বগা চকুৱা টিপচী (Zosterops palpebrosus) বগা চকুৱা পৰিয়ালৰ এটি সৰু পেচেৰিন চৰাই। ইহঁতক চছমা চকুৱা বা বগা চকুৱা টিপচী বুলিও কোৱা হয়। ইহঁত সৰু সৰু গোটত বিভক্ত হৈ বিচৰণ কৰে। অমৃত (nectar) আৰু সৰু সৰু পোক-পৰুৱা খায়। ইহঁতৰ চকুৰ চাৰিওফালে বগা আঙঠিৰ নিচিনা দাগ থাকে আৰু সামগ্ৰিকভাৱে হালধীয়া বৰণৰ ওপৰৰ অংশৰ দ্বাৰা ইহঁতক সহজে চিনাক্ত কৰিব পাৰি। ভাৰতীয় উপমহাদেশৰ মুকলি অৰণ্যত বসবাস কৰা এবিধ চৰাই। ভাৰত উপমহাদেশৰ বাহিৰেও ওমান, ইৰাণ, আফগানিস্তান, চীন, ম্যানমাৰ আদি দেশতো ইহঁতক দেখা পোৱা যায়।
বিৱৰণ
বগা চকুৱা টিপচীৰ দৈৰ্ঘ্য ১০ চে:মি: আৰু ওজন ৯ গ্ৰামমান হয়। প্ৰাপ্তবয়স্ক চৰাইৰ পিঠি আৰু মূৰ হালধীয়া আভাযুক্ত সেউজীয়া। ডেউকা আৰু ঠেং ক’লা। ডিঙি, বুকুৰ ওপৰৰ অংশ আৰু ঠেঙৰ গুৰিৰ ৰং উজ্জ্বল হালধীয়া। ঠোঁট ক’লা আৰু তলৰ ঠোঁটৰ গুৰি বাদামী। বুকু আৰু পেট বগা। চকুৰ কোণত ক’লা দাগ আছে। ঠেং, ঠেঙৰ পতা আৰু নখ ধূসৰ বাদামী ৰঙৰ। চকুহাল বাদামী-হালধীয়া। পোৱালিবোৰৰ চকুত বগা ৰঙৰ চছমা নাথাকে।
প্ৰজনন
এপ্ৰিল-মে’ মাহত গছৰ সৰু ডালত সৰু সৰু শিপা, মকৰাজাল আদিৰে ঘূৰণীয়া ওলমি থকা বাহ তৈয়াৰ কৰে। সেই বাহত দুটা বা তিনিটা কণী পাৰে। কণীৰ ৰং শেঁতা নীলা। কণী ফুটিবলৈ ৯-১১ দিন লাগে। পোৱালিবোৰে প্ৰায় ১০ দিনত উৰিবলৈ শিকে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বগা চকুৱা টিপচী” প্ৰবন্ধৰ সংশোধন ৫৪০৬২৯ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।