ৰত্না দত্ত (১৯৬৩-২০১৯) (Ratna Dutta) অসমৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক আৰু নাট্যকৰ্মী। তেখেতে টিংখাং মহাবিদ্যালয়তে সৰ্বপ্ৰথম প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰাৰ পাছত চাবুৱা ডি.ডি.আৰ মহাবিদ্যালয়ত কিছুদিন আৰু তাৰ পাছত ডিব্ৰুগড় মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত প্ৰবক্তা (অসমীয়া বিভাগ) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১ তেখেত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ নাট্যকৰ্মীও আছিল।
জন্ম আৰু বংশ পৰিচয়
ৰত্না দত্তৰ জন্ম হয় ডিব্ৰুগড় জিলাৰ উদয়পুৰত, ২২ অক্টোবৰ, ১৯৬৩ চনত। তেখেতৰ দেউতাকৰ নাম শিৱশংকৰ দত্ত আৰু মাকৰ নাম মিনতি দত্ত।
শিক্ষা আৰু কৰ্মজীৱন
তেখেতে ১৯৮৩ চনত মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৮৫ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। টিংখাং মহাবিদ্যালয়তে সৰ্বপ্ৰথম প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰে আৰু তাৰ পাছত চাবুৱা ডি.ডি.আৰ মহাবিদ্যালয়ত কিছুদিন আৰু শেষত ডিব্ৰুগড় মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়ত প্ৰবক্তা (অসমীয়া বিভাগ) হিচাপে কাৰ্যনিৰ্বাহ কৰে। ৰত্না দত্ত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ এগৰাকী নাট্যকৰ্মীও আছিল।
বঁটা আৰু সন্মান
অতীক সাংস্কৃতিক গোষ্ঠী, ডিব্ৰুগড়; আকাশবাণী ডিব্ৰুগড়ত নাট্যশিল্পী হিচাপে স্বীকৃতি লাভ কৰে।২ আৰু অসম লেখিকা সংস্থাৰ সদস্যা হিচাপে তেওঁ কাম কৰিছিল।
সাহিত্য চৰ্চা
উপন্যাস
- মধুৰতম সময় (সপোনজ্যোতি ঠাকুৰৰ ৰেডিঅ’ নাটকৰ আধাৰত ৰচনা কৰা)৩
- দ্বিতীয়া (তেজীমলাৰ মাহীমাকৰ নিষ্ঠুৰতাৰ লোমহৰ্ষক কাহিনীৰ আধাৰত ৰচনা কৰা উপন্যাস)৪
- ৰূপালী পৃথিৱী (ভাৰতৰ বোলছবিৰ আধাৰত লিখা)৫
- কাৰেঙৰ লিগিৰী (জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ আধাৰত ৰচনা কৰা)৬
উপন্যাসিকা
- আনন্দৰ সন্ধানত বাসৱী
- গুলঞ্চী ফুলৰ মায়া
সমালোচনামূলক পুথি
- বিষয় কবিতা (কবিতা বিষয়ক সমালোচনা)৭
- প্ৰসঙ্গ নাৰী (নাৰী বিষয়ক ৰচনা)৮
- ডাইনী প্ৰসঙ্গ (যুটীয়াভাৱে)
- মৃত্যুঞ্জয় এটি বিশ্লেষণ ৯
- নাৰীবাদঃ তত্ত্বকথা আৰু সাহিত্য প্ৰসংগ(নাৰীবাদ সম্পৰ্কীয় তত্ত্ব আৰু সাহিত্য আলোচনাৰ সংকলন)১০
- প্ৰেমৰ সপোন আৰু ৰ'দে পোৰা মানুহ (মৃত্যুৰ পিছত প্ৰকাশিত প্ৰবন্ধ সংকলন,সম্পাদিত)১১
কবিতাপুথি
- ৰূপালী ৰাতি (কুসুম গগৈৰ সৈতে যুটীয়াভাৱে)১২
- নীলাঞ্জনা (ৰীতা কোঁৱৰৰ সৈতে যুুটীয়াভাৱে)১৩
- ৰঞ্জনৰ মধুৰতম সময় (কবিতা পুথি)১৪
নাটক
- ৰাজবধূ আৰু অন্যান্য (ৰত্না দত্ত আৰু স্বপ্না দত্ত ডেকাৰ নাটকৰ যুটীয়া সংকলন)১৫
অনুবাদ
- মৃগনয়নী(হিন্দীৰ পৰা অনূদিত উপন্যাস, মূল লেখকঃ বৃন্দাবনলাল বাৰ্মা)১৬
ৰত্না দত্ত সম্পৰ্কীয় গ্ৰন্থ
- শব্দৰ বৰণীয়া ছাঁ(সম্পাদিত)১৭
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ ৰত্না দত্ত. (২০০০). মধুৰতম সময়. অভীক প্ৰকাশন
- ↑ ৰত্না দত্ত. (২০১৭,দ্বিতীয় প্ৰকাশ). দ্বিতীয়া. কৌস্তুভ প্ৰকাশন
- ↑ ৰত্না দত্ত. (২০০৮). ৰূপালী পৃথিৱী. কৌস্তুভ প্ৰকাশন
- ↑ ৰত্না দত্ত. (২০১৬). কাৰেঙৰ লিগিৰী. অভীক প্ৰকাশন
- ↑ ৰত্না দত্ত. (২০০৫). বিষয় কবিতা. অভীক প্ৰকাশন
- ↑ ৰত্না দত্ত. (২০০৮). প্ৰসঙ্গ নাৰী. অভীক প্ৰকাশন
- ↑ ৰত্না দত্ত. (২০১২). মৃত্যুঞ্জয় এটি বিশ্লেষণ. অসমীয়া অনলাইন প্ৰকাশন,গুৱাহাটী
- ↑ ৰত্না দত্ত. (২০১৩). নাৰীবাদঃ তত্ত্বকথা আৰু সাহিত্য. অসমীয়া অনলাইন ডট কম
- ↑ ৰত্না দত্ত. (২০২০). প্ৰেমৰ সপোন আৰু ৰ’দে পোৰা মানুহ. অভীক আৰু জে.জি বুকচ
- ↑ ৰত্না দত্ত আৰু কুসুম গগৈ. (২০০৫). ৰূপালী ৰাতি. অভীক প্ৰকাশন
- ↑ ৰত্না দত্ত আৰু ৰীতা কোঁৱৰ. (২০০৬). নীলাঞ্জনা. অভীক প্ৰকাশন
- ↑ ৰত্না দত্ত. (২০০৭). ৰঞ্জনৰ মধুৰতম সময়. অভীক প্ৰকাশন
- ↑ ৰত্না দত্ত&স্বপ্না দত্ত ডেকা. (২০২০). ৰাজবধূ আৰু অন্যান্য. অভীক আৰু পথাৰ
- ↑ মূলঃ বৃন্দাবনলাল বাৰ্মা,অনুঃ ৰত্না দত্ত. (২০১৭). মৃগনয়নী. অসমীয়া প্ৰকাশঃ কৌস্তুভ প্ৰকাশন
- ↑ (২০১৯). শব্দৰ বৰণীয়া ছাঁ. অভীক প্ৰকাশন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰত্না দত্ত” প্ৰবন্ধৰ সংশোধন ৪৪৯৫২৩ (২৯ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।