অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ইণ্টাৰপোল

আন্তৰ্জাতিক পুলিচ সংগঠন বা ইণ্টাৰপ'ল (International Criminal Police Organization – INTERPOL)-ৰ জন্ম হয় ১৯২৩ চনত অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত আন্তৰ্জাতিক অপৰাধ আৰু অপৰাধীসকলক দমন কৰাৰ অৰ্থে। ইণ্টাৰপ'ল (INTERPOL) নামটো International আৰু Police এই শব্দ দুটাৰ পৰা আহিছে।

হালনাগাদ: ২৫ ছেপ্তেম্বৰ ২০২০ ১৪৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আন্তৰ্জাতিক পুলিচ সংগঠন বা ইণ্টাৰপ'ল (International Criminal Police Organization – INTERPOL)-ৰ জন্ম হয় ১৯২৩ চনত অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত আন্তৰ্জাতিক অপৰাধ আৰু অপৰাধীসকলক দমন কৰাৰ অৰ্থে। ইণ্টাৰপ'ল (INTERPOL) নামটো International আৰু Police এই শব্দ দুটাৰ পৰা আহিছে। প্ৰতিষ্ঠা হোৱাৰ পাঁচ বছৰৰ পাছতেই হিটলাৰে সংগঠনটো ভংগ কৰি দিছিল। অৱশ্যে দ্বিতীয় মহাসমৰ শেষ হোৱাৰ পিছত ১৯৪৬ চনত পেৰিছত সংগঠনটোক পুনৰুজ্জীৱিত কৰা হয়। সম্প্ৰতি সংগঠনটোৰ মুখ্য কাৰ্য্যালয় ফ্ৰান্সৰ লিঅ' চহৰত অৱস্থিত। বৰ্তমান পৃথিৱীৰ ১৯৪খন ৰাষ্ট্ৰ ইণ্টাৰপ'লৰ সদস্য। ভাৰতবৰ্ষ ১৯৩৮ চনৰ ইণ্টাৰপ'লৰ সদস্য।১ ৰাষ্ট্ৰসংঘৰ পিছত ই পৃথিৱীৰ দ্বিতীয় বৃহত্তম আন্তৰ্জাতিক সংস্থা। এই সংস্থাত আৰবী, ইংৰাজী, ফৰাচী আৰু স্পেনিছ ভাষাত কাম কৰা হয়।২

কাৰ্য্যাৱলী

  • ইণ্টাৰপ'লৰ মুখ্য কাৰ্য্যালয়ৰ লগত প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ মূল গুপ্তচৰ সংস্থাই যোগাযোগ ৰাখে। সদস্য ৰাষ্ট্ৰ সমূহৰ এই সংস্থাবিলাকৰ যোগেদিয়েই ইণ্টাৰপ'লে বিশ্বজুৰি অপৰাধী খা-খবৰ ৰাখে বা গ্ৰেপ্তাৰ কৰে।
  • নজন সদস্যৰে গঠিত এক কাৰ্য্যনিৰ্বাহক কমিটীয়ে ইণ্টাৰপ'লৰ কাম-কাজ চোৱা-চিতা কৰে। প্ৰতি বছৰে কোনো এখন সদস্য ৰাষ্ট্ৰৰ ৰাজধানীত ইয়াৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল মিলিত হয়।

তথ্যসূত্ৰ

  1. ↑ কোনে কেতিয়া ক'ত কেনেকৈ কি আৱিষ্কাৰ কৰিছিল. (২০০০). ইণ্টাৰপোল. জ্যোতি প্ৰকাশন
  2. ↑ General Secretariat. INTERPOL

সম্পৰ্কিত শ্ৰেণী

আন্তঃৰাষ্ট্ৰীয় সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্টাৰপোল” প্ৰবন্ধৰ সংশোধন ২৪৬৫৮০ (২৫ ছেপ্তেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।