নবী মুহাম্মাদ (ছাঃ)ৰ "নিশাৰ যাত্ৰা"ৰ বিষয়ে উল্লেখ কৰিছে। এই ছূৰাটো আল-মুচাব্বিহাট ছূৰা শৃংখলাৰ অংশ কিয়নো ই আল্লাহৰ মহিমাৰে আৰম্ভ হয়।
-
আল-কাছাছ
আল-কাছাছ (القصص, ’al-qaṣaṣ; অৰ্থ: গল্প) হৈছে পবিত্ৰ কোৰআনৰ ২৮ নং ছূৰা (অধ্যায়) য'ত ৮৮টা আয়াত (শ্লোক) আছে। ইবনে কাথিৰৰ টোকা অনুসৰি এই অধ্যায়টোৰ নাম ২৫ নং আয়াতৰ পৰা লোৱা হৈছে য’ত আল-কাছাছ শব্দটো পোৱা গৈছে। আভিধানিকভাৱে কাছাছৰ অৰ্থ হ’ল পৰিঘটনাবোৰক সঠিক ক্ৰমত সম্পৰ্কিত কৰা।
-
আল-হিজৰ
আল-হিজৰ (الحِجْرْ) হৈছে কোৰআনৰ পঞ্চদশ অধ্যায় (ছূৰা)। ইয়াত ৯৯টা শ্লোক (আয়াত) আছে। প্ৰকাশৰ সময় আৰু প্ৰাসংগিক পৃষ্ঠভূমিৰ সন্দৰ্ভত (আচবাব আল-নুজুল), ই হৈছে পূৰ্বৰ মক্কান ছূৰা, যাক পয়গম্বৰ মুহাম্মাদে ১২ অধ্যায়ৰ অলপ পিছতে, ইউছুফৰ দ্বাৰা মক্কাত তেওঁৰ অন্তিম বছৰত গ্ৰহণ কৰা বুলি বিশ্বাস কৰা হয়।
-
আশ-শু’আৰা
আশ-শু‘আৰা’ (الشعراء, ’ash-shu‘arā’; meaning: কবি) হৈছে পৱিত্ৰ আল-কোৰআনৰ ২৬ তম ছূৰা যাৰ ২২৭টা আয়াত আছে। ইয়াৰ বেছিসংখ্যক আয়াতেই সৰু। ছূৰাটোৰ ২২৪ নং আয়াতত “আশ-শু’আৰা” শব্দটোৰপৰা ছূৰাৰ নামকৰণ কৰা হৈছে।
-
ইউছুফ (ছূৰা)
ইউছুফ (يوسف, Yūsuf; "ইউছুফ"ৰ আৰবী সমাৰ্থক) কোৰআনৰ দ্বাদশ অধ্যায় (ছূৰা) আৰু ইয়াত ১১১টা আয়াত (পদ) আছে। ইয়াৰ আগতে ছূৰা হুদ আৰু তাৰ পিছত আছে আৰ-ৰ'দ (বজ্ৰপাত)।
-
ইব্ৰাহিম (ছূৰা)
ইব্ৰাহিম (إبراهيم, Ibrāhīm; বা "অব্ৰাহাম"ৰ আৰবী সমাৰ্থক) হৈছে কোৰআনৰ চতুৰ্দশ অধ্যায় (ছূৰা)। ই ৫২টা শ্লোক (আয়াত)ৰ সৈতে গঠিত। ছূৰাত গুৰুত্ব দিয়ে যে এজন ব্যক্তিৰ হৃদয়ৰ ভিতৰত কি ঘটিছে সেয়া কেৱল আল্লাহহে জানে, যাৰ অৰ্থ হৈছে আমি ইজনে সিজনৰ কথাক সৎ বিশ্বাসেৰে গ্ৰহণ কৰিব লাগিব (১৪:৩৮)।
-
ছহীহ আল বুখাৰী
ছহীহ আল বুখাৰী صحيح البخاري, ( ইংৰাজী: Sahih Al Bukhari ) হৈছে ছুন্নী ইছলামৰ ছয় কিতাপৰ প্ৰথম হাদীছ সংকলন। ইছলামিক পণ্ডিত আল-বুখাৰীয়ে মুছান্নাফ ফৰ্মেটত সংকলন কৰা এই গ্ৰন্থখনক ছহীহ মুছলিমৰ সমান্তৰালভাৱে মুছলমানসকলে কোৰআনৰ পিছত আটাইতকৈ প্ৰামাণিক বুলি মূল্য দিয়ে।
-
ছালাম
ছালামঃ (ছালাম, سلام, Salam, সালাম) ছালাম আৰবী শব্দ। ইয়াৰ অৰ্থ হৈছে শান্তি, প্ৰশান্তি কল্যাণ, দুআ, আৰাম, আনন্দ, তৃপ্তি। ছালাম এটা সম্মানজনক অভ্যৰ্থনামূলক অভিনন্দন সুলভ শান্তিময় উচ্চমৰ্যাদা সম্পন্ন পৰিপূৰ্ণ ইছলামী অভিবাদন।
-
জিজিয়া
জিজিয়া (جزية ) হ'ল ইছলামিক ৰাষ্ট্ৰত ইছলামিক আইনেৰে অনুকূলভাৱে স্থায়ীভাবে বসবাস কৰা অমুছলিমসকলৰজন প্ৰতি বছৰেকীয়া ধাৰ্যকৃত কৰ। মুছলিম ফকীহসকলৰ অভিমত এই যে অমুছলিম সকলৰ মাজত সেইসকল প্ৰাপ্তবয়স্ক, স্বাধীন, বিবেকী পুৰুষ হ'ব লাগিব।