অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

মুমিন

মুমিন এটা আৰবী শব্দ, যিটো মূলত আৰবী ঈমান শব্দটোৰ পৰা আহিছে। ৰ শাব্দিক অৰ্থ "বিশ্বাসী" আৰু ইয়াৰ দ্বাৰা এজন কঠোৰভাৱে অনুগত মুছলিমক বুজোৱা হয়, যিটো অত্যন্ত দৃঢ়ভাবে ইছলামক নিজৰ অভ্যন্তৰৰ আৰু বাহিৰৰ সকলো কৰ্মকান্ডক ধাৰণ কৰে আৰু আল্লাহ তাআলাৰ ইচ্ছাৰ ওচৰত নিজক পূৰ্ণভাবে সমৰ্পন কৰে।

হালনাগাদ: ১৮ ছেপ্তেম্বৰ ২০২৬ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মুমিন এটা আৰবী ভাষা শব্দ, যিটো মূলত আৰবী ঈমান শব্দটোৰ পৰা আহিছে।১ ৰ শাব্দিক অৰ্থ "বিশ্বাসী" আৰু ইয়াৰ দ্বাৰা এজন কঠোৰভাৱে অনুগত মুছলিমক বুজোৱা হয়, যিটো অত্যন্ত দৃঢ়ভাবে ইছলামক নিজৰ অভ্যন্তৰৰ আৰু বাহিৰৰ সকলো কৰ্মকান্ডক ধাৰণ কৰে আৰু আল্লাহ তাআলাৰ ইচ্ছাৰ ওচৰত নিজক পূৰ্ণভাবে সমৰ্পন কৰে। নাৰী মুমিনসকলৰ ক্ষেত্ৰত মুমিনা শব্দটো ব্যৱহৃত হয়।

মুছলিমৰ সৈতে মুমিনৰ পাৰ্থক্য

মুছলমান হ'ল সেইজন, যিজনে ইছলাম ধৰ্মক নিজৰ ধৰ্ম বুলি বিশ্বাস আৰু স্বীকাৰ কৰে। অন্যদিশে মুমিন হ'ল সেইজন, যিজনে ইছলাম ধৰ্মক নিজৰ ধৰ্ম বুলি বিশ্বাস আৰু স্বীকাথ কৰাৰ ওচৰা-ওচৰি সেয়া নিজৰ ভিতৰত আৰু বাহিৰত ধাৰণ কৰে আৰু লগতে কঠোৰভাৱে ইয়াৰ নিৰ্দেশাৱলী মানি চলে। অৰ্থাৎ, ক'ব পাৰা যায়, সকলো মুমিনয়েই মুছলমান, কিন্তু সকলো মুছলমানয়েই মুমিন নহয়।২

তথ্যসূত্ৰ

  1. ↑ The Meaning of Mu'min. QTafsir.com
  2. ↑ J. I. Laliwala. Islamic Philosophy of Religion: Synthesis of Science Religion and Philosophy. পৃ. 143-4. ISBN 8176254762

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুমিন” প্ৰবন্ধৰ সংশোধন ৬৩৬১২২ (১৮ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।