অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ফৰিষ্টা

ফৰিষ্টা বা ফৰিস্তা বা ফেৰেস্তা (আৰবীক: ملائكة, Malāʾikah; (singular) ملاك Malāk) হ'ল ইছলাম ধৰ্মাম্বলম্বীসকলৰ বিশ্বাসমতে স্বৰ্গীয় দূত। 'আৰবীত ফৰিষ্টাক একবচনত মালাইক আৰু বহুবচনত মালাক বোলা হয়। ফৰিষ্টাৰ প্ৰতি বিশ্বাস ইছলাম ধৰ্ম বিশ্বাসৰ এটা মূল নীতি।

হালনাগাদ: ১০ নৱেম্বৰ ২০২৫ ২৩৪ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ফৰিষ্টা বা ফৰিস্তা বা ফেৰেস্তা (আৰবী ভাষাক: ملائكة, Malāʾikah; (singular) ملاك Malāk) হ'ল 'ইছলাম ধৰ্মাম্বলম্বীসকলৰ বিশ্বাসমতে স্বৰ্গীয় দূত। 'আৰবীত ফৰিষ্টাক একবচনত মালাইক আৰু বহুবচনত মালাক বোলা হয়। ফৰিষ্টাৰ প্ৰতি বিশ্বাস ইছলাম ধৰ্ম বিশ্বাসৰ এটা মূল নীতি। খ্ৰীষ্টধৰ্ম, ইহুদী আনকি হিন্দু ধৰ্মতো ফৰিষ্টা তথা স্বৰ্গীয় দূতসকলৰ অস্তিত্ত্বৰ কথা কোৱা হৈছে। ফৰিষ্টাসকল মানুহৰ ন্যায় আল্লাহৰ আৰু এক সৃষ্টি। সিহঁতে নভোমণ্ডল আৰু ভূমণ্ডলৰ মাজত যোগাযোগ ৰক্ষা কৰে। ফৰিষ্টাত তেওঁলোকৰ সংখ্যা অগণন। ইছলামত তেওঁলোকৰ কোনো শ্ৰেণীবিন্যাস কৰা নহলেও চাৰিজন ফৰিষ্টাক প্ৰাধান্য দিয়া হৈছে: সেই কেইজন হল-

  1. জিব্ৰাইল (আলাইহিছ ছালাম)
  2. মিকাইল (আলাইহিছ ছালাম)
  3. ইছৰাফিল (আলাইহিছ ছালাম)
  4. মালাক আল-মাউত (আলাইহিছ ছালাম)

হজৰত জিব্ৰাইল (আঃ)

এওঁ আল্লাহৰ দূত আৰু সৰ্বশ্ৰেষ্ঠ ফৰিষ্টা। এই ফৰিষ্টাৰ নাম তিনিবাৰ কোৰআনত উল্লেখ কৰা হৈছে।১। কোৰআনৰ এঠাইত জিব্ৰাইল ফৰিষ্টাক পাকৰূহবা ৰুহুল কুদ্দুছ বোলা হৈছে।২ আল্লাহৰ আদেশ-নিষেধ আৰু সংবাদ আদান-প্ৰদান যিবোৰ ফৰিষ্টাৰ দায়িত্ব, জিব্ৰাইল তেওঁলোকৰ প্ৰধান। জিব্ৰাইলেই আল্লাহৰ নবীসকলৰ কাষত গমনাগমন কৰে।

হজৰত মিকাইল (আঃ)

কোৰআনৰ এটা আয়াতত এই ফৰিষ্টাৰ নাম উল্লেখ কৰা হৈছে।৩ এওঁ বৃষ্টি আৰু খাদ্য উৎপাদনৰ দায়িত্বপ্ৰাপ্ত।

হজৰত ইছৰাফিল (আঃ)

এই ফৰিষ্টাই কিয়ামত বা বিশ্বপ্ৰলয় ঘোষণা কৰিব। তেওঁৰ কথা কোৰআনত নাথাকিলেও হাদিছত উল্লেখ কৰা হৈছে।

হজৰত আজৰাইল (আঃ) বা মালাক আল-মাউত

এওঁ মৃত্যুৰ ফৰিষ্টা আৰু প্ৰাণ হৰণ কৰে।

অন্যান্য

  1. ইয়াৰ উপৰিও বিশেষ দুজন ফৰিষ্টা কিৰামুন আৰু কাতিবুনে প্ৰতিজন মানুহৰ ভাল বেয়া কামৰ হিচাব ৰাখে।
  2. কবৰত মুনকিৰ আৰু নাকিৰ নামেৰে দুজন ফৰিষ্টাই মানুহক সিহঁতৰ কৃতকৰ্মবোৰৰ খতিয়ান লয়।
  3. মালিক নামেৰে ফৰিষ্টাই নৰক বা জহন্নামৰ ৰক্ষণাবেক্ষণ কৰে। আকৌ ৰিদওয়ান নামেৰে আৰু এজন ফৰিষ্টাই স্বৰ্গ বা বেহেস্তাৰ চোৱাচিতা কৰে।

ইছলাম, খ্ৰীষ্টান আৰু ইহুদী ধৰ্মৰ বাদে হিন্দু ধৰ্মতো ফৰিষ্টা তথা স্বৰ্গীয় দূতসকলৰ অস্তিত্ত্বৰ কথা কোৱা হৈছে।

তথ্যসূত্ৰ

  1. ↑ [কোৰআনঃ ২/৯৭; ৯৮, ৬৬/৪]
  2. ↑ [কোৰআনঃ ১৬/১০২]
  3. ↑ [কোৰআনঃ ২/৯৭]

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফৰিষ্টা” প্ৰবন্ধৰ সংশোধন ৫৪৯৫৫৩ (১০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।