
Fédération Internationale de Football Association বা আন্তৰ্জাতিক ফুটবল সংস্থা (ফিফা,; ইংৰাজী: International Federation of Association Football) ফুটবল, ফুটছাল আৰু বীচ্চ ছকাৰৰ আন্তঃৰাষ্ট্ৰীয় নিয়ন্ত্ৰণকাৰী সংস্থা। ২০৯টা ৰাষ্ট্ৰীয় সন্থা ইয়াৰ সদস্য। ইয়াৰ মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডৰ জুৰিখত অৱস্থিত। বৰ্তমান ফিফাৰ সভাপতি ছেপ্ ব্লাটাৰ। ফিফাই ফুটবলৰ মূল প্ৰতিযোগিতা বিশ্বকাপ অনুষ্ঠিত কৰে।
ইতিহাস
মূল প্ৰবন্ধ: ফিফাৰ ইতিহাস
আন্তঃৰাষ্ট্ৰীয় খেল জনপ্ৰিয় হৈ অহাৰ লগে লগে ফুটবলৰ তত্ত্বাৱধানৰ বাবে এটা সুকীয়া সংস্থাৰ প্ৰয়োজন অনুভৱ কৰা হৈছিল। ১৯০৪ চনৰ ২১ মে'ত পাৰী নগৰত ফিফা প্ৰতিষ্ঠা কৰা হৈছিল; মূল ফৰাচী নামটো পিছলৈ আনবোৰ দেশতো প্ৰচলন হয়। প্ৰতিষ্ঠাপক সদস্যসমূহ আছিল বেলজিয়াম, ফ্ৰান্স, নেডাৰলেণ্ড্ছ, স্পেইন (প্ৰতিনিধিৰূপে ৰিয়েল মাড্ৰিড ফুটবল ক্লাব, স্পেইনৰ ফুটবল ফেডাৰেচন ১৯১৩ চনতহে প্ৰতিষ্ঠা হয়), ডেনমাৰ্ক, চুইডেন আৰু চুইজাৰলেণ্ডৰ ৰাষ্ট্ৰীয় ফুটবল সংস্থা। একেদিনাই জাৰ্মান এছ'চিয়েচনেও টেলিগ্ৰামৰ জৰিয়তে সদস্যপদৰ প্ৰতি আগ্ৰহ প্ৰদৰ্শন কৰে।
ফিফাৰ প্ৰথম সভাপতি আছিল ৰবাৰ্ট গুৱেৰিন। ইতিমধ্যে সদস্যপদ লাভ কৰা ইংলেণ্ডৰ ফুটবল সংস্থাৰ ডেনিয়েল বাৰ্লি উল্ফল ১৯০৬ চনত সভাপতি নিৰ্বাচিত হয়। প্ৰতিষ্ঠাৰ নীতিৰ বিপৰীতে পেছাদাৰী ফুটবলাৰ থকা সত্ত্বেও ফিফাই ১৯০৮ চনৰ লণ্ডন অলিম্পিকত অনুষ্ঠিত কৰা প্ৰথম প্ৰতিযোগিতাখন আগৰবোৰতকৈ সফল হৈছিল।
১৯০৮ চনত দক্ষিণ আফ্ৰিকাৰ যোগদানেৰে ফিফাৰ সদস্যপদ ইউৰোপৰ বাহিৰলৈ আহে। তাৰ পাছত ১৯১২ চনত আৰ্জেণ্টিনা আৰু চিলি, আৰু ১৯১৩ চনত কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফুটবল সংস্থাও ফিফাৰ সদস্যভুক্ত হয়।
প্ৰথম বিশ্বযুদ্ধৰ সময়ত বহু খেলুৱৈ যুঁজলৈ যোৱা বাবে আৰু আন্তঃৰাষ্ট্ৰীয় খেলৰ কাৰণে যাতায়তৰ অসুবিধাৰ হেতুকে সংস্থাটোৰ স্থায়িত্বক লৈ সন্দেহ প্ৰকাশ হৈছিল। যুদ্ধৰ পাছৰ সময়ছোৱাত উল্ফলৰ মৃত্যুৰ পাছত নেডাৰলেণ্ড্ছৰ কাৰ্ল হাৰ্চমেনে সংস্থাটোৰ দায়িত্ব লয়। বিলুপ্তিৰ পৰা ৰক্ষা পৰিলেও সংযুক্ত ৰাজ্যৰ গৃহ ৰাষ্ট্ৰসমূহে যুদ্ধৰ শত্ৰু দেশসমূহৰ লগত ফুটবল খেলিবলৈ অস্বীকাৰ কৰি সদস্যপদ উঠাই লয়। অৱশ্যে পিছত সেই দেশসমূহে পুনৰ সদস্যপদ লাভ কৰে।
ফিফাৰ সংগ্ৰহসমূহ ইংলেণ্ডৰ National Football Museum-ত আছে।
গঠন
মূল প্ৰবন্ধ: ফিফাৰ সদস্য সংস্থাসমূহৰ তালিকা

ফিফা চুইজাৰলেণ্ডৰ আইনৰ অধীনত প্ৰতিষ্ঠা হোৱা এটা সংস্থা। ইয়াৰ মুখ্য কাৰ্যালয় জুৰিখত অৱস্থিত।
ফিফাৰ গাঁথনিৰ মূল হৈছে ফিফা কংগ্ৰেছ। প্ৰত্যেক সদস্য সংস্থাৰ প্ৰতিনিধি গোট খাই এই কংগ্ৰেছ গঠন কৰে। ১৯০৪ চনৰ পৰা এই কংগ্ৰেছ ৬৬ বাৰ মিলিত হৈছে। বছৰত এবাৰকৈ ইয়াৰ সাধাৰণ সভা অনুষ্ঠিত হয়; ১৯৯৮ চনৰ পৰা বছৰত এবাৰকৈ অতিৰিক্ত সভাও অনুষ্ঠিত হৈ আহিছে। এই সভাবোৰত ফিফাৰ কৰণীয় আৰু সেইবোৰৰ প্ৰয়োগৰ ওপৰত সিদ্ধন্ত লোৱা হয়। ফিফাৰ আইনত কেৱল কংগ্ৰেছেহে সলসলনি কৰিব পাৰে। কংগ্ৰেছে বাৰ্ষিক প্ৰতিবেদন গাহ্য কৰে, নতুন সদস্য সংস্থাৰ অনুমোদন সম্পৰ্কীয় সিদ্ধান্ত লয় আৰু নিৰ্বাচন অনুষ্ঠিত কৰে। ফিফা বিশ্বকাপ অনুষ্ঠিত হোৱাৰ পাছৰ বছৰটোত কংগ্ৰেছে ফিফাৰ সভাপতি, সাধাৰণ সম্পাদক আৰু কাৰ্যকৰী সমিতিৰ আন বিষয়ববীয়াসকলক নিৰ্বাচন কৰে।১ আকাৰ বা শক্তি নিৰ্বিশেষে প্ৰতিটো ৰাষ্ট্ৰীয় ফুটবল সংস্থাৰ এটাকৈ ভোট আছে।
সভাপতি আৰু সাধাৰণ সম্পাদক ফিফাৰ মূল বিষয়া। প্ৰায় ২৮০জন সদস্যৰে গঠিত সাধাৰণ সচিবালয়ৰ কাম-কাজ তেওঁলোকে তত্ত্বাৱধান কৰে। কংগ্ৰেছৰ সভা অনুষ্ঠিত নোহোৱা সময়ত সভাপতি আৰু কাৰ্যকৰী সমিতিয়ে সিদ্ধান্তসমূহ গ্ৰহণ কৰে। ফিফাৰ বিশ্বজোৰা সাংগঠনিক পৰিকাথামোত কাৰ্যকৰী সমিতিৰ অধীন বা কংগ্ৰেছে সৃষ্টি কৰা কেইবাটাও অতিৰিক্ত গোট থাকে। এইবোৰৰ ভিতৰত বিত্ত সমিতি, অনুশাসন সমিতি, ৰেফাৰী সমিতি আদি প্ৰধান।
ইয়াৰ বিশ্বজোৰা গঠনসমূহৰ বাহিৰে (সভাপতি, কাৰ্যকৰী সমিতি, কংগ্ৰেছ আদি) ফিফাৰ দ্বাৰা স্বীকৃত ছটা সংস্থাই ভিন ভিন মহাদেশ বা অঞ্চলত ফুটবলৰ দায়িত্ব লয়। ৰাষ্ট্ৰীয় সংস্থাবোৰহে ফিফাৰ সদস্য, মহাদেশীয় সংস্থাবোৰ নহয়। ফিফাৰ আইনমতেই মহাদেশীয় সংস্থাবোৰ গঠন হয় আৰু ফিফাৰ সদস্যপদ লভাৰ আগতে এইবোৰৰ সদস্য হোৱাটো বাধ্যতামূলক।
AFC – Asian Football Confederation Football Federation Australia ২০০৬ চনৰ পৰা AFC ৰ সদস্য। CAF - Confederation of African Football CONCACAF – Confederation of North, Central American and Caribbean Association Football Ligue de Football de Guyane, Guyana Football Federation আৰু Surinamese Football Association দক্ষিণ আমেৰিকাত হোৱা সত্ত্বেও CONCACAF ৰ সদস্য। ফ্ৰেঞ্চ গায়ানা দলটো CONCACAF ৰ সদস্য কিন্তু ফিফাৰ নহয়। CONMEBOL – Confederación Sudamericana de Fútbol OFC – Oceania Football Confederation UEFA – Union of European Football Associations আন্তৰ্মহাদেশীয় ৰাষ্ট্ৰসমূহক প্ৰতিনিধিত্ব কৰা ৰাছিয়া, তুৰ্কী আৰু কাজাখস্তানৰ দল উৱেফাৰ সদস্য (যদিও দেশকেইখনৰ বেছিভাগ ঠাই ইউৰোপৰ বাহিৰত অৱস্থিত)। ৰাজনৈতিক কাৰণত চাইপ্ৰাছ আৰু ইজৰাইলৰ সংস্থাও ইয়াৰ অন্তৰ্গত। ম'নাক', ভেটিকান চিটি আৰু উত্তৰ চাইপ্ৰাছৰ দলকেইটা উৱেফা বা ফিফাৰ সদস্য নহয়; জিব্ৰাল্টাৰ কেৱল উৱেফাৰহে সদস্য।
ফিফাই মুঠ ২০৯টা ৰাষ্ট্ৰীয় সংস্থা আৰু সেইবোৰৰ পুৰুষ ৰাষ্ট্ৰীয় দলৰ লগতে ১২৯টা মহিলা ৰাষ্ট্ৰীয় দলক স্বীকৃতি দিছে। ফিফাত ৰাষ্ট্ৰসংঘতকৈ বেছি সদস্য দেশ আছে কাৰণ ফিফাই ২৩টা অ-সাৰ্বভৌম অঞ্চলকো দেশ বুলি ধৰিছে, যেনে সংযুক্ত ৰাজ্যৰ ভিতৰৰ চাৰিখন গৃহ ৰাজ্য বা পেলেষ্টাইনৰ দৰে ৰাজনৈতিক বিবাদযুক্ত এলেকা।২
মাহে মাহে নবীকৰণ হোৱা ফিফা বিশ্ব ৰেংকিঙত আন্তঃৰাষ্ট্ৰীয় খেল, qualifiers, আৰু প্ৰীতি খেলসমূহত প্ৰদৰ্শনলৈ চাই দলবোৰক স্থান দিয়া হয়। বছৰত চাৰিবাৰ নবীকৰণ হোৱা এটা মহিলা ফুটবলৰ বিশ্ব ৰেংকিঙো আছে।
অতিৰিক্ত পঠন
- Paul Darby, Africa, Football and Fifa: Politics, Colonialism and Resistance (Sport in the Global Society), Frank Cass Publishers 2002, ISBN 0-7146-8029-X
- John Sugden, FIFA and the Contest For World Football, Polity Press 1998, ISBN 0-7456-1661-5
- Jim Trecker, Charles Miers, J. Brett Whitesell, ed., Women's Soccer: The Game and the Fifa World Cup, Universe 2000, Revised Edition, ISBN 0-7893-0527-5
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (27 May 2011). FIFA Congress. FIFA
- ↑ (27 October 2008). Palestine Football: Escape to Victory?. Bruisedearth.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফিফা” প্ৰবন্ধৰ সংশোধন ৬৩৭৪০৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।