মালালা ফাণ্ড (Malala Fund) ছোৱালীৰ শিক্ষাৰ বাবে ওকালতি কৰা এক আন্তৰ্জাতিক, অলাভজনক দাতব্য সংগঠন। ইয়াক মহিলা শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে পাকিস্তানী কৰ্মী আৰু কনিষ্ঠতম ন'বেল বঁটা বিজয়ী মালালা ইউছুফজাই আৰু তেওঁৰ দেউতাক জীয়াউদ্দীন ইউছুফজাইয়ে প্ৰতিষ্ঠা কৰিছিল।১২৩ সংগঠনটোৰ লক্ষ্য হৈছে প্ৰতিজনী ছোৱালীৰ বাবে ১২ বছৰৰ বিনামূলীয়া, সুৰক্ষিত আৰু মানদণ্ডৰ শিক্ষা নিশ্চিত কৰা।৪ ২০২০ চনৰ জুলাই মাহলৈকে সংগঠনটোৰ ৪৮জন কৰ্মচাৰী আছে আৰু আফগানিস্তান, ব্ৰাজিল, ইথিওপিয়া, ভাৰত, লেবানন, নাইজেৰিয়া, পাকিস্তান আৰু তুৰস্কত কাম কৰা ৫৮ গৰাকী নাৰী শিক্ষাৰ অধিবক্তাক সমৰ্থন কৰে।৫৬ ইয়াৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটন ডি.চি.ত অৱস্থিত আৰু বৰ্তমান ইয়াৰ মুখ্য কাৰ্যবাহী বিষয়া চুজান এহলাৰচ।
ইতিহাস
২০১৪ চনত মালালা ফাণ্ডলৈ প্ৰথম অৱদান এঞ্জেলিনা জোলিয়ে ২০০,০০০ আমেৰিকান ডলাৰ ব্যক্তিগত অনুদান আগবঢ়াইছিল। মালালাৰ জন্মস্থান পাকিস্তানৰ স্বাত উপত্যকা ছোৱালীৰ শিক্ষাৰ বাবে পুঁজি যোগান ধৰিবলৈ এই অনুদান ব্যৱহাৰ কৰা হৈছিল।৭৮
২০১৪ চনত, মালালা ফাণ্ডে কেনিয়াৰ গ্ৰাম্য অঞ্চলত এখন বালিকা মাধ্যমিক বিদ্যালয় নিৰ্মাণত সহায় কৰিছিল৯ আৰু উত্তৰ ৱাজিৰিস্তানত সংঘৰ্ষ আৰু ২০১৪ চনৰ বানপানীৰ পৰা পলায়ন কৰা শিশুসকলৰ বাবে পাকিস্তানত বিদ্যালয়ৰ ব্যৱস্থা আৰু অব্যাহত শিক্ষা প্ৰদান কৰিছিল।১০
২০১৫ চনত চিয়েৰা লিয়ন চৰকাৰে ইবোলা মহামাৰীৰ বাবে বিদ্যালয় বন্ধ কৰোঁতে মালালা ফাণ্ডে ৰেডিঅ' ক্ৰয় কৰিছিল আৰু ১,২০০ পিছপৰা অঞ্চলৰ ছোৱালীসকলৰ বাবে শ্ৰেণীকোঠা সৃষ্টি কৰিছিল যাতে তেওঁলোকৰ শিক্ষা অব্যাহত ৰাখিব পাৰে।১১১২ নাইজেৰিয়াত ছোৱালীৰ শিক্ষাৰ অধিকাৰৰ বাবে মালালায়ে মাত মতাৰ পিছত১৩ মালালা ফাণ্ডে মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিবলৈ বকো হাৰামৰ দ্বাৰা অপহৰণৰ পৰা মুক্ত হোৱা চিবোক স্কুলীয়া ছাত্ৰীসকলক সম্পূৰ্ণ বৃত্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।১৪ ২০১৫ চনৰ ১২ জুলাইত মালালাই চিৰিয়াৰ শৰণাৰ্থীসকলৰ বাবে চিৰিয়াৰ সীমান্তৰ ওচৰৰ লেবাননৰ বেকা উপত্যকাৰ এখন মাধ্যমিক বিদ্যালয়ৰ মালালা ফাণ্ডৰ জৰিয়তে পুঁজি যোগান ধৰাৰ কথা ঘোষণা কৰিছিল।১৫১৬
২০১৬ চনত মালালাই তেওঁৰ জন্মদিনৰ বাবে দাদাব শৰণাৰ্থী শিবিৰ পৰিদৰ্শন কৰিছিল আৰু মালালা ফাণ্ডৰ দ্বাৰা সমৰ্থিত নেতৃত্ব আৰু জীৱন দক্ষতাৰ ওপৰত এক পৰামৰ্শদাতা কাৰ্যসূচীৰ পৰা শৰণাৰ্থী ছোৱালীৰ স্নাতক পৰীক্ষাত অংশগ্ৰহণ কৰিছিল।১৭ ২০১৬ চনৰ ডিচেম্বৰত বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনে উন্নয়নশীল দেশসমূহত শিক্ষা চেম্পিয়নসকলক সহায় কৰিবলৈ মালালা ফাণ্ডক শিক্ষা চেম্পিয়ন নেটৱৰ্ক আৰম্ভ কৰাত সহায় কৰিবলৈ ৪ মিলিয়ন ডলাৰ প্ৰতিশ্ৰুতি দিছিল।১৮১৯
২০১৭ চনত মালালা ফাণ্ডে বিনিয়োগ প্ৰকল্পবসমূহ যথেষ্ট সম্প্ৰসাৰিত কৰিছিল যাক নিউজউইকে বৰ্ণনা কৰিছিল, "স্থানীয় লোকসকলৰ দ্বাৰা পৰিচালিত শিক্ষা ৰক্ষা কাৰ্যসূচী - যি ধৰণৰ ইউছুফজাই আৰু তেওঁৰ দেউতাকে পাকিস্তানত বাস কৰাৰ সময়ত নেতৃত্ব দিছিল - আৰু পৰৱৰ্তী দশকত বছৰি ১০ নিযুত ডলাৰ লৈকে বিতৰণ কৰিব।" ২০ নতুন অনুদানৰ ভিতৰত আছিল দেশখনৰ জনবহুল শ্ৰেণীকোঠাত ঠাই পূৰণৰ বাবে শিক্ষক নিয়োগ আৰু প্ৰশিক্ষণত সহায় কৰাৰ বাবে আফগানিস্তানত এটা প্ৰকল্প২১২২ আৰু নাইজেৰিয়াৰ স্থানীয় কৰ্মীসকলক ৯ বছৰৰ পৰা ১২ বছৰলৈ ৰাজহুৱা শিক্ষা বৃদ্ধিৰ বাবে প্ৰচাৰ চলাবলৈ সমৰ্থন কৰা।২৩
২০১৮ চনত এপল ইঙ্কে ভাৰত আৰু লেটিন আমেৰিকালৈ সম্প্ৰসাৰণৰ বাবে পুঁজি যোগান ধৰাৰ বাবে মালালা ফাণ্ডৰ সৈতে অংশীদাৰীত্ব কৰিছিল আৰু ১০০,০০০ তকৈও অধিক ছোৱালীক শিক্ষিত কৰাৰ লক্ষ্যৰে প্ৰযুক্তি, পাঠ্যক্ৰম সহায় আৰু নীতি গৱেষণা প্ৰদান কৰিছিল।২৪২৫২৬২৭২৮ ইয়াৰ উপৰিও, ব্ৰাজিলত এপল ডেভেলপাৰ একাডেমীৰ সৈতে এটা সংযোগ স্থাপন কৰা হ'ব বুলিও ঘোষণা কৰিছিল।২৯
কাম-কাজ
শিক্ষা চেম্পিয়ন নেটৱৰ্ক
মালালা ফাণ্ডে বিশ্বজুৰি ছোৱালীৰ মাধ্যমিক শিক্ষা আগবঢ়োৱাৰ বাবে স্থানীয় অধিবক্তা আৰু কাৰ্যসূচীসমূহলৈ আৰ্থিক সাহায্য প্ৰদান কৰে। ৩০ মালালা পুঁজিৰ পৰা বৰ্তমানৰ অগ্ৰাধিকাৰ প্ৰাপ্ত দেশসমূহ হৈছে আফগানিস্তান, ব্ৰাজিল, ইথিওপিয়া, ভাৰত, লেবানন, নাইজেৰিয়া, পাকিস্তান আৰু তুৰ্কী।৩১৩২
গৱেষণা আৰু ওকালতি
মালালা, জিয়াউদ্দিন, মালালা ফাণ্ডৰ কৰ্মচাৰী, শিক্ষা চেম্পিয়ন নেটৱৰ্কৰ সদস্য আৰু যুৱ শিক্ষা কৰ্মীসকলে সন্মিলনত অংশগ্ৰহণ কৰে আৰু ছোৱালীৰ শিক্ষাৰ বাবে ওকালতি কৰিবলৈ ৰাজনৈতিক নেতাসকলৰ সৈতে সাক্ষাৎ কৰে। ৩৩৩৪৩৫৩৬ তেওঁলোকৰ ওকালতিৰ লক্ষ্য হৈছে ছোৱালীৰ শিক্ষাৰ বাবে পুঁজি বৃদ্ধি কৰা[39] আৰু ছোৱালীসকলক বিদ্যালয়ৰ পৰা আঁতৰাই ৰখা প্ৰতিবন্ধকতাবোৰ আঁতৰ কৰা। এই প্ৰতিবন্ধকতা সমূহৰ ভিতৰত বাল্যবিবাহ, শিশু শ্ৰম, সংঘাত আৰু লিংগ বৈষম্য উল্লেখযোগ্য।৩৭ মালালা ফাণ্ডে ব্ৰুকিংছ ইনষ্টিটিউচন, বিশ্ব বেংক আৰু ৰিজাল্ট ফৰ ডেভেলপমেণ্টৰ সহযোগত ছোৱালীৰ মাধ্যমিক শিক্ষাৰ প্ৰভাৱৰ ওপৰত গৱেষণা চলাইছে।
২০১৮ চনৰ জুন মাহত মালালা ফাণ্ডে জি-৭ দেশ আৰু বিশ্ব বেংকৰ পৰা ছোৱালীৰ শিক্ষাৰ বাবে ২.৯ বিলিয়ন ডলাৰৰ প্ৰতিশ্ৰুতি সুৰক্ষিত কৰাত সহায় কৰিছিল।৩৮৩৯
গাৰ্লছ ভইছ
২০১৮ চনৰ জুলাই মাহত মালালা ফাণ্ডে ছোৱালীসকলৰ দ্বাৰা আৰু ছোৱালীসকলৰ বাবে তেওঁলোকৰ কাহিনীৰ সৈতে এক ডিজিটেল প্ৰকাশন এচেম্বলী মুকলি কৰে।৪০৪১ ইয়াৰ বাবে মালালা ফাণ্ডে ৱেব শ্ৰেণীত ইমেইল নিউজলেটাৰৰ বাবে ২০২০ চনৰ ৱেববাই বঁটা লাভ কৰে।৪২
জনপ্ৰিয় সংস্কৃতিত
সংগঠনটোৰ বিষয়ে ২০১৫ চনৰ আমেৰিকান তথ্যচিত্ৰ 'হি নেমড মি মালালা' আৰু মালালাৰ আত্মজীৱনী 'আই এম মালালা'ত উল্লেখ কৰা হৈছে।
তথ্যসূত্ৰ
- ↑ Hauser, Christine. (5 April 2013). Malala Yousafzai Announces Grant for Girls' Education. The New York Times
- ↑ Whitcraft, Teri. (4 February 2013). Malala Yousafzai Is Grateful for Her 'Second Life,' Creates Malala Fund for Girls' Education. ABC News
- ↑ Leber, Jessica. (1 September 2015). How Teenage Activist Malala Yousafzai Is Turning Her Fame Into A Movement. Fast Company
- ↑ Ong, Thuy. (22 January 2018). Apple partners with Malala Yousafzai's Malala Fund to help advance girls' education. The Verge
- ↑ Malala Fund Staff. Malala Fund
- ↑ Malala Fund welcomes 22 advocates as Education Champions and expands into Ethiopia. Malala Fund
- ↑ Frith, Maxine. (5 April 2013). Angelina Jolie Donates $200,000 To Malala Fund. Huffington Post
- ↑ Barker, Faye. (5 April 2013). Malala announces first grant from fund set up in her name. ITV News
- ↑ Smith, Hayden. (5 July 2014). Malala takes education bid to Kenya. Times of Malta
- ↑ (14 January 2015). Malala Fund Giving 2014: Who You Helped Support. Malala Fund
- ↑ Poon, Linda. (18 February 2015). Now This Is An Example Of Truly Educational Radio. National Public Radio
- ↑ (9 February 2015). World Radio Day. Malala Fund
- ↑ Umar, Haruna. (19 July 2017). Malala speaks out against Boko Haram in Nigeria. USA Today
- ↑ Levs, Josh. (13 April 2015). Malala's letter to Nigeria's abducted schoolgirls: 'solidarity, love, and hope'. CNN
- ↑ Westall, Sylvia. (13 July 2015). Nobel winner Malala opens school for Syrian refugees. Reuters
- ↑ Mendoza, Jessica. (13 July 2015). Malala Yousafzai's birthday request: investment in 'books, not bullets'. The Christian Science Monitor
- ↑ Opile, Caroline. (12 July 2016). Malala Celebrates her 19th Birthday with Refugees in Dadaab. UNHCR
- ↑ (December 2016). The Malala Fund – Bill & Melinda Gates Foundation. Bill & Melinda Gates Foundation
- ↑ Malala Fund Partners. Malala Fund
- ↑ Gidda, Mirren. (1 October 2017). Malala Yousafzai's New Mission: Can She Still Inspire as an Adult?. Newsweek
- ↑ Hicks, Bill. (14 June 2017). Tough school? War, illiteracy and hope in Afghanistan. BBC
- ↑ Yousafzai, Ziauddin. (9 October 2017). Teachers are nation-builders. Developing countries must invest in them properly. The Guardian
- ↑ (5 October 2017). INTERVIEW: In fighting for girls' education, UN advocate Malala Yousafzai finds her purpose. UN News
- ↑ Reilly, Katie. (22 January 2018). Apple Is Partnering With Malala's Non-Profit to Educate More Than 100,000 Girls. Time Magazine
- ↑ Gallucci, Nicole. (22 January 2018). Apple becomes Malala Fund's first Laureate partner. Mashable
- ↑ Carbone, Christopher. (23 January 2018). Apple teams up with Malala Fund to educate more than 100,000 girls worldwide. Fox News
- ↑ (21 January 2018). Apple teams with Malala Fund to support girls' education. Apple Inc.
- ↑ Dickey, Megan Rose. (22 January 2018). Apple partners with Malala Fund to help girls receive quality education. TechCrunch
- ↑ Dickey, Megan Rose. (22 July 2018). Apple and Malala Fund take new step into Latin America to give girls a full education. Independent
- ↑ Van Oot, Torey. (9 May 2017). What Happens When The World's Most Famous Teen Activist Grows Up?. Refinery29
- ↑ Education Champion Network · Malala Fund. www.malala.org
- ↑ Carolina Moreno, Ana. (16 July 2018). A estratégia de Malala para colocar 130 milhões de meninas na escola. O Globo
- ↑ Malala Fund Advocacy. Malala Fund
- ↑ Heil, Emily. (23 June 2015). Malala Yousafzai visits Capitol Hill to advocate for girls' education. The Washington Post
- ↑ (9 March 2018). 15 women speak up on the power of education. Global Partnership for Education
- ↑ Rolenc, Sharon. (3 October 2016). From Yemen to the United Nations: St. Kate's student advocates for women's education. St. Catherine University News
- ↑ Royle, Taylor; Johnston, Barry. (21 June 2017). G20 Will Never Get Women to Work Without Investing in Girls' Education. News Deeply
- ↑ (10 June 2018). $3 billion pledged for girls education at G7, delighting Malala. The Economic Times
- ↑ Mohamed, Farah. (6 June 2018). MALALA FUND ADVOCACY: The key to unlocking girls' potential. The Global Governance Project
- ↑ Assembly Issue Archive. Malala Fund
- ↑ Seshadri, Aditi. (6 July 2018). Malala Yousafzai's global non-profit launches a new digital publication. Vogue India
- ↑ Kastrenakes, Jacob. (20 May 2020). Here are all the winners of the 2020 Webby Awards. The Verge
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালালা ফাণ্ড” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৬১ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।