অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন

দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন বা চমুলৈ এচিয়েন (ASEAN) (ASEAN, ) ১০খন দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰৰ এক ৰাজনৈতিক তথা অৰ্থনৈতিক সংগঠন বা সংস্থা। ১৯৬৭ চনৰ ৮ আগষ্টত ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, ছিংগাপুৰ আৰু থাইলেণ্ডে এই সংগঠনটোৰ প্ৰতিষ্ঠা কৰে।

হালনাগাদ: ৬ নৱেম্বৰ ২০২৫ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন বা চমুলৈ এচিয়েন (ASEAN)১ (ASEAN,২ )৩৪ ১০খন দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰৰ এক ৰাজনৈতিক তথা অৰ্থনৈতিক সংগঠন বা সংস্থা। ১৯৬৭ চনৰ ৮ আগষ্টত ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ডে এই সংগঠনটোৰ প্ৰতিষ্ঠা কৰে। ক৫ পিছলৈ ব্ৰুণেই, কম্বোডিয়া, লাউচ, ম্যানমাৰ আৰু ভিয়েটনামকো সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়। এচিয়েনৰ মূল লক্ষ্য হৈছে সদস্য ৰাষ্ট্ৰকেইখনৰ অৰ্থনৈতিক উন্নয়ন, সামাজিক অগ্ৰগতি তথা সমাজ-সাংস্কৃতিক বিৱৰ্ত্তন, আঞ্চলিক শান্তি আৰু স্থিৰতা আৰু সদস্য ৰাষ্ট্ৰসমূহৰ ভিন্নতা সম্পৰ্কে আলোচনা কৰাৰ শান্তিপূৰ্ণ সুযোগ।৬৭

এচিয়েন দেশসমূহে মুঠ ৪ কোটি ৪০ লাখ বৰ্গ কি:মি: মাটিকালি অৰ্থাৎ বিশ্বৰ ভূমিভাগৰ ৩% আগুৰি আছে। এই দেশসমূহৰ অধ্যুষিত পানীভাগ এই মাটিকালিৰ প্ৰায় তিনিগুণ। দেশকেইখনৰ সৰ্বমুঠ জনসংখ্যা প্ৰায় ৬১ কোটি ৭০ লাখ আৰু এয়া পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ ৮.৮%। ২০১২ চনৰ হিচাপমতে এচিয়েনৰ সন্মিলিত মুঠ ঘৰুৱা উৎপাদন ২৩ হাজাৰ কোটি আমেৰিকান ডলাৰতকৈয়ো অধিক বৃদ্ধি পাইছে। এচিয়েন দেশসমূহক একেখন ৰাষ্ট্ৰ বুলি ধৰিলে এচিয়েনৰ অৰ্থনীতিৰ স্থান হ’ব বিশ্বৰ ভিতৰত সপ্তম।৮

এচিয়েন তিনিটা মূল স্তম্ভৰ ওপৰত ভিত্তি কৰি গঠন কৰা হৈছে:১ এচিয়েন পলিটিকেল-চিকিউৰিটী কমিউনিটি বা চমুকৈ এ.পি.এচ.চি.,৯ এচিয়েন ইক’নমিক কমিউনিটী বা চমুকৈ এ.ই.চি.,১০ আৰু এচিয়েন চছিঅ’-কালচাৰেল কমিউনিটী বা চমুকৈ এ.এচ.চি.চি.।১১

২০৩০ চনৰ ফিফা বিশ্বকাপ আয়োজনৰ আবেদন

জানুৱাৰী ২০১১: লম্বক সভাত এচিয়েন বৈদেশিক মন্ত্ৰীসকল মিলিত হৈ একক ৰাষ্ট্ৰ হিচাপে ২০৩০ চনৰ বিশ্বকাপ ফুটবলৰ আয়োজন কৰিবলৈ প্ৰস্তাৱ দিবৰ বাবে সিন্ধান্ত গ্ৰহণ কৰে।১২

তথ্যসূত্ৰ

  1. ↑ Overview. ASEAN. Association of Southeast Asian Nations
  2. ↑ How do you say ASEAN?. Voice of America Pronunciation Guide. VOA
  3. ↑ (8 May 2006). NLS/BPH: Other Writings, The ABC Book, A Pronunciation Guide
  4. ↑ Asean.org, ASEAN-10: Meeting the Challenges, by Termsak Chalermpalanupap, Asean.org, ASEAN Secretariat official website. Retrieved 27 June 2008
  5. ↑ Bangkok Declaration. Wikisource. Retrieved 14 March 2007
  6. ↑ ASEAN Notional Calendar 2015. asean.org. ASEAN
  7. ↑ Long, Simon. (20 November 2014). Asia: Safety in Numbers. The Economist
  8. ↑ (Feb 2014). ASEAN Community in Figures ACIF 2013. ASEAN Secretariat. ISBN 978-602-7643-73-4
  9. ↑ (Jun 2013). Fact Sheet ASEAN Political-Security Community (APSC). ASEAN Secretariat. ISBN 978-602-7643-49-9
  10. ↑ (Jun 2013). Fact Sheet ASEAN Economic Community (AEC). ASEAN Secretariat. ISBN 978-602-7643-50-5
  11. ↑ (Jun 2013). Fact Sheet of ASEAN Socio-Cultural Community (ASCC). ASEAN Secretariat. ISBN 978-602-7643-51-2
  12. ↑ Challenges to ASEAN's bid to host W. Cup www.thejakartapost.com/print/302457

সম্পৰ্কিত শ্ৰেণী

আন্তঃৰাষ্ট্ৰীয় সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন” প্ৰবন্ধৰ সংশোধন ৫৪৮৩৩১ (৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।