অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বালিঘোৰা

বালিঘোৰা (Red-wattled Lapwing, বৈজ্ঞানিক নাম-Vanellus indicus) 'Charadriidae' গোটৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ মাতটো ডাঙৰ আৰু ইংৰাজীত ইয়াৰ মাতটো শুনিবলৈ did he do it বা pity to do it যেন লগা বুলি কোৱা হয়৷ ইয়াক সাধাৰণতে যোৰ পাতি বা সৰু গোটত চৰা দেখা যায় যদিও প্ৰজনন নোহোৱা কালত ই…

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৩৫২ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বালিঘোৰা১ (Red-wattled Lapwing, বৈজ্ঞানিক নামকৰণ পদ্ধতি-Vanellus indicus) 'Charadriidae' গোটৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি (জীৱবিদ্যা)৷ ইয়াৰ মাতটো ডাঙৰ আৰু ইংৰাজীত ইয়াৰ মাতটো শুনিবলৈ did he do it বা pity to do it যেন লগা বুলি কোৱা হয়৷২৩ ইয়াক সাধাৰণতে যোৰ পাতি বা সৰু গোটত চৰা দেখা যায় যদিও প্ৰজনন নোহোৱা কালত ই জাকপাতিও চৰিব পাৰে৷ ৪

বিৱৰণ

বালিঘোৰাৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৩৫ ছে:মি:৷ ইয়াৰ ডেউকা আৰু পিঠি অংশ পাতল মটিয়া বৰণৰ৷ আনহাতে মুৰ আৰু বুকু অংশ ক'লা বৰণৰ হোৱা দেখা যায়৷ ডেউকাত বগা দাগ থকাও দেখা যায়৷ ইয়াৰ চকুৰ সন্মুখৰ অংশ (Wattle) অংশ উজ্জল ৰঙা৷ চুটি নেজডালৰ আগটো ক'লা, ঠোঁট ক'লা আৰু দীঘল ঠেং দুখন হালধীয়া হোৱা দেখা যায়৷ উৰন্ত অৱস্থাত ইয়াৰ ডেউকাৰ বগা আঁচবোৰ চকুত পৰে৷৫

''V. i. aigneri'' from Turkey
V. i. aigneri from Turkeyছবি: No machine-readable author provided. Dûrzan cîrano assumed (based on copyright c · CC BY-SA 4.0

মতা আৰু মাইকীৰ বাহ্যিক গঠন প্ৰায় একে হয় যদিও মতা বালিঘোৰাৰ ডেউকা মাইকীজনীতকৈ কিছু দীঘল হয়৷৪

বাসস্থান

বালিঘোৰাই সাধাৰণতে মুকলি জলাশয়ত চৰিবলৈ পছন্দ কৰে৷ গতিকে ইয়াক পানীপূৰ্ণ খেতি-পথাৰ, পুখুৰী, হ্ৰদ আদিত দেখা পোৱা যায়৷ মাজে সময়ে ই ২৬-২০০ টা পৰ্যন্ত লগ হৈ বৃহৎ গোট গঠন কৰি চৰে৷৬ ইয়াক নতুনকৈ মুকলি কৰা বনাঞ্চল বা বৰষুণৰ পাণী জমা হোৱা অঞ্চলতো দেখা পোৱা যায়৷

''V. i. atronuchalis''
V. i. atronuchalisছবি: JJ Harrison (https://www.jjharrison.com.au/) · CC BY-SA 3.0

বিতৰণ

বালিঘোৰাৰ 'wattle' অংশ
বালিঘোৰাৰ 'wattle' অংশছবি: Rathika Ramasamy from NewDelhi, India · CC BY 2.0

বালিঘোৰাই সাধাৰণতে পশ্চিম এছিয়াৰ ইৰাক, ইৰানৰ পৰা দক্ষিণ এছিয়া ৰ আফগানিস্তান, পাকিস্তান, ভাৰত আদি দেশত প্ৰজনন কৰে৷৭

আচৰণ

খাদ্য

বালিঘোৰাৰ প্ৰধান খাদ্য হ'ল বিভিন্ন পোক-পতংগ, শামুক আৰু অন্যান্য অমেৰুদণ্ডী প্ৰাণী৷ কেতিয়াবা ইহঁতে গুটি আদিও খোৱা দেখা যায়৷ ৮

প্ৰজনন

বালিঘোৰাই সাধাৰণতে মাৰ্চৰ পৰা আগষ্ট মাহৰ ভিতৰত প্ৰজনন কৰে৷ মাইকীজনীক আকৰ্ষিত কৰাৰ উদেশ্যে মতা বালিঘোৰা চৰায়ে পাখিবোৰ ফুলাই, ঠোঁটটো ওপৰলৈ কৰি মাইকী চৰাইজনীৰ চাৰিওফালে ঘুৰে৷ এজনী মাইকী চৰাইৰ আগত একাধিক মতা বালিঘোৰাই এনেদৰে প্ৰদৰ্শন কৰিব পাৰে৷৬

ইহঁতে মাটিতে বাহ সাজি কণী পাৰে৷ ৯ এবাৰত ৩-৪ টাকৈ ক'লা ফুটুকীয়া বগা বৰণৰ কণী পাৰে৷৫ ১০

লগতে চাওক

  • Anon. (1991) Flocking of Red Wattled Lapwings. Newsletter for Birdwatchers 31(5–6):1.
  • Dharmakumarsinhji, RS (1965) Small displacement by ground nesting birds. Newsletter for Birdwatchers 5(9):10.
  • Gay,Thomas. (1975). More about the nesting of the Red-wattled Lapwing. Newsletter for Birdwatchers. পৃ. 9
  • Jamdar,Nitin (1985) Redwattled Lapwing (Vanellus indicus) suffering from cataract. J. Bombay Nat. Hist. Soc. 82(1):197.
  • Kalsi,RS; Khera,S (1986) Some observations on breeding and displacement behaviour of the Redwattled Lapwing Vanellus indicus indicus (Aves: Charadriidae). Res. Bull. Panjab Univ. 37:131–141.
  • Khajuria,H (1972) Nestlings of the redwattled lapwing, Vanellus i. indicus (boddaert). Pavo 8(1&2):82–83.
  • Koshy,MS (1989) Lapwings on a roof. Newsletter for Birdwatchers 29(7–8):7.
  • Krishnan, M (1998) Ubiquitous alarmist. Blackbuck. 14(3&4):88–90.
  • Jackson,P (1976) Redwattled Lapwing. Newsletter for Birdwatchers 16(3):11–12.
  • Saxena,VS (1973) Unusual nesting by Redwattled Lapwing. Indian Forester 99:33–35.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ xobdo.org
  2. ↑ Jerdon, TC. (1864). The Birds of India. George Wyman & Co. পৃ. 648–649
  3. ↑ Symons,CT. (1917). Note on the breeding habits of the Did-he-do-it Sarcogrammus indicus'. Spolia Zeylanica''. পৃ. 397–398
  4. ↑ Hayman, P., J. Marchant, T. Prater. (1986). Shorebirds: an identification guide to the waders of the world. Croom Helm, London. পৃ. 274–275
  5. ↑ Ali, S & S D Ripley. (1980). Handbook of the birds of India and Pakistan. Oxford University Press. পৃ. 212–215
  6. ↑ Vyas, Rakesh. (1997). Flocking and courtship display in Redwattled Lapwing (Vanellus indicus). Journal of Bombay Natural Hist. Soc.. পৃ. 406–407
  7. ↑ Saini,SS. (1972). Unexpected summer visitors in the Himalayas – Redwattled Lapwing. Newsletter for Birdwatchers. পৃ. 5–6
  8. ↑ Babi,AZ. (1987). Feeding behaviour of red-wattled lapwing. Newsletter for Birdwatchers. পৃ. 15
  9. ↑ Sharma, SK. (1992). Use of droppings of Indian Hare for nest making by Redwattled Lapwing. Newsletter for Birdwatchers. পৃ. 19
  10. ↑ McCann, Charles. (1941). Curious nesting site of the Red-wattled Lapwing (Lobivanellus indicus indicus Bodd.). J. Bombay Nat. Hist. Soc.. পৃ. 439–440

সম্পৰ্কিত শ্ৰেণী

দলমৰাঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বালিঘোৰা” প্ৰবন্ধৰ সংশোধন ৫৪০৫৮৮ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।