শিল কপৌ (Common Emerald Dove, বৈজ্ঞানিক নাম: Chalcophaps indica) কলাম্বিডি (Columbidae) গোত্ৰৰ এবিধ থলুৱা চৰাইৰ প্ৰজাতি৷ এই চৰাইবিধ ভাৰত উপমহাদেশ তথা ম্যানমাৰ, থাইলেণ্ড, মালয়েছিয়া, ইণ্ডোনেছিয়া তথা অষ্ট্ৰেলিয়া পৰ্য্যন্ত বিস্তৃত হৈ আছে৷ শিল কপৌ ভাৰতৰ তামিলনাডু ৰাজ্যৰ জাতীয় চৰাইৰূপে পৰিচিত৷
বিৱৰণ
শিল কপৌৰ দেহটো শকত, মজলীয়া আকাৰৰ আৰু দৈৰ্ঘ্য সাধাৰণতে ২৩-২৮ ছে:মি: হয়৷ দেহৰ পৃষ্ঠদিশ আৰু ডেউকা দুখন উজ্জল সেউজীয়া বৰণৰ হয়৷ নেজ ক’লা চানেকীয়া৷ মূৰ আৰু দেহৰ ওপৰঅংশ গাঢ় গুলপীয়া বৰণৰ হোৱা দেখা যায়৷ ইয়াৰ চকুযোৰ গাঢ় মটীয়া আৰু ঠোঁট উজ্জল ৰঙা৷
মতা শিল কপৌৰ ডেউকাত বগা দাগ আৰু মূৰত মুগা বৰণ থাকে, যিটো মাইকী শিল কপৌৰ ক্ষেত্ৰত দেখা পোৱা নাযায়৷ পোৱালি শিল কপৌ দেখাত মাইকী কপৌৰ দৰে হয়৷
টেক্স’নমি
শিল কপৌৰ যধেষ্ট সংখ্যক উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়৷ তাৰে অষ্ট্ৰেলিয়াত পোৱা তিনিবিধ উপ-প্ৰজাতি হৈছে, longirostris, chrysochlora আৰু natalis৷
বসতিস্থল
এই প্ৰজাতিটো বৰ্ষাৰণ্যসমূহত প্ৰধানকৈ দেখা যায়৷ ই কাঠনি, খেতি-পথাৰ আদিত বসবাস কৰে৷
আচৰণ
শিল কপৌক সাধাৰণতে অকলশৰে বা যোৰ পাতি বা কেতিয়াবা সৰু জাকত থকা দেখা যায়৷ ইহঁতে মাটিত সৰা ফল খাই চৰি ফুৰে, কেৱল জিৰণি ল’বৰ বাবেহে গছৰ থকা দেখা যায়৷ শিল কপৌৰ প্ৰধান খাদ্য হৈছে গছৰ গুটি, ফল-মূল আৰু বিভিন্ন উদ্ভিদ৷
শিল কপৌৰ মাত সৰু কোমল কুউ-উ-উ ধৰণৰ ৷
বাহ্যিক সংযোগ
- Grimmett, Birds of India, Inskipp and Inskipp, ISBN 0-691-04910-6
- Pizzey and Knight, "Field Guide to the Birds of Australia", Angus & Robertson, ISBN 0-207-19691-5
- Trounsen and Trounsen, "Australian Birds: A Concise Photographic Field Guide, Cameron House. ISBN 1-875999-47-7.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিল কপৌ” প্ৰবন্ধৰ সংশোধন ৫৪০৬৩২ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।