, ভাৰত)]]
ৰঙা টুনি (Red Avadavat বা Red Munia, বৈজ্ঞানিক নাম-Amandava amandava) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি (জীৱবিদ্যা)৷ ইয়াক সাধাৰণতে এছিয়াৰ মুকলি খেতি-পথাৰ বা ঘাঁহনি আদিত দেখা পোৱা যায়৷
বিৱৰণ
ৰঙা টুনি সৰু আকাৰৰ চৰাই৷ ইয়াৰ দেহটো ৰঙা বৰণৰ আৰু বগা ফুটুকীয়া৷ ইয়াৰ নেজডাল ক'লা আৰু ঠোঁটটো ৰঙা৷ প্ৰজনন কালত মতা ৰঙা টুনিৰ সমগ্ৰ দেহটো ৰঙা হৈ পৰে৷ কেৱল ইয়াৰ চকুৰ চাৰিওকাষে ক'লা বৰণৰ আঁচ থকা দেখা যায়৷ প্ৰজনন নোহোৱা কালত মতা চৰাইৰ ৰং শেঁতা পৰা হয়৷ মাইকীজনীৰ ৰং শেঁতা আৰু ডেউকাত বগা ফুটবোৰ মতাটোতকৈ কমকৈ থকা দেখা যায়৷ ১২
বিতৰণ
ৰঙা টুনিৰ মূল প্ৰজাতিটো বাংলাদেশ, ভাৰত, শ্ৰীলংকা, নেপাল আৰু পাকিস্তানত দেখা পোৱা যায়৷ তদুপৰি চীন, থাইলেণ্ড, ভিয়েটনামত ই বিস্তৃত হৈ আছে৷ ইয়াৰে আন দুটা উপ-প্ৰজাতি punicea আৰু decouxi. ক্ৰমান্বয়ে জাভা আৰু কম্বোডিয়াত দেখা পোৱা যায়৷৩৪৫৬
বাসস্থান
ৰঙা টুনিয়ে প্ৰধানতঃ ঘাঁহনিৰে পূৰ্ণ সমতল অঞ্চল বা খেতি পথাৰৰ আশে পাশে চৰি ভাল পায়৷ ১
আচৰণ
ৰঙা টুনিক সাধাৰণতে সৰু সৰু গোটত চৰা দেখিবলৈ পোৱা যায়৷ ৭ ই খুউব চুটি আৰু খৰকৈ 'চ্চিইইপ'' ধৰণে মতা শুনা যায়৷ ৮
খাদ্য
ৰঙা টুনিয়ে ঘাঁহৰ গুটি, পোক-পৰুৱা আদি খাই জীয়াই থাকে৷৯
প্ৰজনন
এই চৰাইবিধে প্ৰজনন কালত যোৰা পাতে৷১০ যোৰাৰ ইটোৱে সিটোৰ পাখি পৰিষ্কাৰ (preen) কৰি দিয়ে৷ ১১ ইহঁতে ঘাঁহ পাতেৰে বাহ সাজে৷ এবাৰত ৫-৬ টাকৈ বগা বৰণৰ কণী পাৰে৷ ১২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Rasmussen PC & JC Anderton. (2005). Birds of South Asia: The Ripley Guide. Volume 2. Smithsonian Institution & Lynx Edicions. পৃ. 572
- ↑ Whistler, Hugh. (1949). Popular Handbook of Indian Birds. Gurney and Jackson. পৃ. 216–217
- ↑ Oates, EW. (1890). Fauna of British India. Birds. Volume 2. Taylor and Francis, London. পৃ. 192–193
- ↑ Deignan, HG. (1963). Checklist of the birds of Thailand. National Museum Bulletin. পৃ. 216
- ↑ Paynter RA (Ed). (1968). Check-list of the birds of the world. Museum of Comparative Zoology. পৃ. 348–349
- ↑ Baker ECS. (1926). Fauna of British India. Birds. Volume 3. Taylor and Francis. পৃ. 95–97
- ↑ Evans, SM. (1970). Some factors affecting the flock behaviour of red avadavats (Amandava amandava) with particular reference to clumping. Animal Behaviour. পৃ. 762–767
- ↑ Ali S & SD Ripley. (1999). Handbook of the birds of India and Pakistan. Oxford University Press. পৃ. 106–108
- ↑ Inglis, CM. (1910). Note on the Spotted Munia (Uroloncha punctulata) and the Indian Red Munia (Sporaeginthus amandava). J. Bombay Nat. Hist. Soc.. পৃ. 517–518
- ↑ Sparks, JH. (1964). Flock structure of the Red Avadavat with particular references to clumping and allopreening. J. Anim. Behaviour. পৃ. 125–126
- ↑ Sparks, John H. (1965). On the role of allopreening invitation behaviour in reducing aggression among red avadavats, with comments on its evolution in the Spermestidae. Journal of Zoology. পৃ. 387
- ↑ Hume, AO. (1890). The nests and eggs of Indian Birds. R H Porter, London. পৃ. 147–149
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঙা টুনি” প্ৰবন্ধৰ সংশোধন ৬২৪২৫৬ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।