অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

পাত চৰাই

পাত চৰাই বা সোণকপালী পাত চৰাই ( Chloropsis aurifrons ) ( ইংৰাজী: Golden-fronted Leafbird ), পাত চৰাই বা সোণকপালী পাত চৰাই হৈছে ক্ল'ৰ'পচিডি‍ ( Chloropseidae ) পৰিয়াল বা গোত্ৰ অন্তৰ্গত এক প্ৰজাতিৰ পাত চৰাই। ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ কিছু দেশ ইহঁতৰ প্ৰধান বাসস্থান।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৪৮৫ শব্দ · ৩ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

পাত চৰাই বা সোণকপালী পাত চৰাই ( Chloropsis aurifrons ) ( ইংৰাজী: Golden-fronted Leafbird ), পাত চৰাই বা সোণকপালী পাত চৰাই হৈছে ক্ল'ৰ'পচিডি‍ ( Chloropseidae ) পৰিয়াল বা গোত্ৰ অন্তৰ্গত এক প্ৰজাতিৰ পাত চৰাই। ১ ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ কিছু দেশ ইহঁতৰ প্ৰধান বাসস্থান।

বিস্তৃতি

বাংলাদেশ, ভাৰত, শ্ৰীলংকা, নেপাল, ভূটান, ম্যানমাৰ, লাওছ, কম্বোডিয়া, ভিয়েটনাম, থাইলেণ্ড আৰু দক্ষিণ চীন ইহঁতৰ প্ৰধান বাসস্থান। ছিংগাপুৰত কৃত্ৰিম উপায়েৰে তাৰ পৰিৱেশত ইহঁতক মুকলি কৰি দিয়া হৈছে।

উপপ্ৰজাতি

পাত চৰাই বা সোণকপালী পাত চৰাইৰ তিনিটা উপপ্ৰজাতি চিনাক্ত কৰা হৈছে। সেইবোৰ হৈছে-

  • C. aurifrons aurifrons (ডিঙি আৰু বুকু নীলা)
  • C. aurifrons frontalis (ডিঙি আৰু বুকু ক’লা, আকাৰত ডাঙৰ), দক্ষিণ ভাৰতত দেখা পোৱা যায়
  • C. aurifrons insularis (ডিঙি আৰু বুকু ক’লা, তুলনামূলকভাৱে সৰু), শ্ৰীলংকাত দেখা পোৱা যায়। ২

পূৰ্বতে পাত চৰাই বা সোণকপালী পাত চৰাই ( Chloropsis aurifrons ) আৰু সুমাত্ৰাৰ পাত চৰাই বা সুমাত্ৰাৰ সোণকপালী পাত চৰাইক ( Chloropsis media ) একে প্ৰজাতিৰ বুলি ধৰা হৈছিল। পিছলৈ সুমাত্ৰাৰ পাত চৰাই বা সোণকপালী পাত চৰাইক সম্পূৰ্ণ নতুন প্ৰজাতি হিচাপে চিনাক্ত কৰা হয়।

বিৱৰণ

সম্পূৰ্ণ সেউজীয়া এই চৰাইবিধৰ কপাল উজ্জ্বল কমলা বা সোণালী ৰঙৰ, দেখাত প্ৰায় ৰঙচুৱা। ঈষৎ বেঁকা ক’লা ঠোঁটৰ পৰা ইয়াৰ বুকু, ডিঙি আৰু বুকু ক’লা অংশৰ মাজত বা ডিঙিত এটা ডাঙৰ নীলা দাগ থাকে। চকুৰ পিছফালৰ পৰা বুকুৰ ক’লা অংশখিনি‍ আগুৰি থাকে‍ এটা বহল হালধীয়া বেণ্ড। ডেউকাত সামান্য পাতল নীলা দাগ দেখা যায়। চকু দুটা গাঢ় বাদামী ৰঙৰ। ঠেং আৰু ঠেঙৰ পতা ক’লা। মাইকী চৰাইৰ ডিঙি আৰু বুকুত নীলা ৰঙৰ গোঁফৰ নিচিনা নক্সা থাকে, সোণালী ৰং মতা চৰাইতকৈ পাতল। পোৱালি‍বোৰ সম্পূৰ্ণ সেউজীয়া। সৰ্বাধিক দৈৰ্ঘ্য ১৯ চে.মি.। ১ মতা চৰাইৰ ওজন প্ৰায় ৩০ গ্ৰাম আৰু মাইকী চৰাইৰ ওজন প্ৰায় ২৫ গ্ৰাম।

আচৰণ

, ভাৰত। পাতৰ ৰং আৰু গাৰ ৰং হুবহু মিলি যোৱাৰ বাবে ইহঁতক বিচাৰি পোৱ অতি কঠিন।]]

পাত চৰাই বা সোণকপালী পাত চৰায়ে‍ চিৰসেউজ আৰু পৰ্ণপাতী অৰণ্য আৰু বনাঞ্চলত বাস কৰি ভাল পায়। ইহঁতক হাবিত বেছিকৈ‍ দেখা যায় আৰু গাঁৱত কম দেখা যায়। সাধাৰণতে এককভাৱে‍ বা যোৰপাতি‍ ফুলৰ ডাল আৰু পাতত ঘূৰি ফুৰে আৰু মৌ, ফল-মূল আৰু পোক-পৰুৱা, বিশেষকৈ বিভিন্ন পতঙ্গৰ লেটা খায়। ১ কেতিয়াবা ই আন চৰাইৰ সৈতে মিলিয়ো খাদ্যৰ বাবে গছে গছে ঘূৰি‍ ফুৰে‍। মাটিলৈ অতি কমহে নামে‍। ইহঁত অতি আক্ৰমণাত্মক, নিজৰ এলাকাৰ প্ৰতি অতি সচেতন। ইহঁতৰ মতা চৰাইবোৰ তুলনামূলকভাৱে অধিক আক্ৰমণাত্মক। ২ ইহঁতে‍ প্ৰায়েই মুখেৰে শব্দ কৰি‍ থাকে‍ আৰু পাতৰ ৰঙৰ সৈতে গাৰ ৰং মিলি যোৱাৰ বাবে‍ ইহঁতক দেখা পোৱা নাযায় যদিও মাতৰ দ্বাৰা ইহঁতৰ উপস্থিতি‍ ধৰা পেলাব পাৰি। ইহেঁত বিবিধ সুৰত গীত গায়, যেনে- ‘হুইট; চাহ কি-হুই; ছুই-চি-চি-উই; চুপ-চাও। ’ আনকি আন চৰাইৰ মাতো নকল কৰিব পাৰে। সেয়ে‍ কোনো কোনো ঠাইত ইহঁত হৰবোলা নামেৰে জনা যায়।

মতা আৰু মাইকী পাত চৰাই বা সোণকপালী পাত চৰাই, অঙ্কিত চিত্ৰ
মতা আৰু মাইকী পাত চৰাই বা সোণকপালী পাত চৰাই, অঙ্কিত চিত্ৰছবি: John Gould · Public domain

প্ৰজনন আৰু বংশবিস্তাৰ

ইহঁতৰ প্ৰজননৰ সময় জানুৱাৰীৰ পৰা আগষ্ট মাহলৈকে। গছৰ ডালৰ সৰু সৰু ডালত সৰু ডাল-পাত, ঘাঁহ আৰু শেলুৱৈৰে‍ বাটিৰ নিচিনাকৈ পৰিপাটিভাৱে‍ বাহ সাজে। মাইকী চৰাইটোৱে তাত দুটাৰ পৰা তিনিটা ক্ৰীম ৰঙৰ কণী পাৰে। মাইকী আৰু মতা চৰাইয়ে পাল পাতি ওমনি‍ দিয়ে। কণী পৰাৰ ১৪-১৫ দিনৰ পিছত কণী ফুটে। কণী ফুটাৰ ৬ দিন পিছত পোৱালিবোৰৰ চকু ফুটে আৰু ১৩ দিনৰ পিছত বাহৰ পৰা ওলাই যায়। ২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ বাংলাদেশেৰ পাখি, ৰেজা খান, বাংলা একাডেমী, ঢাকা (২০০৮), পৃ. ২১২।
  2. ↑ http://www.birding.in/birds/Passeriformes/Irenidae/golden-fronted_leafbird.htm, birding.in, সোণালি-কপাল পাতা বুলবুলি বিষয়ক পাতা।

সম্পৰ্কিত শ্ৰেণী

আই ইউ চি এন ৰঙা তালিকাৰ ন্যূনতম উদ্বেগজনক প্ৰজাতিচৰাইঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাত চৰাই” প্ৰবন্ধৰ সংশোধন ৫৪০৬২৭ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।