অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নাটো

নাটো (North Atlantic Treaty Organisation, সংক্ষেপে NATO) হৈছে উত্তৰ আমেৰিকা আৰু ইউৰোপৰ মুঠ ২৬খন দেশৰ এক সন্ধি। ১৯৪৯ চনৰ ৪ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত বেলজিয়াম, কানাডা, পৰ্টুগাল, ডেনমাৰ্ক, ফ্ৰান্স, আইচলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, নৰৱে, নেদাৰলেণ্ডছ, গ্ৰেট ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ…

হালনাগাদ: ২৯ জুন ২০২৩ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

নাটো (North Atlantic Treaty Organisation, সংক্ষেপে NATO) হৈছে উত্তৰ আমেৰিকা আৰু ইউৰোপৰ মুঠ ২৬খন দেশৰ এক সন্ধি। ১৯৪৯ চনৰ ৪ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত বেলজিয়াম, কানাডা, পৰ্টুগাল, ডেনমাৰ্ক, ফ্ৰান্স, আইচলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, নৰৱে, নেদাৰলেণ্ডছ, গ্ৰেট ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰিয়েই নৰ্থ আটলাণ্টিক ট্ৰিয়েটি অৰ্গেনাইজেছন, সংক্ষেপে নাটো গঠন কৰা হয়। ১৯৯৯ চনত পোলেণ্ড, হাংগেৰী আৰু চেক গণৰাজ্যই নটোত যোগদান দিয়াত ইয়াৰ সদস্যৰ সংখ্যা ১৯-লৈ বৃদ্ধি পায়। ২০০৪ চনত আৰু কেইখনমান ৰাষ্ট্ৰই নাটোত যোগদান দিয়ে।

নাটোৰ সদস্য দেশসমূহ

বেলজিয়াম, বুলগেৰিয়া, কানাডা, চেক গণৰাজ্য, ডেনমাৰ্ক, এষ্টোনিয়া, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, হাংগেৰী, আইচলেণ্ড, ইটালী, লাটভিয়া, লিথুৱানিয়া, লাক্সেমবাৰ্গ, নেদাৰলেণ্ডছ, নৰৱে, পোলেণ্ড, পৰ্টুগাল, ৰোমানিয়া, শ্লোভাকিয়া, শ্লোভেনিয়া, স্পেইন, তুৰস্ক, গ্ৰেট, যুক্তৰাজ্য আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ।

এই দেশসমূহৰ মাজত সন্ধি চুক্তি অনুযায়ী ৰাজনৈতিক আৰু সামৰিক সহযোগিতাৰে নাটো চুক্তিৰ অন্তৰ্ভুক্ত দেশসমূহৰ স্বাধীনতা আৰু নিৰাপত্তা সুনিশ্চিত কৰাই হৈছে নাটোৰ মূল উদ্দেশ্য। সকলো সদস্যই সেনা আৰু অস্ত্ৰৰ যোগান ধৰাত বৰঙণি যোগাই আহিছে যিয়ে একেলগে নাটোৰ সামৰিক গঠন সুদৃঢ় কৰি তুলিছে। এই সেনাবাহিনী আৰু সম্পদ জাতীয় আদেশ আৰু নিয়ন্ত্ৰণৰ অধীনত থাকে আৰু প্ৰয়োজন অনুযায়ী (ৰাজনৈতিক জটিলতা বা বিবাদ, শান্তিৰক্ষা)নাটোক এই সেনাবাহিনীৰ আৱশ্যক হয়। নাটোৰ কাৰ্য্যালয়ৰ ভাষা দুটা হৈছে ইংৰাজী ভাষা আৰু ফৰাচী। ইয়াৰ মুখ্য কাৰ্য্যালয় বেলজিয়ামৰ ব্ৰুছেলছত।

বাহ্যিক সংযোগ

সংগ্ৰহিত বা-বাতৰিঐতিহাঁহিক চলচ্চিত্ৰপঞ্জী

সম্পৰ্কিত শ্ৰেণী

আন্তঃৰাষ্ট্ৰীয় সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাটো” প্ৰবন্ধৰ সংশোধন ৩৭০৩৮০ (২৯ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।