বালিৰ মইনা (Bali myna; বৈজ্ঞানিক নামঃ Leucopsar rothschildi)ক ৰথচাইল্ড'চ মইনা বা বালিৰ ষ্টাৰ্লিং বুলিও জনা যায়৷ স্থানীয়ভাৱে ই জলাক বালি নামেৰে পৰিচিত। মধ্যমীয়া আকাৰৰ এবিধ চৰাবিধ ২৫ ছেঃমি (৯.৮ ইঞ্চি) পৰ্যন্ত দীঘল হয়। ইয়াৰ চেহেৰা গাঁঠলু, প্ৰায় সম্পূৰ্ণ বগা, দীঘল আৰু তললৈ বৈ পৰা জঁ; ডেউকা আৰু ঠেঙত ক'লা দাগ থাকে। চৰাইটোৰ চকুৰ চাৰিওফালে নীলা ছাল থাকে, ঠেঙৰ ৰং ধূসৰ আৰু ঠোঁট হালধীয়া ৰঙৰ। দুয়োটা লিঙ্গৰে চৰাই দেখাত একে। ই অতিশয় বিপদাপন্ন আৰু অৰণ্যত ২০২০ চনত ৫০টাতকৈও কম প্ৰাপ্তবয়স্ক এইবিধ চৰাইৰ অস্তিত্ব আছে বুলি ধাৰণা কৰা হৈছিল।১
শ্ৰেণীবিন্যাস আৰু পদ্ধতিগত
১৯১২ চনত জাৰ্মান পক্ষীবিজ্ঞানী এৰৱিন ষ্ট্ৰেছমেনে ইণ্ডোনেছিয়াৰ বালি দ্বীপৰ পৰা সংগ্ৰহ কৰা মাইকী বালিৰ মইনাৰ নমুনাৰ ওপৰত ভিত্তি কৰি ইয়াক বালিৰ মইনা হিচাপে আনুষ্ঠানিকভাৱে বৰ্ণনা কৰিছিল। তেওঁ লিউকোপচাৰ নামৰ এটা নতুন গণ প্ৰৱৰ্তন কৰি ইয়াৰ দ্বিপদী নাম লিউকপছাৰ ৰথচিল্ডি থৈছিল।২ এই গণৰ নামটোৱে প্ৰাচীন গ্ৰীক লিউকোছ অৰ্থাৎ "বগা" আৰু প্ৰজাৰ অৰ্থ হৈছে "ষ্টাৰ্লিং"-ক একত্ৰিত কৰিছে।৩ ইংলেণ্ডৰ হাৰ্টফৰ্ডশ্বায়াৰৰ ট্ৰিঙত থকা তেওঁৰ সংগ্ৰহালয়ত ষ্ট্ৰেছমেনক চৰাই পৰীক্ষা কৰিবলৈ অনুমতি দিয়া ৱাল্টাৰ ৰথচাইল্ডক সন্মান জনোৱাৰ বাবেই এই বিশেষ নামটো বাছনি কৰা হৈছিল।২ বালিৰ মইনা হৈছে লিউকোপচাৰ গণৰ একমাত্ৰ প্ৰজাতি। ইয়াক ষ্টাৰ্নিয়া আৰু ব্ৰাহ্মিনী ষ্টাৰ্লিং সৈতে অতি ঘনিষ্ঠভাৱে সম্পৰ্কিত যেন লাগে, সেয়ে প্ৰথমতে ইয়াৰ নাম ষ্টাৰ্নাছ ৰখা হৈছিল। পিছত ২০০৮ চনত এক অধ্যয়নৰ দ্বাৰা ষ্টাৰ্নিয়ালৈ৪ স্থানান্তৰিত কৰা হৈছিল, যিহেতু ষ্টাৰৰ্নাছ অত্যন্ত পাৰাফাইলেটিক আছিল।৫
বৰ্ণনা

বালিৰ মইনা হৈছে এক মধ্যমীয়া আকাৰৰ মইনা চৰাই। ইয়াৰ দৈৰ্ঘ্যৰ ২৫ ছেঃমিঃ (৯.৮ ইঞ্চি)। ই প্ৰায় সম্পূৰ্ণৰূপে বগা আৰু ইয়াৰ দীঘল, তললৈ হালি থকা জঁ, ডেউকা আৰু নেজত ক'লা ৰঙৰ দাগ থাকে। ইয়াৰ চকু আৰু ভৰিৰ চাৰিওফালে নীলা ছাল আৰু হালধীয়া ঠোঁট আছে। উভয় লিঙ্গৰ চৰাই দেখাত একে কিন্তু মতাটোৰ মাইকীজনীৰ তুলনাত দীঘল জঁ থাকে।৬ ক'লা ডেউকাৰ মইনা (Acridotheres melanopterus)ও একে প্ৰজাতিৰ। কেৱল ইয়াৰ এটা চুটি জঁ; ডেউকা আৰু নেজৰ ওপৰত ডাঙৰ ক'লা দাগ আছে, লগতে চকুত এটা হালধীয়া আঙঠি (নোমহীন) আছে।৭

বিতৰণ আৰু বাসস্থান
বালিৰ মইনা ইণ্ডোনেছিয়াৰ উত্তৰ-পশ্চিম বালি (আৰু ইয়াৰ উপকূলীয় দ্বীপসমূহ)তে সীমাৱদ্ধ। ই দ্বীপটোৰ একমাত্ৰ স্থানীয় মেৰুদণ্ডী প্ৰজাতি।৭৮ ১৯৯১ চনত এই চৰাইবিধক বালিৰ প্ৰাণীৰ প্ৰতীক হিচাপে মনোনীত কৰা হৈছিল। ইণ্ডোনেছিয়াৰ ২০০ ৰুপিয়া মুদ্ৰাত ইয়াৰ ছবি সন্নিৱিষ্ট হৈছে। ইয়াৰ স্থানীয় নাম হৈছে জালাক বালি।

আচৰণ আৰু পৰিস্থিতিতন্ত্ৰ
ইয়াৰ প্ৰাকৃতিক বাসস্থান অস্পষ্ট, নিজকে আঁৰ কৰিবৰ বাবে গছৰ শিখৰ ব্যৱহাৰ কৰে। ই অন্য ষ্টাৰলিঙৰ দৰে নহয়, সাধাৰণতে কেৱল পানী খাবলৈ বা বাহৰ বাবে সামগ্ৰী বিচাৰিবলৈ মাটিলৈ আহে; মুকলি ঠাইত থকাৰ সময়ত লক্ষণীয়ভাৱে শত্ৰুৰ সৈতে অভিযোজন কৰা যেন লাগে। বালিৰ মইনা প্ৰায়ে খাদ্যৰ সন্ধান কৰিবলৈ আৰু চিকাৰী জন্তুৰ পৰা সাৱধান হ'বলৈ সৰু হৈ থাকোঁতে দলৱদ্ধভাৱে একত্ৰিত হয়।৯ কণ্ঠস্বৰ হৈছে বিভিন্ন ধৰণৰ তীক্ষ্ণ চিঁ চিঁয়নি আৰু কিচিৰ মিচিৰ শব্দ।৭
বালিৰ মইনাৰ খাদ্য তালিকাত ফল, বীজ, কৃমি আৰু পোক-পতংগ অন্তৰ্ভুক্ত।৯
প্ৰজনন
প্ৰজননৰ সময়ত (বালিৰ বৰ্ষা ঋতুত) মতা বালিৰ মইনা চৰাইবোৰে ডাঙৰকৈ মাতি আৰু কণ্ঠস্বৰত সুৰৰ বিস্তাৰ কৰি মাইকী চৰাইক আকৰ্ষণ কৰাৰ চেষ্টা কৰে। চৰাইবোৰে গছৰ ধোন্দত বাস কৰে। দুটা বা তিনিটা কণী দি মাইকী চৰাইজনী উমনিত বহে। মতা আৰু মাইকী উভয়েই কণী ফুটি পোৱালি ওলোৱাৰ পিছত পোৱালিৰ বাবে বাহলৈ খাদ্য কঢি়য়াই।৯
স্থিতি আৰু সংৰক্ষণ
বালিৰ মইনা গুৰুতৰভাৱে বিপন্ন, ১৯৯৪ চনৰ পৰা বন্যসংখ্যা বিলুপ্ত হোৱাৰ পথত। ২০১৫ চনলৈকে অৰণ্যত ১০০তকৈও কম প্ৰাপ্তবয়স্ক বালি মইনাৰ অস্তিত্ব থকা বুলি ধাৰণা কৰা হৈছে। প্ৰায় ১,০০০টা বন্দী অৱস্থাত জীয়াই আছে বুলি বিশ্বাস কৰা হয়। বালিৰ মইনাক চাইটছৰ এপেণ্ডিক্স ১-ত তালিকাভুক্ত কৰা হৈছে। আনকি বন্দী অৱস্থাত থকা এইবিধ চৰাইৰ ব্যৱসায় কঠোৰভাৱে নিয়ন্ত্ৰিত কৰা হৈছে। সাধাৰণতে এই প্ৰজাতিটো ব্যক্তিগতভাৱে থোৱাৰ বাবে উপলব্ধ নহয়। অৱশ্যে, অভিজ্ঞ পক্ষীপালক বন্দী প্ৰজনন কাৰ্যসূচীৰ সৈতে সংযুক্ত হ'ব পাৰে, যাৰ যোগেদি তেওঁলোকে এই প্ৰজাতিটোক আইনীভাৱে ৰাখিব পাৰে। ক'লা বজাৰত ক্ৰয়-বিক্ৰয় কৰা এইবিধ চৰাইৰ সংখ্যা বন্দী প্ৰজনন কাৰ্যসূচীত আইনীভাৱে আহৰণ কৰা চৰাইৰ দুগুণ বুলি অনুমান কৰা হৈছে।৭
২০১৮ চনত বালিৰ বনাঞ্চলত এইবিধ চৰাইৰ অস্তিত্ব থকা তিনিটা স্থান হ'ল - পশ্চিম বালি ৰাষ্ট্ৰীয় উদ্যান, বালিৰ সৰু দ্বীপ নুছা পেনিডা আৰু পেয়াঙ্গানৰ মেলিংগিহ কেলোডতত অৱস্থিত বেগাৱান ফাউণ্ডেশ্যনৰ প্ৰজনন আৰু মুক্তি স্থান।৭
বালিৰ মইনা প্ৰজনন কাৰ্যসূচী
এটা "প্ৰজনন ঋণ"ত ১২জন প্ৰজননকাৰী জড়িত থাকে যিয়ে পশ্চিম জাভা বোগোৰ এছ'চিয়েশ্যন অৱ ষ্টাৰ্লিং কনজাৰভেষ্টিছৰ পৰা প্ৰত্যেকেই ১৫টা মতা আৰু ১৫জনী মাইকী বালিৰ মইনা চৰাই লাভ কৰে। বন্ধক হিচাপে সকলো চৰাইৰ মৃত্যু হ'লে প্ৰতিজন প্ৰজননকাৰীয়ে এটা গৰু জমা দিব লাগে৷ প্ৰজননকাৰীয়ে পশ্চিম বালি ৰাষ্ট্ৰীয় উদ্যানত ১০ শতাংশ পোৱালি মুকলি কৰিবলৈ বাধ্য আৰু বাকীখিনি ব্যক্তিগতভাৱে বিক্ৰী কৰিব পাৰে।১০ পেনচিলভেনিয়াৰ পিটছবাৰ্গৰ নেচনেল এভিএৰীত এযোৰ বালিৰ মইনা আছে যিটো প্ৰজাতিটোৰ জীৱন ধাৰণ কাৰ্যসূচীৰ অংশ।
পশ্চিম বালি ৰাষ্ট্ৰীয় উদ্যান
১৯৮০-ৰ দশকত পশ্চিম বালি ৰাষ্ট্ৰীয় উদ্যানত আনুমানিক ৩৫০টা চৰাই আছিল। ১৯৯০-ৰ দশকত ৪০০-ৰো অধিক পিঞ্জৰাৱদ্ধ চৰাইক সিহঁতৰ সংখ্যা বৃদ্ধি কৰিবলৈ উদ্যানখনত মুকলি কৰি দিয়া হৈছিল। কিন্তু ২০০৫ চনৰ ভিতৰত উদ্যান কৰ্তৃপক্ষই এই সংখ্যা ১০তকৈও কমলৈ হ্ৰাস হোৱাৰ অনুমান কৰিছিল। এই হ্ৰাসৰ মূল কাৰণ আছিল পিঞ্জৰাবদ্ধ চৰাইৰ বজাৰত বিৰল চৰাইৰ লাভজনক চাহিদাৰ প্ৰতি চোৰাং চিকাৰীয়ে সঁহাৰি জনোৱাটো।
নুছা পেনিডা দ্বীপ

বালিৰ দক্ষিণ-পূব উপকূলৰ পৰা ১৪ কিলোমিটাৰ দূৰৈত অৱস্থিত নুছা পেনিডা দ্বীপ আৰু ইয়াৰ ভগ্নী দ্বীপ নুছা চেনিনগান, নুছা লেম্বংগানত বৰ্তমানো বালি মইনা বিদ্যমান। দ্বীপসমূহক বালিৰ ফ্ৰেণ্ডছ অৱ নেচনেল পাৰ্ক ফাউণ্ডেশ্যন (এফএনপিএফ) নামৰ ইণ্ডোনেছিয়াৰ এটি বেচৰকাৰী সংস্থাৰ দ্বাৰা এক অনানুষ্ঠানিকভাৱে পক্ষী অভয়াৰণ্যলৈ ৰূপান্তৰিত কৰা হৈছে।১১ দ্বীপসমূহৰ ৪০+খন গাঁৱৰ সৈতে বহু বছৰ ধৰি কাম কৰি থকা এফএনপিএফ-এ প্ৰতিখন গাঁৱক চৰাইৰ সুৰক্ষাৰ বাবে এক পৰম্পৰাগত বালি গাঁৱৰ নিয়মাৱলী গৃহীত কৰিবলৈ প্ৰেৰণা যোগাই আৰু চিকাৰীসকলৰ ভাবুকি কাৰ্যকৰীভাৱে আঁতৰাই এই সফলতা লাভ কৰিছিল। তেতিয়াৰ পৰা এফএনপিএফে কেইবাটাও বিলুপ্তপ্ৰায় চৰাইক নুছা পেনিডা দ্বীপত পুনৰুদ্ধাৰ আৰু মুকলি কৰি আহিছে, তাৰ ভিতৰত আছে একাধিক প্ৰজননকাৰীৰ পৰাই যোগান ধৰা বালিৰ মইনা।১২
বেগাৱান ফাউণ্ডেচনে ১৯৯৯ চনত বেগাৱন গিৰিত দুযোৰ চৰাইৰে বালিৰ ষ্টাৰ্লিং প্ৰজনন কাৰ্যসূচী আৰম্ভ কৰিছিল। ২০০৫ চনত ৯৭টালৈ ইয়াৰ সংখ্যা বৃদ্ধি পাইছিল। নুছা পেনিডাত এটা মুক্তি কাৰ্যসূচী আৰম্ভ কৰা হৈছিল আৰু এই কাৰ্যসূচীৰ যোগেদি ২০০৬ আৰু ২০০৭ চনত ৬৪টা চৰাইক মুকলি কৰি দিয়া হৈছিল। মুকলি কৰা চৰাইবোৰৰ নিৰীক্ষণৰ পৰা অনুমান কৰিব পাৰি যে ২০০৯ চনৰ ভিতৰত সিহঁতৰ সংখ্যা + ১০০লৈ বৃদ্ধি পাইছিল আৰু সমগ্ৰ পেনিডাত বিয়পি পৰিছিল। আনহাতে চেনিনগান আৰু লেম্বংগানতও কম সংখ্যক চৰাইৰ প্ৰজনন কৰা হৈছিল। ইয়াৰ পিছত চুবুৰীয়া নুছা লেম্বংগানৰ ৬টা চৰাইক লগতে আৰু কেইবাটাও বন্দী চৰাইক পুনৰ মুকলি কৰা হৈছে। ফাউণ্ডেশ্যনে প্ৰতি বছৰে প্ৰায় ১০টা বালৰি মইনা মুকলি কৰাৰ আশা কৰিছে। নুছা পেনিডাত বৰ্ধিত বন্যসংখ্যাৰ আনুবংশিক বৈচিত্ৰ্য বৃদ্ধি কৰিবলৈ বিভিন্ন প্ৰজননকাৰীৰ পৰা চৰাইবোৰ আহৰণ কৰাটো অব্যাহত থাকিব। বেগাৱান ফাউণ্ডেশ্যনৰ ফিল্ড কৰ্মচাৰীসকলে মুকলি কৰাৰ পিছৰে পৰা দৈনিক ভিত্তিত মুকলি কৰি দিয়া চৰাইবোৰ নিৰীক্ষণ কৰি আহিছে আৰু ২০১০ চনৰ পৰা তেওঁলোকৰ এজন সমৰ্পিত ক্ষেত্ৰ বিষয়া আছে। চৰাইবোৰৰ কাৰ্যকলাপৰ বিষয়ে ফটো আৰু ভিডিঅ'ৰ যোগেদি নিয়মীয়াকৈ বন বিভাগলৈ অনুসন্ধান প্ৰতিৱেদন দিয়া হয়।১৩

অৱশ্যে, ২০১৫ চনৰ ফেব্ৰুৱাৰী আৰু মাৰ্চত নুছা পেনিডা আৰু নুছা লেম্বোংগানৰ ওপৰত বেগাৱান ফাউণ্ডেশ্যনৰ দ্বাৰা কৰা এক হিচাব অনুসৰি, ১৬ টাতকৈও কম চৰাই বনাঞ্চলত উৰি থকা দেখা গৈছিল। হাতত লোৱা গণনাবোৰে ইংগিত দিয়ে যে, ২০১৫ চনৰ ভিতৰত, আনকি প্ৰাকৃতিক চিকাৰ আৰু পুৰণি চৰাইৰ মৃত্যুক বিবেচনা কৰিলেও আজি নুছা পেনিডাত কমেও ২০০টা চৰাই উৰিব লাগে, কিন্তু প্ৰাপ্ত তথ্যই সূচায় যে অবৈধ বন্যপ্ৰাণী ব্যৱসায়ে চৰাইবিধৰ সংখ্যাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে।১৪
ছিবাং, মধ্য বালি

২০১০ চনত, বেগাৱান ফাউণ্ডেচনে ইয়াৰ সকলো বন্দী প্ৰজনন বালিৰ ষ্টাৰলিঙক নুছা পেনিডাৰ পৰা উবুদৰ ওচৰৰ ছিবাংৰ এটা নতুন স্থানলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছিল। তাৰ পিছত ওচৰতে নতুন মুকলি স্থানত গৱেষণা কৰাৰ লক্ষ্যৰে প্ৰজনন কাৰ্যসূচী পুনৰ আৰম্ভ কৰা হৈছিল। ২০১১ চনত মুঠ ২৩টা বালিৰ ষ্টাৰলিংক বি.এফ.-ৰ প্ৰজনন কাৰ্যসূচীলৈ দান কৰা হৈছিল। জুৰং বাৰ্ড পাৰ্কেও তিনিটা চৰাই দান কৰিছিল আৰু ইউৰোপৰ বিভিন্ন চিৰিয়াখানাৰ পৰা ২০টা চৰাই আহিছিল।
২০১২ চনৰ নৱেম্বৰ মাহত বেগাৱান ফাউণ্ডেচনে ইয়াৰ প্ৰজনন স্থানত চাৰিযোৰ বালিৰ ষ্টাৰলিং মুকলি কৰিছিল। এই চৰাইবোৰ পৰ্যবেক্ষণ কৰা হৈছিল আৰু ফাউণ্ডেশ্যনৰ কৰ্মচাৰী আৰু কাষৰীয়া গ্ৰীণ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে সিবিলাকৰ দৈনন্দিন অভ্যাসসমূহ লিপিৱদ্ধ কৰিছিল। মুক্তিৰ পূৰ্বে স্থানীয় গাওঁবোৰৰ সৈতে সংৰক্ষণৰ এক কাৰ্যসূচী হাতত লোৱা হৈছিল আৰু ইয়াত ছিবাংৰ ৰজাৰ সম্পূৰ্ণ সমৰ্থন আছে। প্ৰতিটো চৰাইক বনৰীয়া জীৱনৰ সৈতে খাপ খোৱাৰ পিছত চিনাক্ত কৰিবলৈ আঙুঠি পিন্ধোৱা হৈছে। যিহেতু এই চৰাইবোৰে প্ৰায়ে খাদ্য আৰু পানী বিচাৰি প্ৰজনন স্থানলৈ উভতি অহাৰ প্ৰয়াস কৰে। অৱশ্যে, এইটো স্পষ্ট যে খাদ্যৰ নতুন উৎস আৰু বিভিন্ন ধৰণৰ পোক-পতংগৰ উপলব্ধতাই এই চৰাইবোৰৰ লগতে সিবিলাকৰ সন্তানৰ বাবে এক সম্পূৰ্ণ আৰু স্বাস্থ্যকৰ আহাৰ প্ৰদান কৰে।১৫
২০১৪ চনত চিবাঙত থকা তেওঁলোকৰ স্থানৰ পৰা বেগাৱান ফাউণ্ডেশ্যনে তিনিটা চৰাই মুক্তি দিছিল। স্থানীয় সম্প্ৰদায়ৰ সমৰ্থনত এপ্ৰিলত তিনিটা মতা আৰু এজনী বালিৰ মইনা চৰাইক মুকলি কৰি দিয়া হৈছিল। জুন মাহত ডাঃ জেন গুডালে বালি ভ্ৰমণ কৰাৰ সময়ত দুটা বালিৰ মইনাক মুক্তি দিয়াৰ ক্ষেত্ৰত সহায় কৰিছিল।১৬
মেলিংগিহ কেলোদ, পায়ানগৰ
২০১৭ চনৰ শেষৰ ফালে বেগাৱান ফাউণ্ডেচনে উবুদৰ উত্তৰে পায়াংগানৰ মেলিংগিহ কেলোদত ইয়াৰ কাৰ্যসূচীসমূহ কেন্দ্ৰীভূত কৰাৰ সিদ্ধান্ত লয়। ২০১৭ চনৰ শেষৰফালে গাঁৱত এটা সম্প্ৰদায়ভিত্তিক সংৰক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। ই স্থানীয় বাসিন্দাসকলক বালিৰ ষ্টাৰ্লিংছ প্ৰজনন কৰাৰ সুযোগ প্ৰদান কৰিছিল আৰু দুবছৰৰ ভিতৰত এফ-২ প্ৰজন্মৰ সন্তান মুকলি কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছৰ বছৰবোৰত এই ধাৰা অব্যাহত আছে। এইটো ধাৰণা কৰা হৈছে যে গুৰুত্বপূৰ্ণ নিৰীক্ষণ আৰু গাঁৱৰ পৰম্পৰাগত আইন বলৱৎৰ জৰিয়তে বনাঞ্চলত বালিৰ ষ্টাৰ্লিংছ সুৰক্ষাৰ বাবে সম্প্ৰদায়টো দায়বদ্ধ হ'ব। গাওঁখনে ২০১৮ চনৰ নৱেম্বৰ মাহত এখন "আৱিক-আৱিক" (স্থানীয় আইন)ৰ আনুষ্ঠানিকতা সম্পন্ন কৰিছিল, য'ত গাঁও প্ৰধানৰ লগতে কেলিয়ানসকলে (বাঞ্জাৰৰ মুৰব্বী) স্বাক্ষৰ কৰিছিল। স্থানীয় আইনত কোৱা হৈছে যে বালিৰ ষ্টাৰ্লিং বা অঞ্চলটোত আন যিকোনো সুৰক্ষিত বন্যপ্ৰাণীক গুলীয়াই হত্যা/ফাঁচত ভৰাই ৰখা/চিকাৰ কৰাটো নিষিদ্ধ। ওপৰৰ যিকোনো এটা কৰি ধৰা পৰা সম্প্ৰদায়ৰ যিকোনো ব্যক্তিয়ে আৰপি ১০,০০০,০০০ জৰিমনা দিব লাগিব।
ফাউণ্ডেশ্যনে ২০১৮ চনৰ শেষৰফালে কেইবাটাও ষ্টাৰ্লিং মুকলি কৰিছিল, যাৰ ফলত গাঁৱত বালিৰ ষ্টাৰ্লিঙৰ এটা বন্য জাক সৃষ্টি হৈছিল আৰু ই স্থানীয় সম্প্ৰদায়ৰ দ্বাৰা সুৰক্ষিত আছিল। আশা কৰা হৈছে যে এনেধৰণৰ মুক্তিৰ যোগেদি পোৱালিবোৰে বনাঞ্চলত প্ৰজনন কৰাৰ সুযোগ পাব আৰু গাওঁখনক পৰ্যটনৰ বিকাশ কৰি উপাৰ্জনক্ষম হ'বলৈ সুবিধা প্ৰদান কৰিব।
মেলিংগিহ কেলোদ গাঁৱত সম্প্ৰদায়ভিত্তিক সংৰক্ষণ কাৰ্যসূচীৰ লগতে ফাউণ্ডেশ্যনৰ প্ৰজনন আৰু মুক্তি কেন্দ্ৰটো স্থানান্তৰিত কৰা হৈছে আৰু এতিয়া গাওঁখনৰ এখন জিলা বাঞ্জাৰ বেগাৱানত ই কেন্দ্ৰীভূত হৈ আছে। এই কেন্দ্ৰটো স্থানীয় সম্প্ৰদায়ৰ লগতে সাধাৰণ জনসাধাৰণৰ বাবেও মুকলি।১৭
তথ্যসূত্ৰ
- ↑ BirdLife International. 2020. Leucopsar rothschildi. The IUCN Red List of Threatened Species 2021: e.T22710912A183006359. dx.doi.org/10.2305/IUCN.UK.2021-3.RLTS.T22710912. Accessed on 27 April 2023
- ↑ Stresemann. (1912). Leucopsar rothschildi, sp. n.. Bulletin of the British Ornithologists' Club. পৃ. 4
- ↑ Jobling. (2010). The Helm Dictionary of Scientific Bird Names. Christopher Helm. পৃ. 225. ISBN 978-1-4081-2501-4
- ↑ Zuccon; Pasquet, Eric; Ericson, Per G. P. (2008). Phylogenetic relationships among Palearctic–Oriental starlings and mynas (genera Sturnus and Acridotheres: Sturnidae). Zoologica Scripta. পৃ. 469–481
- ↑ Jønsson; Fjeldså, Jon. (2006). A phylogenetic supertree of oscine passerine birds (Aves: Passeri). Zoologica Scripta. পৃ. 149–186
- ↑ Craig; Feare, C.J. (2009). Handbook of the Birds of the World. Lynx Edicions. পৃ. 654–759 [728]. ISBN 978-84-96553-50-7
- ↑ BirdLife International. (2018). Leucopsar rothschildi. পৃ. e.T22710912A129874226
- ↑ Bali Myna - eBird
- ↑ "Bali Mynah Fact Sheet, Lincoln Park Zoo"
- ↑ Nurhayati, Desy. (3 June 2011). Bali launches starling breeding program. The Jakarta Post
- ↑ Friends of the National Park Foundation
- ↑ Bali Starling Conservation Project on Nusa Penida Island. Friends of the National parks Foundation
- ↑ Begawan Foundation
- ↑ Begawan Foundation Diary Vol.03/Mar 2015: Bird Audit
- ↑ Rare Bali Starlings Released into New Environmental Context at Green School. Bali Discovery Tours
- ↑ Jane Goodall visits Bali Myna conservation project to release birds. Birdwatch.co.uk
- ↑ begawanfoundation.org/bali-starling{{Dead link|date=June 2020 |bot=InternetArchiveBot |fix-attempted=yes }}
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বালিৰ মইনা” প্ৰবন্ধৰ সংশোধন ৫৪০৬৩০ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।