ইছলাম ধৰ্ম
১৮১ প্ৰবন্ধ
-
শ্বানে নুজুল
প্ৰকাশৰ অনুষ্ঠান বা পৰিস্থিতিয়ে (asbābal-nuzūl, أسباب النزول) পৰম্পৰাগত ইছলামৰ দৃষ্টিকোণৰ পৰা কোৰআনৰ আয়াতসমূহ অৱতীৰ্ণ হোৱা ঐতিহাসিক প্ৰসংগৰ নাম দিয়ে।
-
ৰমজান
ৰমজান (رمضان ৰমাদ্বান, ) হ'ল ইছলামিক বৰ্ষপঞ্জিকা অনুসৰি নৱম মাহ, যি মাহত বিশ্বব্যাপী মুছলিম সকলে ইছলামিক উপবাস ছিয়াম পালন কৰি থাকে। ৰমজান মাহত ছিয়াম(ৰোজা) ইছলামৰ পঞ্চস্তম্ত তৃতীয়তম। ৰমজান মাহৰ জোন দেখাৰ ওপৰত ভিত্তি কৰি ত্ৰিশ দিনলৈ ৰোজা ৰখা হয়, যিটো নিৰ্ভৰযোগ্য হাদিছৰ দ্বাৰা প্ৰমাণিত।
-
একেশ্বৰবাদ
একেশ্বৰবাদ এটি প্ৰচলিত ধৰ্মীয় ধাৰণা, যাৰ অৰ্থ হ'ল ঈশ্বৰৰ একত্ববাদত বিশ্বাসী অৰ্থাৎ মাত্ৰ এজন ঈশ্বৰৰ প্ৰতি বিশ্বাসী। এই ধাৰণাত বিশ্বাসীসকলে সৃষ্টিকৰ্তা, লালনকৰ্তা, পালনকৰ্তা অথবা সংহাৰকৰ্তা হিচাপে এটা মাত্ৰ সত্তাত বিশ্বাসী আৰু তেওঁৰ আৰাধনা বা উপাসনা কৰি থাকে।
-
ওহী
ওহী (وَحْي,; plural وُحِيّ wuḥiyy,; বানানও ৱাহি) হৈছে প্ৰকাশৰ বাবে আৰবী শব্দ। ইছলামিক বিশ্বাসত ওহী হৈছে তেওঁৰ নিৰ্বাচিত ব্যক্তিসকলে – যাক ৰাছুল বা নবী হিচাপে জনাজাত – মানৱজাতিৰ ওচৰত প্ৰেৰণ কৰা আল্লাহৰ বাণী।
-
চয়তান
চয়তান, ইছলামত ইবলিছ নামেৰেও জনাজাত, আৰু কেতিয়াবা খ্ৰীষ্টান ধৰ্মত লুচিফাৰ বুলিও কোৱা হয়, ই আব্ৰাহাম (ইব্ৰাহিম) ধৰ্মৰ এনে এক সত্তা যিয়ে মানুহক পাপ বা মিছা কথাৰ প্ৰতি প্ৰলোভিত কৰে।
-
ঈছা
ঈছা ইবনে মাৰিয়াম (عيسى), যিজননক বাইবেলৰ নতুন নিয়মত যীশু নামেৰে পৰিচিত) ইছলাম ধৰ্মত তেখেত এজন নবী আৰু ৰাছুল; লগতে মছিহ হিচাপে স্বীকৃত। খ্ৰীষ্টান ধৰ্মৰ নিচিনাকৈ ইছলাম ধৰ্মতো তেখেত সম্মানিত এজন নবী আৰু ৰাছুল; কিন্তু ইছলাম ধৰ্মত তেখেতৰ ক্ৰুশবিদ্ধ হোৱাৰ ঘটনাক স্বীকাৰ কৰা নহয়।
-
চাল্লাল্লাহু আলাইহি ওয়াছাল্লাম
আলাইহি-আছ-ছালাম (عليه السلام) হ'ল এটা বাগধাৰা বা দৰুদ বা শ্লোক; যাৰ অৰ্থ হৈছে- তেখেতৰ ওপৰত শান্তি বৰ্ষিত হওক। যিটো ধাৰ্মিক মুছলিমসকলে Jesus/ঈছা (আঃ), Moses/মুছা (আঃ), Abraham/ইব্ৰাহিম (আঃ) সহ অন্যান্য সকলো নবীসকলৰ নামৰ শেষত উচ্চাৰণ কৰি থাকে। ইয়াক সংক্ষেপে আঃ লিখা হয়।
-
ছাহাবা
ইছলাম ধৰ্মত ছাহাবী শব্দৰ (الصحاب সহচৰ) দ্বাৰা মুহাম্মাদ (চাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম)ৰ স্বাথী বা সহচৰসকলক নিৰ্দেশ কৰে। ইয়াৰ বহুবচন শব্দ হ'ল ছাহাবা।
-
জিব্ৰাইল
জিব্ৰাইল (বিকল্প প্ৰতিবৰ্ণীকৰণ: জিবৰাইল, জিব্ৰঈল, জিবৰাঈল ইত্যাদি) জিবৰীল বা গেব্ৰিয়েলGabriel;; আৰবী ভাষা: جبريل, Jibrīl or جبرائيل Jibrāʾīl; প্ৰাচীন গ্ৰীক: Γαβριήλ, Gabriēl) হ'ল ইব্ৰাহিমীয় ধৰ্মসমূহত বৰ্ণিত আল্লাহ বা ঈশ্বৰৰ বাৰ্তাবাহক ফৰিষ্টা বা স্বৰ্গীয় দূত, যিজন ঈশ্বৰ মনোনীত মানৱতা সংষ্কাৰক বা…
-
ৰোজা
ৰোজা বা ৰোযা (ফাৰ্চী روزہ ৰুজ়ে), সাউম (আৰবী صوم স্বাউম্), বা ছিয়াম হ'ল ইছলাম ধৰ্মৰ পাঁচটা মূল ভিত্তিৰ তৃতীয়। ছুবহে ছাদেকৰ পৰা সূৰ্যাস্তলৈকে সকলো প্ৰকাৰৰ পানাহাৰ আৰু লগতে যাৱতীয় ভোগ-বিলাসৰ পৰা বিৰত থকাৰ নামেই হৈছে ছিয়াম।
-
ছিয়া ইছলাম
শ্বিয়া ইছলাম, শ্বিয়াবাদ বা তশ্বয়্যু (الشِّيْعَة ash-Shīʿa অথবা التَّشَيُّعُ at-Tashayyuʿ) হৈছে ইছলামৰ দ্বিতীয় আটাইতকৈ ডাঙৰ শাখা। এই মতবাদ অনুসৰি পয়গম্বৰ মুহম্মদে তেওঁৰ জেঠাৰ পুতেক আৰু জোঁৱাই আলী ইবন আবী তালিবক তেওঁৰ ৰাজনৈতিক স্থলাভিষিক্ত (খলিফা) আৰু পৰৱৰ্তী আধ্যাত্মিক নেতা (ইমাম) হিচাপে মনোনীত…
-
ছুন্নাহ
ছুন্নাহ (ছুন্নত বুলিও কোৱা হয়) (سنة) হৈছে, ইছলামত হজৰত মুহাম্মদৰ পৰম্পৰা আৰু আচাৰ-ব্যৱহাৰক বুজায়। যিয়ে মুছলমানসকলে অনুসৰণ কৰিব পৰাকৈ এক আৰ্হি গঠন কৰে। মুহাম্মদৰ সময়ৰ সকলো মুছলমানে স্পষ্টভাৱে দেখিছিল আৰু অনুসৰণ কৰিছিল আৰু পৰৱৰ্তী প্ৰজন্মলৈও আগবঢ়াইছিল।
-
তাওৰাত
তাওৰাত এটা আকাশী কিতাপ যিটো ইছলামৰ ৰাছুল মুছা (আঃ)ৰ উপৰত অৱতীৰ্ণ হৈছিল। ই হিব্ৰু ভাষাত লিখিত ইহুদীসকলৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ। হিব্ৰু ভাষাত ইয়াৰ নাম '"তোৰাহ্। তোৰাহ্ শব্দৰ অৰ্থ "আইন", "নিয়ম", বা "শিক্ষণীয় উপদেশ"। ই ৫ টা পুস্তকৰ সম্বন্ধয়েৰে গঠিত সেয়েহেই তাওৰাতক বহুতে মুছাৰ "পঞ্চ পুস্তক" বুলি কয়।
-
ফৰজ
ফৰজ (فرض) বা farīḍah (فريضة) বা ফৰ্দ ইছলামত আল্লাহৰ দ্বাৰা আদেশ দিয়া এক ধৰ্মীয় কৰ্তব্য। শব্দটো উৰ্দু, পাৰ্চী, পশতু, তুৰ্কী (বানানযুক্ত ফাৰ্জ), আৰু মালয় (বানান যুক্ত ফাৰ্ডু বা ফাৰধু)ত একে অৰ্থত ব্যৱহাৰ কৰা হয়।
-
আল-ফাতিহা
ছূৰা আল ফাতিহা (سورة الفاتحة) মুছলিমসকলৰ ধৰ্মীয় গ্ৰন্থ কোৰআনৰ ১ নম্বৰ ছূৰা(অধ্যায়), ইয়াৰ আয়াতৰ সংখ্যা ৭ আৰু ৰুকুৰ সংখ্যা ১। ফাতিহা শব্দটো আৰবী "ফাতহুন" শব্দজাত; যাৰ অৰ্থ "উন্মুক্তকৰণ।" ই আল্লাহ'ৰ তৰপৰ পৰা বিশেষ উপহাৰ। ছূৰা আল ফাতিহা অন্যান্য ছূৰাৰ নিচিনা বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম দি আৰম্ভ।
-
ঈদ-উল-জুহা
ঈদ-উল-জুহা বা ঈদ-উল আজহা (আৰৱী:عيد الأضحى) ইছলাম ধৰ্মালম্বী সকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম। এই উৎসৱৰ আন দুটা নাম হ’ল বকৰ-ঈদ আৰু কোৰবাণী ঈদ। ঈদ-উল-জুহা মূলত আৰৱী বাক্যাংশ। ইয়াৰ অৰ্থ হ’ল ত্যাগৰ উৎসৱ। এই উৎসৱৰ মূল প্ৰতিপাদ্য বিষয় হৈছে ত্যাগ কৰা।
-
বোৰ্খা
বোৰ্খা (Burqa) হৈছে মধ্য এছিয়াৰ এক বাহ্যিক পোছাক যিয়ে কিছুমান মুছলমান পৰম্পৰামতে মহিলাৰ শৰীৰ আৰু মুখ আৱৰি ৰখাত সহায় কৰে। ইছলামৰ বেছিভাগ আলোচনাত, পৰ্দা প্ৰণালীটো বোৰ্খাৰ দ্বাৰা উদাহৰণ দিয়া হয়, যি দীঘল আৱৰণে এগৰাকী মহিলাক মূৰৰ পৰা ভৰিলৈকে আৱৰি ৰাখে।
-
মদিয়ান ছূৰা
মদিয়ান ছূৰা (ছূৰা মদানিয়াহ) বা কোৰআনৰ মদনী অধ্যায় হৈছে শেহতীয়া ২৮টা ছূৰা যিবোৰ, ইছলামিক পৰম্পৰা অনুসৰি, মক্কাৰ পৰা মুহাম্মাদৰ হিজৰাতৰ পিছত মদিনাত প্ৰকাশিত হৈছিল। মক্কাত তেওঁলোকৰ সংখ্যালঘু স্থিতিৰ বিপৰীতে সম্প্ৰদায়টো ডাঙৰ আৰু অধিক বিকশিত আছিল।
-
শ্বীৰ্ক
শ্বীৰ্কঃ (شرك širk) শ্বীৰ্ক শব্দৰ অৰ্থ-অংশীদাৰিত্ব,অংশীবাদ,মিলোৱা, সমকক্ষ কৰা, সমান কৰা, শৰিক কৰা, ভগাভাগি কৰা। ইংৰাজীত Polytheism (একাধিক উপাস্যত বিশ্বাস), Associate,partner.
-
আল-বাক্বাৰা
আল-বাক্বাৰা, বৈকল্পিকভাৱে ৰূপান্তৰিত আল-বাক্বাৰাহ (البقرة, ’al-baqarah; lit. "হাইফাৰ" বা "গৰু"), হৈছে কোৰআনৰ দ্বিতীয় আৰু দীঘলীয়া অধ্যায় (ছূৰা)। ইয়াত ২৮৬টা শ্লোক (আয়াত) আছে যিবোৰ "ৰহস্যময় আখৰ" ("মুকাত্তাত") এ.এল.এম-ৰ সৈতে আৰম্ভ হয়।
-
আলী
আলী ইবনে আবী তালিব ৬৫৬ খ্ৰীষ্টাব্দৰ পৰা ৬৬১ চনত হত্যা কৰালৈকে শাসন কৰা চতুৰ্থজন ৰাছিদুন খলিফা, লগতে প্ৰথম ছিয়া ইমাম। ইছলামিক হজৰত মুহাম্মাদৰ খুলশালীয়েক আৰু জোঁৱাই আছিল।
-
ওৱাহাবি মতবাদ
ওৱাহাবি মতবাদ (وهابية ওৱাহাবিয়াহ) হৈছে ধৰ্মীয় মতবাদ বা ইছলামৰ এটা শাখাগোষ্ঠী যিটো অৰ্থোডক্স, অতিচৰমপন্থী," অষ্টেৰে, মৌলবাদী, বিশুদ্ধবাদী," একেশ্বৰবাদৰ উপাসনাৰ বাবে ইছলামী পূৰ্ণ জাগৰণ, চৰমপন্থী আন্দোলন ইত্যাদি নামেৰে পৰিচিত।
-
জাকাত
জাকাত ( زكاة zakāt, "যিটোয়ে পৰিশুদ্ধ কৰে", আৰু زكاة ألمال, "সম্পদৰ জাকাত") হ'ল ইছলাম ধৰ্মৰ পঞ্চস্তম্ভৰ এটা। প্ৰত্যেক স্বাধীন, পূৰ্ণবয়স্ক মুছলিম নৰ-নাৰীক প্ৰতি বছৰে স্বীয় আয় আৰু সম্পত্তিৰ এটা নিৰ্দিষ্ট অংশ, যদি সেয়া ইছলামী শ্বৰীয়ত নিৰ্ধাৰিত সীমা (নিছাব পৰিমাণ) অতিক্ৰম কৰে তেন্তে, গৰীব-দুঃস্থদৰ…
-
আত-তৌবাহ
আত-তৌবাহ (ٱلتوبة, at-Tawbah; অৰ্থ: অনুতাপ), বৰা'আহ নামেৰেও জনাজাত (براءة, Barāʾah; অৰ্থ: প্ৰত্যাখ্যান), কোৰআনৰ নৱম অধ্যায় (ছূৰা)। ইয়াত ১২৯টা শ্লোক (আয়াত) আছে আৰু ই অন্তিম মদিয়ান ছূৰাৰ ভিতৰত এটা। হিজৰাৰ ৯ চনত মদিনাত তাবুকৰ যুদ্ধৰ সময়ত এই ছূৰাৰ কথা প্ৰকাশ পাইছিল বুলি জানিব পৰা গৈছে।
-
আন-কাহ্ফ
আল-কাহ্ফ (الكهف, al-kahf; অৰ্থ: গুহা) কোৰআনৰ ১৮তম অধ্যায় (ছূৰা) যাৰ ১১০টা শ্লোক (আয়াত) আছে। প্ৰকাশৰ সময় আৰু প্ৰাসংগিক পৃষ্ঠভূমিৰ সন্দৰ্ভত (আচবাব আল-নুজুল), ই হৈছে পূৰ্বৰ "মক্কান ছূৰা", যাৰ অৰ্থ হৈছে ইয়াক মদিনাৰ পৰিৱৰ্তে মক্কাত প্ৰকাশ কৰা হৈছিল।
-
আল-ইমৰান
আল-ইমৰান (آل عمران, āl ʿimrān; অৰ্থ: ইমৰানৰ পৰিয়াল) কোৰআনৰ তৃতীয় অধ্যায় (ছূৰা) যাৰ দুশটা শ্লোক (আয়াত) আছে। ইছলামধৰ্মত ইমৰানক মেৰীৰ পিতৃ বুলি গণ্য কৰা হয়। এই অধ্যায়টো ইমৰানৰ পৰিয়ালৰ নামেৰে নামকৰণ কৰা হৈছে, য'ত আছে ইমৰান, ছেইণ্ট এনি (ইমৰানৰ পত্নী), মেৰী আৰু যীশু।
-
আল্লামা
আল্লামা (Allamah, আৰবী: عَلَّامة, উৰ্দু আৰু علامه) হ'ল ইছলামিক চিন্তা কৰা ব্যক্তি, দৰ্শনৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ পণ্ডিতসলৰ নামৰ সৈতে ব্যৱহৃত সন্মানজনক উপাধি। ইছলাম ধৰ্মৰ ফিকহ আৰু দৰ্শনৰ পণ্ডিতসকলক এই উপাধি প্ৰদান কৰা হয়।
-
আহলে হাদিছ
আহলে হাদিছ, বা আহল-ই-হাদিছ হ'ল ফাৰ্চী শব্দ, বা আছহাবুল হাদিছ (আৰবী: Ahl al-ḥadīth; أهل الحديث) অথবা (Aşḥāb al-ḥadīth; أصحاب الحديث) যাৰ শব্দিক অৰ্থ হ'ল, হাদিছৰ বিশেষজ্ঞ। পাৰিভাষিক অৰ্থ হ'লঃ ছহীহ,জঈফ,জাল সকলো হাদিছৰ নিৰপেক্ষ সংৰক্ষণকাৰী।
-
কলিমা
কালিমা হ'ল ইছলামৰ মৌলিক বিশ্বাস সম্বলিত কেইটামান আৰৱী পংক্তিৰ নাম। ইয়াৰ মাধ্যমেই ইছলামৰ প্ৰথম স্তম্ভ শ্বাহাদাহ পূৰ্ণতা পায়। ইছলামৰ মূল বিশ্বাস হ’ল আল্লাহৰ একত্ব বা তৌহিদ/কলিমা। আল্লাহৰ একত্ব ইছলামৰ পাঁচটি মূল স্তম্ভৰ মাজৰ প্ৰথম, যাক শ্বাহাদাহ বুলা হয়।
-
ছিজদাহ
ছুজুদ (سُجود, ), বা ছিজদাহ (سجدة, ), হ'ল কিবলাহ (কাবা ৰ মক্কা ৰ দিশত ইছলামত ঈশ্বৰৰ ওচৰত নিম্ন প্ৰণাম বা সজ্জা কৰা। ). সাধাৰণতে ইয়াক মানক নামাজত (ছালাত) কৰা হয়।