জুলিয়া বাটাৰ্ছ (ইংৰাজী ভাষা: Julia Butters; জন্ম: ১৫ এপ্ৰিল, ২০০৯)১ এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। তেওঁ পাঁচ বছৰ বয়সতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ ৱানচ আপন এ টাইম ইন হলিউড (২০১৯) বোলছবিত ট্ৰুডি ফ্ৰেজাৰৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ যুৱ অভিনয় শিল্পীৰ ক্ৰিটিক্স চয়েচ মুভি বঁটাৰ মনোনয়ন লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ দা ফেবেলমেনচ (২০২২)-ত ৰেজি ফেবেলমেন হিচাপে অভিনয় কৰিছিল। তেওঁ আমেৰিকান হাউচৱাইফ (২০১৬–২০২০)-ত আন্না-কেট অট’ আৰু ফ্ৰিকিয়াৰ ফ্ৰাইডে (২০২৫)-ত হাৰ্পাৰ কোলমেনৰ চৰিত্ৰত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা অৰ্জন কৰে।
প্ৰাৰম্ভিক জীৱন
বাটাৰ্ছৰ জন্ম লছ এঞ্জেলছত হৈছিল। তেওঁৰ পিতৃ ডেৰিন বাটাৰ্ছ এজন ডিজনী এনিমেটৰ যিয়ে ফ্ৰজেন আৰু ৰালফ ব্ৰেকচ দা ইণ্টাৰনেটৰ দৰে বোলছবিত কাম কৰিছে।২৩৪
কৰ্মজীৱন
জুলিয়া বাটাৰ্ছে বিজ্ঞাপনৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথম কথা কোৱা ভূমিকাটো আছিল ক্ৰিমিনেল মাইণ্ডচত গেবীৰ চৰিত্ৰ।৫ ২০১৬ চনত বাটাৰ্ছে আমাজন প্ৰাইম ভিডিঅ' ধাৰাবাহিক ট্ৰেন্সপেৰেণ্টত এলাৰ চৰিত্ৰত অভিনয় কৰে।৬ সেই বছৰৰ শেষৰফালে তেওঁ এবিচিৰ চিটকম আমেৰিকান হাউচৱাইফত আন্না-কেট অট’ হিচাপে অভিনয় আৰম্ভ কৰে।৭ যেতিয়া কুয়েণ্টিন টাৰাণ্টিয়ানোৱে তেওঁৰ নৱম ছবি ৱানচ আপন এ টাইম ইন হলিউডৰ চিত্ৰনাট্য লিখি আছিল, তেতিয়া তেওঁ বাটাৰ্ছক টেলিভিছনত দেখা পায় আৰু পিছলৈ তেওঁক কম বয়সতে পৰিপক্ব শিশু অভিনেত্ৰী ট্ৰুডি ফ্ৰেজাৰৰ চৰিত্ৰত নিৰ্বাচিত কৰে।৮ এই চৰিত্ৰটোৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰাৰ পাছত বাটাৰ্ছে অনুৰূপ সুযোগৰ সন্ধান কৰাৰ সিদ্ধান্ত লয় আৰু চাৰিটা ছিজনৰ পিছত আমেৰিকান হাউচৱাইফ ত্যাগ কৰে।৯ ২০২০ চনৰ ডিচেম্বৰ মাহত বাটাৰ্ছক নেটফ্লিক্সৰ বোলছবি দা গ্ৰে মেনত অভিনয় কৰিবলৈ নিৰ্বাচিত কৰা হয়।১০
২০২১ চনৰ জুন মাহত ঘোষণা কৰা হয় যে ষ্টিভেন স্পিলবাৰ্গৰ অৰ্ধ-জীৱনীমূলক বোলছবি দা ফেবেলমেনচত বাটাৰ্ছক ৰেজি ফেবেলমেন হিচাপে নিৰ্বাচিত কৰা হৈছে। এই চৰিত্ৰটো স্পিলবাৰ্গৰ ভগ্নী এনৰ ওপৰত আধাৰিত আছিল।১১ ২০২২ চনৰ আগষ্ট মাহত বাটাৰ্ছক কুইন অৱ বনচ বোলছবিত লিলি হিচাপে নিৰ্বাচিত কৰা হয়।১২
তথ্যসূত্ৰ
- ↑ Instagram. www.instagram.com
- ↑ Guest Speaker Darrin Butters. www.nyfa.edu
- ↑ Curto, Justin. (July 29, 2019). Meet Julia Butters, the 10-Year-Old Once Upon a Time in Hollywood Breakout Star. People
- ↑ Malkin, Marc. (July 25, 2019). 'Once Upon a Time in Hollywood' Actress Julia Butters on Working With Leonardo DiCaprio, Brad Pitt. Variety. Penske Media Corporation
- ↑ White, Ashley. (March 8, 2014). Butters' daughter gets taste of Hollywood. Kearney Hub
- ↑ Vessing, Etan. (June 8, 2018). James Marsden, Julia Butters Join Quentin Tarantino's 'Once Upon a Time in Hollywood. The Hollywood Reporter. Eldridge Industries
- ↑ Julia Butters · American Housewife. ABC
- ↑ Desta, Yohana. (July 26, 2019). Once Upon a Time..in Hollywood: Meet the 10-Year-Old Leo Compared to a Young Meryl Streep. Vanity Fair. Condé Nast
- ↑ Andreeva, Nellie. (September 11, 2020). American Housewife' Recasts Anna-Kat Role With Giselle Eisenberg As Julia Butters Exits ABC Comedy. Deadline Hollywood
- ↑ Kroll. (December 17, 2020). Jessica Henwick, Wagner Moura, Dhanush and Julia Butters Join the Russo Brothers' 'Gray Man' Starring Ryan Gosling. Deadline Hollywood
- ↑ Mirabel, Marisa. (June 15, 2021). Steven Spielberg's Movie About His Childhood Casts "Once Upon a Time in Hollywood" Breakout Julia Butters. /Film
- ↑ Julia Butters,
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুলিয়া বাটাৰ্ছ” প্ৰবন্ধৰ সংশোধন ৫৯৬৯৪৫ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।