অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জুলিয়ান মূৰ

জুলি এন স্মিথ (ইংৰাজী: Julie Anne Smith; জন্ম ৩ ডিচেম্বৰ, ১৯৬০), পেছাদাৰীভাৱে জুলিয়ান মূৰ (Julianne Moore) নামেৰে পৰিচিত এগৰাকী আমেৰিকান অভিনেত্ৰী। আৱেগিকভাৱে বিচলিত আৰু দুৰ্বল মহিলাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে জনাজাত।

হালনাগাদ: ৬ মাৰ্চ ২০২৬ ৫০১ শব্দ · ৩ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

জুলি এন স্মিথ (ইংৰাজী ভাষা: Julie Anne Smith; জন্ম ৩ ডিচেম্বৰ, ১৯৬০), পেছাদাৰীভাৱে জুলিয়ান মূৰ (Julianne Moore) নামেৰে পৰিচিত এগৰাকী আমেৰিকান অভিনেত্ৰী। আৱেগিকভাৱে বিচলিত আৰু দুৰ্বল মহিলাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। ১৯৯০-ৰ দশকৰ আৰম্ভণিৰে পৰা স্বতন্ত্ৰ চলচ্চিত্ৰ (Independent films) আৰু ব্লকবাষ্টাৰ উভয়তে সফল মূৰে এটা একাডেমী বঁটা (অস্কাৰ), এটা বাফটা (BAFTA) বঁটা, দুটা এমি বঁটা আৰু দুটা গোল্ডেন গ্লোব বঁটাকে ধৰি অসংখ্য সন্মান লাভ কৰিছে। তিনিওটা প্ৰধান ইউৰোপীয় চলচ্চিত্ৰ মহোৎসৱ— কান চলচ্চিত্ৰ মহোৎসৱ, বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱ আৰু ভেনিচ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰা তেওঁ বিশ্বৰ মাত্ৰ দুজনী অভিনেত্ৰীৰ ভিতৰত এগৰাকী।

বষ্টন বিশ্ববিদ্যালয়ত থিয়েটাৰ অধ্যয়ন কৰাৰ পিছত তেওঁ ১৯৮৫ চনৰ পৰা ১৯৮৮ চনলৈ এজ দ্য ৱৰ্ল্ড টাৰ্নছ নামৰ ধাৰাবাহিকখনত অভিনয় কৰি এটা ডে-টাইম এমি বঁটা লাভ কৰে। মূৰে ৰবাৰ্ট অল্টমেনৰ ছবি চৰ্ট কাটচ (১৯৯৩) আৰু তাৰ পিছত টড হেইনছৰ চেইফ (১৯৯৫) ছবিৰ জৰিয়তে চৰ্চালৈ আহে। ব্লকবাষ্টাৰ ছবি নাইন মান্থছ (১৯৯৫) আৰু দ্য লষ্ট ৱৰ্ল্ড: জুৰাচিক পাৰ্ক (১৯৯৭)-এ তেওঁক হলিউডৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে। ড্ৰামা ছবি বগী নাইটছ (১৯৯৭) আৰু পিৰিয়ড ড্ৰামা দ্য এণ্ড অৱ দ্য এফেয়াৰ (১৯৯৯), ফাৰ ফ্ৰম হেভেন (২০০২) তথা দ্য আৱাৰ্ছ (২০০২)-ত কৰা অভিনয়ৰ বাবে তেওঁ অস্কাৰ মনোনয়ন লাভ কৰিছিল।

মূৰৰ কেৰিয়াৰৰ আন কেইখনমান উল্লেখযোগ্য ছবি হ'ল— দ্য বিগ লেবোস্কি (১৯৯৮), মেগনোলিয়া (১৯৯৯), হানিবেল (২০০১), চিলড্ৰেন অৱ মেন (২০০৬), এ চিংগল মেন (২০০৯), দ্য কিডছ আৰ অল ৰাইট (২০১০) আৰু মেপছ টু দ্য ষ্টাৰ্ছ (২০১৪)। ২০১২ চনৰ এইচ বি অ' (HBO) ছবি গেম চেঞ্জ-ত চাৰাহ পেলিনৰ চৰিত্ৰত অভিনয় কৰি তেওঁ এটা প্ৰাইমটাইম এমি বঁটা লাভ কৰে। ২০১৪ চনত ষ্টিল এলিচ ছবিত এগৰাকী এলঝেইমাৰ ৰোগীৰ চৰিত্ৰত কৰা বলিষ্ঠ অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ একাডেমী বঁটা (অস্কাৰ) লাভ কৰে। তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিসমূহ হ'ল— দ্য হাংগাৰ গেমছ শৃংখলা (২০১৪–২০১৫) আৰু স্পাই ফিল্ম কিংচমেন: দ্য গোল্ডেন চাৰ্কল (২০১৭)। শেহতীয়াকৈ তেওঁ মে ডিচেম্বৰ (২০২৩), ঐতিহাসিক ধাৰাবাহিক মেৰী এণ্ড জৰ্জ (২০২৪) আৰু ক'লা কমেডী ধাৰাবাহিক চাইৰেন্স (২০২৫)-ত অভিনয় কৰিছে।

অভিনয়ৰ উপৰিও মূৰে ফ্ৰেক্লেফেচ ষ্ট্ৰবেৰী নামৰ চৰিত্ৰটোৰ ওপৰত ভিত্তি কৰি এখন শিশু গ্ৰন্থ শৃংখলা লিখিছে। তেওঁ পৰিচালক বাৰ্ট ফ্ৰয়েণ্ডলিচৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে আৰু তেওঁলোকৰ দুটা সন্তান আছে। ২০১৫ চনত 'টাইম' আলোচনীয়ে তেওঁক বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

জুলি এন স্মিথৰ জন্ম ১৯৬০ চনৰ ৩ ডিচেম্বৰত নৰ্থ কেৰোলাইনাৰ ফৰ্ট ব্ৰেগত হৈছিল।১২ তেওঁৰ পিতৃ পিটাৰ মূৰ স্মিথ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীৰ এজন পেৰাট্ৰুপাৰ আছিল, যিয়ে পিছলৈ সামৰিক ন্যায়াধীশৰ পদ মৰ্যাদা লাভ কৰিছিল।৩ তেওঁৰ মাতৃ এন আছিল স্কটলেণ্ডৰ গ্ৰীনকৰ এগৰাকী মনোবিজ্ঞানী আৰু সমাজকৰ্মী, যিয়ে ১৯৫১ চনত পৰিয়ালৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰিছিল। মাতৃৰ সন্মানত মূৰে ২০১১ চনত ব্ৰিটিছ নাগৰিকত্ব গ্ৰহণ কৰে।৪

পিতৃৰ চাকৰিৰ সূত্ৰে মূৰে সৰু কালত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিবলগীয়া হৈছিল। তেওঁলোকৰ পৰিয়ালে আলাবামা, জৰ্জিয়া, টেক্সাছ, পানামা, নেব্ৰাস্কা, আলাস্কা, নিউয়ৰ্ক আৰু ভাৰ্জিনিয়া আদিকে ধৰি বহু ঠাইত বসবাস কৰিছিল আৰু মূৰে নখন বেলেগ বেলেগ স্কুলত পঢ়িবলগীয়া হৈছিল।৫ তেওঁ উল্লেখ কৰিছে যে এই ধাৰাবাহিক স্থানান্তৰিত জীৱনশৈলীয়ে তেওঁক ভৱিষ্যতৰ অভিনয় কেৰিয়াৰত সহায় কৰিছিল।

যেতিয়া মূৰৰ বয়স ১৬ বছৰ আছিল, তেতিয়া তেওঁলোকৰ পৰিয়ালটো ভাৰ্জিনিয়াৰ পৰা পশ্চিম জাৰ্মানীৰ ফ্ৰাংকফৰ্টলৈ গুচি যায়। তেওঁ এগৰাকী মেধাবী ছাত্ৰী আছিল আৰু প্ৰথম অৱস্থাত চিকিৎসক হোৱাৰ পৰিকল্পনা কৰিছিল।৩ তেওঁ এজন অতি উৎসাহী পাঠক আছিল, যাৰ বাবে তেওঁ স্কুলীয়া নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰে। ইংৰাজী শিক্ষকৰ উৎসাহত তেওঁ থিয়েটাৰক কেৰিয়াৰ হিচাপে বাছি লৈছিল।৬ তেওঁ বষ্টন বিশ্ববিদ্যালয়ৰ কলেজ অৱ ফাইন আৰ্টছত নামভৰ্তি কৰে আৰু ১৯৮৩ চনত থিয়েটাৰত স্নাতক ডিগ্ৰী (BFA) লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ Summerscale, Kate. (October 13, 2007). Julianne Moore: beneath the skin. The Telegraph
  2. ↑ Lipworth, Elaine. (August 27, 2011). Julianne Moore: still fabulous at 50, interview. The Telegraph
  3. ↑ Mackenzie, Suzie. (February 1, 2003). The Hidden Star. The Guardian
  4. ↑ Rees, Jasper. (July 24, 2010). Q&A: Actress Julianne Moore. The Arts Desk
  5. ↑ (December 22, 2002). Episode 7, Julianne Moore. Inside the Actors Studio
  6. ↑ Rozen, Leah (April 2012). "Moore than Meets the Eye". More. pp. 72–75, 88

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পীলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুলিয়ান মূৰ” প্ৰবন্ধৰ সংশোধন ৫৮৫৩১০ (৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।