অৰুণাচল প্ৰদেশৰ জিলা
২৩ প্ৰবন্ধ
-
টাৱাং জিলা
টাৱাং জিলা (Tawang district, Pron:/tɑ:ˈwæŋ or təˈwæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা। এই জিলাখনৰ জনসংখ্যা ৪৯,৯৫০ জন। এই জিলা ১৯৫১ চনত চীনে তিব্বত অধিকাৰ কৰাৰ পিছৰে পৰা চীনে নিজৰ অধীন কৰিবলৈ দাবী কৰি আহিছে।
-
পশ্চিম কামেং জিলা
পশ্চিম কামেং জিলা (pronounced ) উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা৷ এই জিলাখনে অৰুণাচল প্ৰদেশৰ ৮.৮৬% মাটিকালি আগুৰি আছে৷ পশ্চিম কামেং জিলাৰ নাম জিলাখনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ উপনৈ কামেং নদীৰ পৰা আহিছে৷ এই জিলাৰ সদৰ ঠাই বমডিলা৷ জিলাখনৰ মূল অধিবাসীসকল মনপা, মিজি, আকা, শ্বেৰডুকপেন…
-
লোহিত জিলা
লোহিত জিলা (Pron: ) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা। এই জিলাৰ সদৰঠাই তেজু। ২০১১ চনৰ লোকপিয়ল অনুসৰি পাপুমপাৰে জিলা আৰু চাংলাং জিলাৰ পিচতে অৰুণাচল প্ৰদেশ ৰাজ্যৰ আটাইতকৈ জনবহুল জিলা।
-
নামনি সোৱণশিৰি জিলা
নামনি সোৱণশিৰি জিলা (Lower Subansiri district, Pron:/su:bənˈsɪɹi/) উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা। জিলাখনৰ সদৰ ঠাই হৈছে জিৰ’ নগৰ। এই জিলাৰ মাটিকালি ৩৪৬০ বৰ্গ কিলোমিটাৰ। জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক নিচি আৰু আপাতানি জনজাতিৰ।
-
পাপুমপাৰে জিলা
পাপুমপাৰে জিলা (Pron:/ˌpæpəm ˈpæɹɪ or ˈpɑ:ɹeɪ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলা অৰুণাচল প্ৰদেশৰ আটাইতকৈ জনবহুল জিলা৷ জিলাখনৰ সদৰ ঠাই য়ুপিয়াত অৱস্থিত৷ জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক নিচি জনজাতিৰ৷
-
চাংলাং জিলা
চাংলাং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাৰ উত্তৰে টিৰাপ জিলা আৰু দক্ষিণে লোহিত জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি পাপুমপাৰে জিলাৰ পিছতে এই জিলা অৰুণাচল প্ৰদেশৰ ভিতৰত সৰ্বাধিক জনবসতিপূৰ্ণ জিলা৷
-
পূব কামেং জিলা
পূব কামেং জিলা (East Kameng district ) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাখনৰ আন্তৰাষ্ট্ৰীয় সীমা তিব্বতত আৰু অন্য অংশ অৰুণাচলৰ জিলা পশ্চিম কামেং, পাপুমপাৰে আৰু কুৰুং কুমেইৰ সীমান্ত স্পৰ্শ কৰিছে৷ এই জিলাৰ সদৰ ঠাই চেপ্পা আৰু জিলাৰখনৰ সংখ্যাগৰিষ্ঠ অধিবাসী নিচি জনজাতিৰ৷
-
পূব ছিয়াং জিলা
পূব ছিয়াং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা৷ এই জিলাৰ সদৰ ঠাই পাছিঘাট৷ জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ৷
-
টিৰাপ জিলা
টিৰাপ জিলা (Tirap district, Pron:/tɪˈɹæp/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত এখন অন্যতম জিলা। এই জিলাৰ সীমান্তত নাগালেণ্ড আৰু অসম ৰাজ্য আৰু ম্যানমাৰ দেশ অৱস্থিত। এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক ন’কটে জনজাতিৰ। তেওঁলোক মূলতঃ খ্ৰীষ্টান ধৰ্মাৱলম্বী।
-
পশ্চিম ছিয়াং জিলা
পশ্চিম ছিয়াং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাৰ সদৰ ঠাই আল' (পূৰ্বৰ আলং)৷ জিলাখনত ব্যৱহৃত মূল ভাষাসমূহ হৈছে আদি আৰু গাল’৷ এই জিলাৰ সংখ্যাগৰিষ্ঠ অধিবাসী আদি, মেম্বা আৰু খাম্বা জনজাতিৰ৷
-
কুৰুং কুমেই জিলা
কুৰুং কুমেই জিলা (Kurung Kumey district, Pron:/kʊˈɹʌŋ kʊˈmi/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ ২২ খন জিলাৰ ভিতৰত অন্যতম৷ এই জিলাৰ সদৰ ঠাই ক’ল’ৰিয়াং (Koloriang)৷
-
উজনি ছিয়াং জিলা
উজনি ছিয়াং জিলা (Upper Siang, Pron:/ˈsjæŋ or ˈsɪæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা। দেশৰ ৬৪০খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা উজনি ছিয়াং অন্তিম চতুৰ্থখন জিলা। এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ।
-
উজনি সোৱণশিৰি জিলা
উজনি সোৱণশিৰি জিলা (Pron:/su:bənˈsɪɹi/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা।
-
অনজৌ জিলা
অনজৌ জিলা (Anjaw District, Pron:/ˈændʒɔ:/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন জিলা৷ ২০০৪ চনৰ ১৬ ফেব্ৰুৱাৰীত লোহিত জিলাৰ এটা অংশ পৃথক কৰি অনজৌ জিলা গঠন কৰা হয়৷ এই জিলাখন ভাৰতৰ আটাইতকৈ পূব প্ৰান্তত অৱস্থিত জিলা৷ এই জিলাখনৰো আটাইতকৈ পূব সীমান্তত থকা গাওঁখনৰ নাম দং (Dong)৷ অনজৌ ভাৰতৰ মুঠ ৬৪০ খন…
-
নামনি দিবাং উপত্যকা জিলা
নামনি দিবাং উপত্যকা জিলা (Lower Dibang Valley district, Pron:/dɪˈbæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ ভাৰতৰ জিলাসমূহৰ ভিতৰত এই জিলাখন দশম সৰ্বনিম্ন জনবসতিপূৰ্ণ জিলা হিচাপে স্বীকৃত৷
-
উজনি দিবাং উপত্যকা জিলা
উজনি দিবাং উপত্যকা (Pron:/dɪˈbæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা। এই জিলাখনৰ নাম দিবাং নদীৰ পৰা আহিছে। জিলাখনৰ অধিবাসী মিচমি সকলে দিবাং নদীক তালুন (Talon) আখ্যা দিয়ে। মাটিকালিৰ ফালৰ পৰা উজনি দিবাং উপত্যকা ৰাজ্যৰ সৰ্ববৃহৎ জিলা যদিও এই জিলাৰ জনসংখ্যা ভাৰতৰ ভিতৰতে সৰ্বনিম্ন।
-
কামলে জিলা
কামলে জিলা বা খেলমে জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাৰ সদৰ ঠাই ৰাগা (Raga)৷ ২০১৭ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ জনসংখ্যা ২২,২৫৬ জন৷
-
ক্ৰা দাদি জিলা
ক্ৰা দাদি জিলা (Kra Daadi district) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা। ২০১৫ চনৰ ৭ ফেব্ৰুৱাৰীত কুৰুং কুমেই জিলাৰ একাংশ পৃথক কৰি এই জিলাখন সৃষ্টি কৰা হৈছিল। এই জিলাৰ সদৰ ঠাই পালিন। জিলাখনৰ সংখ্যাগৰিষ্ঠ অধিবাসী নিচি জনজাতিৰ।
-
নামচাই জিলা
নামচাই জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাখন ২০১৪ চনৰ ২৫ নৱেম্বৰৰ দিনা লোহিত জিলাৰ একাংশ পৃথক কৰি গঠন কৰা হয়৷ জিলাখনৰ সদৰ ঠাই নামচাই৷
-
লংডিং জিলা
লংডিং জিলা (Longding district, Pron:/lɒŋˈdɪŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন জিলা। এই জিলাখন পূৰ্বৰ টিৰাপ জিলাৰ দক্ষিণ-পশ্চিম অঞ্চলৰ একাংশ লৈ গঠন কৰা হৈছিল।
-
আবৰ পাহাৰ
আবৰ পাহাৰ হৈছে উত্তৰ-পূব ভাৰতৰ ৰাজ্য তথা চীনৰ সীমান্তৰ ওচৰত থকা অৰুণাচল প্ৰদেশৰ এটা অঞ্চল। এই পাহাৰৰ সীমাত মিচিমি পাহাৰ আৰু মিৰি পাহাৰ আৰু ব্ৰহ্মপুত্ৰৰ উপনৈ দিবাং নদীৰ পানী অপবাহিত হয়।
-
ছিয়াং জিলা
ছিয়াং জিলা (Siang District) উত্তৰ পূূূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা। এই জিলাখন ২০১৫ চনৰ ২৭ নৱেম্বৰৰ দিনা পশ্চিম ছিয়াং জিলা আৰু পূব ছিয়াং জিলাৰ একাংশকৈ লৈ গঠন কৰা হয়।. এই জিলাখনৰ নাম ব্ৰহ্মপুত্ৰ নদীৰ পৰা আহিছে যাক অৰুণাচল প্ৰদেশত ছিয়াং নামেৰে জনা যায়।
-
নামনি ছিয়াং জিলা
নামনি ছিয়াং জিলা (Lower Siang district, Pron:/ˈsjæŋ or ˈsɪæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ ২০১৭ চনৰ ২২ ছেপ্টেম্বৰৰ দিনা পূব ছিয়াং জিলা আৰু পশ্চিম ছিয়াং জিলাৰ একাংশ পৃথক কৰি এই জিলাখন সৃষ্টি কৰা হৈছিল৷ নামনি ছিয়াং জিলাৰ অস্থায়ী সদৰ ঠাই লিকাবালি৷ জিলাখনৰ সংখ্যাগৰিষ্ঠ…