অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

মাঘনোৱা দ’ল

মাঘনোৱা দ’ল অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ফুলবাৰী গাঁৱত অৱস্থিত এটা দ'ল। ইয়াক ফুলবাৰী দ’ল নামেৰেও জনা যায়। পিচলা নৈৰ পূৱে মাঘনোৱা বিলৰ পাৰত এই দ’লটো অৱস্থিত। এসময়ত ই শক্তিৰ অধিষ্ঠাত্ৰী দেৱী কালীৰ এক মুখ্য পূজন স্থলী আছিল।

হালনাগাদ: ৬ মে’ ২০২৬ ৪২৩ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মাঘনোৱা দ’ল অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ফুলবাৰী গাঁৱত অৱস্থিত এটা দ'ল। ইয়াক ফুলবাৰী দ’ল নামেৰেও জনা যায়। পিচলা নৈৰ পূৱে মাঘনোৱা বিলৰ পাৰত এই দ’লটো অৱস্থিত। এসময়ত ই শক্তিৰ অধিষ্ঠাত্ৰী দেৱী কালীৰ এক মুখ্য পূজন স্থলী আছিল। এই দৌলত পোৱা‌ প্ৰাগ-আহোম যুগৰ শিলৰ মূৰ্ত্তিয়ে প্ৰমাণ কৰে যে এই দৌল প্ৰাগ-আহোম যুগৰ কোনো ৰজাই নিৰ্মাণ কৰোৱাইছিল। আহোম ৰাজত্বত কেইবাজনো স্বৰ্গদেৱে এই ঠাই দৰ্শন কৰাৰ প্ৰমাণ পোৱা যায়। মানৰ আক্ৰমণৰ সময়ত দলৈ আৰু পূজাৰীসকলে ইয়াৰপৰা যাওঁতে দ’লৰ মুখ্য প্ৰতিমা (বিগ্ৰহ) ভাগ লুকুৱাই ৰখা হৈছিল কিন্তু ই দ’ললৈ পুনৰ ঘূৰি নাহিল। পিছত কলাবাৰী ঘৰ সাজি প্ৰতিমা ভাগ স্থাপন কৰা হয়। এইয়াই হ’ল বৰ্তমানৰ বৰকালিকা থান।১

দ’লৰ বিৱৰণ

মাঘনোৱা দ’লটোৰ চাৰিওফালে প্ৰায় ৫ ফুট ওখ ইটাৰ বেৰ। দ’লত লাগি থকা বুলনি ঘৰৰ পাৰ প্ৰায় ১২৫ হাত দূৰত ইটাৰ বেৰত লাগি থকা বাট চ’ৰাসহ মন্দিৰ প্ৰাংগণত সোমাবলৈ এখন মাত্ৰ দুৱাৰ আছে। ইটাৰ গড়ৰ চাৰিওফালে এটি মাটিৰ গড়। মাটিৰ গড়ৰ ভিতৰৰ কালি প্ৰায় ৩৩/১৫ লোচা। গড়ৰ দক্ষিণ পূব চুকটো মাঘনোৱা বিলত লাগিছে। মাঘনোৱা বিলৰ কালি ৮৯/১৮ লোচা। দ’লটো আঠকোণীয়া আৰু সন্মুখৰ গাতে লাগি আছে বুলনি ঘৰ। দ’লটো মাটিৰ তললৈ কিমান সোমাই গৈছে সেয়া অনুমেয় নহয়। বৰ্তমান ই প্ৰায় ৩০ হাত ওখ। আঠকোণীয়া দ’লটোৰ প্ৰত্যেক বাহুৰ বাহিৰফালৰ দীঘ ৯ হাত। দ’লটোৰ বেৰৰ সাতহাত ওখত এটা কাৰ্নিচ আছে। কাৰ্নিচৰ তলৰ পৰা মাটিত লগা বেৰৰ অংশৰ মাজ ভাগ মৃদঙৰ দৰে পেটুৱা। দ’লটোৰ কাৰ্নিচৰ তলতে প্ৰত্যেক বেৰত শাৰীত পাঁচ খনকৈ দুশাৰী মূৰ্তি লগোৱা আছিল। বৰ্তমান সিমান মূৰ্তি নাই আৰু দ’লটোৰ কলচীও নাই। দ’লৰ বেৰবিলাক সাতফুট মান ডাঠ। বুলনি ঘৰ দীঘে বাৰ হাত, পথালিয়ে ন হাত আৰু ওখৈ প্ৰায় আঠ হাত। ইয়াৰ বেৰ প্ৰায় তিনি ফুট ডাঠ। দুয়োফালৰ বেৰত চাৰিওটাকৈ চাকি থোৱা থাকে। বেৰত লগোৱা তিনিখন ভগা আৰু আঠখন ভাল মূৰ্তি ইয়াত সজাই থোৱা আছে।২

বুৰঞ্জী

প্ৰাগ-আহোম যুগ

এই দ’লটো কোনে নিৰ্মাণ কৰিছিল ক’তো পোৱা নাযায়। কিন্তু দ'লত উদ্ধাৰ হোৱা প্ৰাগ-আহোম যুগৰ শিলৰ মূৰ্ত্তিয়ে দʼলটোৰ পৌৰাণিক ইতিহাস দাঙি ধৰিছে।

মাঘনোৱা দৌলৰ প্ৰাংগণৰ পৰা উদ্ধাৰ হোৱা ৯-১১ শতিকাৰ দেৱী মনসাৰ মূৰ্তি
মাঘনোৱা দৌলৰ প্ৰাংগণৰ পৰা উদ্ধাৰ হোৱা ৯-১১ শতিকাৰ দেৱী মনসাৰ মূৰ্তিছবি: Ananya Taye · CC0

আহোম যুগ

ঘৰ আৰু ইটাৰ ঠাঁচ চাই এই দ’ল আহোম ৰজা সকলেই পুণৰ নিৰ্মাণ কৰিছিল বুলি ক’ব পাৰি। আনন্দ চন্দ্ৰ আগৰৱালাই "কামৰূপ তীৰ্থৰ বিৱৰণ" প্ৰবন্ধত (আৱাহন ৫ম বছৰ) মাঘনোৱা দ’লৰ পাৰতে বিভাণ্ডক মুণিৰ আশ্ৰম আছে বুলি লিখিছে।

মাঘনোৱা দ'লৰ সম্মুখভাগত স্থাপিত তথ্য ফলকত উল্লেখ কৰা তথ্য অনুসৰি দ’লটো স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পৃষ্ঠপোষকতাত নিৰ্মিত হৈছিল। ওৱেদ চাহাবৰ বুৰঞ্জীৰ মতে চাওফা চুৰেম্‌ফাই (১৭৫১-১৭৬৯) পিচলা নৈত স্নান কৰি ফুলবাৰী দেৱালয়ত গোঁসানী সেৱা কৰি ৪,০০০ তিৰোতা আৰু ল’ৰা ছোৱালীক কাপোৰ, টকা আৰু সোণ দান কৰে।

বৰ্তমান

অৱহেলাৰ বাবে দ’লটিৰ প্ৰায়বোৰ সামগ্ৰীৰ নষ্ট সাধন হৈছে। এতিয়াও প্ৰতিবছৰে পূজাৰ বাবে বহু ভক্তৰ ইয়ালৈ আগমন ঘটে। কম বেছি পৰিমাণে পৰ্যটকো দেখিবলৈ পোৱা যায়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ শিৱ শৰ্মাৰ "বাৰ বৈষ্ণৱৰ স্থান নাৰায়ণপুৰ আৰু মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ সমন্বিতে ইয়াৰ সন্তসকল
  2. ↑ মহেশ্বৰ নেওগ- "পবিত্ৰ অসম"

সম্পৰ্কিত শ্ৰেণী

নাৰায়ণপুৰহিন্দুধৰ্মৰ মঠ-মন্দিৰঅসমৰ পুৰাতাত্বিক স্থানঅসমৰ সংৰক্ষিত স্মৃতিচিহ্ন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাঘনোৱা দ’ল” প্ৰবন্ধৰ সংশোধন ৬০৪৯৮৫ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।