ৰঙাচিলনী (Brahminy Kite, বৈজ্ঞানিক নাম-Haliastur indus) এটা মজলীয়া আকাৰৰ মাংসহাৰী চৰাইৰ প্ৰজাতি৷ ই 'Accipitridae' পৰিয়ালৰ অন্তৰ্ভুক্ত চিলনীৰ প্ৰজাতি৷ এই ৰঙাচিলনী প্ৰধানকৈ ভাৰত উপমহাদেশ, দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াত দেখা পোৱা যায়৷
বিৱৰণ

ৰঙাচিলনীৰ দেহৰ বাহ্যিক গঠন বিশেষ বৈশিষ্ট্যপূৰ্ণ৷ ইয়াৰ দেহ মাখন ৰঙৰ, মূৰ আৰু বুকুৰ ৰং বগা তথা ডেউকা ক'লা বৰণৰ হয়৷ পোৱালি ৰঙা চিলনী মটিয়া বৰণৰ হয়৷ ৰঙাচিলনীৰ নেজ ঘুৰণীয়া হয়৷ ১ The two genera are however very close.২
ইয়াৰ মাতটো কিইয়েউ (keeyew) ধৰণৰ হয়৷ ১

টেক্স'নমি
ৰঙাচিলনীৰ বিষয়ে পোনপ্ৰথমবাৰৰ বাবে বৰ্ণনা কৰে ১৭৮৩ চনত ডাচ্চ প্ৰকৃতিবিদ পিটাৰ ব'দ্দাৰ্ট (Pieter Boddaert)এ ৷ ইয়াৰ প্থানকৈ চাৰিবিধ উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়-
- indus (Boddaert, 1783)-দক্ষিণ এছিয়া
- flavirostris (Condon & Amadon, 1954) -চ'লোমন দ্বীপপূঞ্জ (Solomon Islands)
- girrenera (Vieillot, 1822)-নিউ গিনি, অষ্ট্ৰেলিয়া
- intermedius (Edward Blyth, 1865)- ফিলিপাইন
বিতৰণ

ৰঙাচিলনী প্ৰধানকৈ শ্ৰীলংকা, নেপাল, ভাৰত, পাকিস্তান, বাংলাদেশ, আৰু দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়া আদিত দেখা পোৱা যায়৷ ই কেতিয়াবা ঋতু অনুযায়ী স্থানীয়ভাৱে প্ৰব্ৰজন কৰাও দেখা যায়৷ ৩
আচৰণ
প্ৰজনন
দক্ষিণ এছিয়াত ৰঙাচিলনীয়ে সাধাৰণতে ডিচেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত প্ৰজনন কৰে৷৪ অষ্ট্ৰেলিয়াত ই আগষ্টৰ পৰা অক্টোবৰ মাহত প্ৰজনন কৰা দেখা যায়৷ ৫ গছৰ সৰু ডালি, পাত আদিৰে ই গছত বাহ সাজে৷ ৫ ই একেঠাইতে বছৰৰ পিছত বছৰ ধৰি বাহ সাজে বুলি জান যায়৷ ৬৭
এবাৰত দুটাকৈ শেঁতা বগা না নীলা-বগা কণী পাৰে৷ মতা-মাইকী উভয়ে বাহ সজা আৰু পোৱালিৰ যত্ন লয়৷ ৮
খাদ্য
ৰঙাচিলনী সাধাৰণতে মৃতভক্ষী৷ ই মৰা মাছ, কেকোঁৰা আদি খায়৷ ৪৷ অৱশ্যে ই মাজে সময়ে চিকাৰ কৰি শহা বা বাদুলী আদি জীৱন্ত প্ৰাণী আদিও খোৱা দেখা যায়৷৯ ই কেতিয়াবা অন্য চৰাইৰ পৰা চিকাৰ কাঢ়িও খায়৷১০
স্থিতি তথা সংৰক্ষণ
ৰঙাচিলনীক বৰ্ত্তমান আই.ইউ. চি. এনে সংকটৰ পৰা মুক্ত বুলি স্বীকৃতি দিছে৷১১
তথ্যসুত্ৰ
- Hadden, Don. (2004). Birds and Bird Lore of Bougainville and the North Solomons. Dove Publications. ISBN 0-9590257-5-8
লগতে চাওক
- Jayabalan,JA (1995) Breeding ecology of Brahminy Kite Haliastur indus in Cauvery Delta, south India. Ph.D. Dissertation, Bharathidasan University. Mannampandal, Tamil Nadu.
- Raghunathan,K (1985) Miscellaneous notes: a peculiar feeding habit of Brahminy Kite. Blackbuck. 1(3), 26-28.
- Jayakumar,S (1987) Feeding ecology of wintering Brahminy Kite (Haliastur indus) near Point Calimere Wildlife Sanctuary. M.Sc. Thesis, Bharathidasan University, Tiruchirapalli.
- Hicks, R. K. 1992. Brahminy Kite Haliastur indus fishing? Muruk 5:143-144.
- van Balen, B. S., and W. M. Rombang. 2001. Nocturnal feeding by Brahminy Kites. Australian Bird Watcher 18:126.
বাহ্যিক সংযোগ
- Video of re-introduction of Brahminy Kites in their natural habitat in Indonesia from BBC Sci-Tech
- BirdLife Species Factsheet
তথ্যসূত্ৰ
- ↑ Rasmussen, PC & JC Anderton. (2005). Birds of South Asia: The Ripley Guide. Volume 2. Smithsonian Institution and Lynx Edicions. পৃ. 86
- ↑ Wink M, Sauer-Gürth H. (2000). Raptors at Risk. WWGBP/HancockHouse. পৃ. 135–147
- ↑ Hill,LA. (1966). Heralders of the monsoon. Newsletter for Birdwatchers. পৃ. 6–7
- ↑ Whistler, Hugh. (1949). Popular Handbook of Indian Birds. Gurney and Jackson. পৃ. 370–371
- ↑ Beruldsen, G. (2003). Australian Birds: Their Nests and Eggs. self. পৃ. 200. ISBN 0-646-42798-9
- ↑ Balachandran,S; Sakthivel,R. (1994). Site-fidelity to the unusual nesting site of Brahminy Kite Haliastur indus (Boddaert). J. Bombay Nat. Hist. Soc.. পৃ. 139
- ↑ Morrison, William; Rosalind,Lima; Balachandran,S. (1992). Unusual nesting site of Brahminy Kite Haliastur indus'. J. Bombay Nat. Hist. Soc.''. পৃ. 117–118
- ↑ Ali, S & S D Ripley. (1978). Handbook of the birds of India and Pakistan. Oxford University Press. পৃ. 230–232
- ↑ Manakadan, Ranjit; Natarajan,V. (1992). Brahminy Kite Haliastur indus (Boddaert) preying on bats. J. Bombay Nat. Hist. Soc.. পৃ. 367
- ↑ Kalsi, R S & Rahul Kaul. (1992). Kleptoparasitism by Brahminy Kite on Purple Herons. Newsletter for Birdwatchers. পৃ. 8
- ↑ van Balen, B. S., I. S. Suwelo, D. S. Hadi, D. Soepomo, R. Marlon, and Mutiarina. (1993). Decline of the Brahminy Kite Haliastur indus on Java. Forktail. পৃ. 83–88
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঙাচিলনী” প্ৰবন্ধৰ সংশোধন ৬৩৭৯১৫ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।