অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নন্দিতা দেৱী

নন্দিতা দেৱী অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ। তেখেত ইউপিএচচি পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় ৰেল বিভাগত চিকিৎসক হিচাপে যোগদান কৰি কৰ্ম জীৱনৰ পাতনি মেলে। ‘বঙল বহু দূৰ’ শীৰ্ষক উপন্যাসখনৰ বাবে দেৱীয়ে ২০২১ চনৰ ‘অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে।।

হালনাগাদ: ৩ মে’ ২০২৬ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

নন্দিতা দেৱী অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ। তেখেত ইউপিএচচি পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় ৰেল বিভাগত চিকিৎসক হিচাপে যোগদান কৰি কৰ্ম জীৱনৰ পাতনি মেলে। ‘বঙল বহু দূৰ’ শীৰ্ষক উপন্যাসখনৰ বাবে দেৱীয়ে ২০২১ চনৰ ‘অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে।১। অসমৰ বহুকেইখন আলোচনী যেনে- প্ৰান্তিক, সাতসৰী, গৰীয়সী আৰু বাতৰি কাকতত তেখেতৰ গল্প, উপন্যাস আদি প্ৰকাশ হৈছে।

জন্ম আৰু পৰিচয়

তেখেতৰ জন্ম হয় ১৯৫৭ চনত যোৰহাট জিলাৰ তৰাজান কাকতি গাঁৱত। পিতৃৰ নাম সতীশ চন্দ্ৰ বৰদলৈ আৰু মাতৃৰ নাম ৰানু বৰদলৈ। পিতৃ চাকৰিসূত্ৰে কেন্দ্ৰীয় আবকাৰী বিভাগত আবকাৰী প্ৰশাসনিক বিষয়া হিচাপে কৰ্মৰত আছিল।

শিক্ষা

পিতৃৰ চাকৰি সূত্ৰে অসমৰ বিভিন্ন স্থানলৈ সঘনাই বদলি হৈ থাকিবলগীয়া হোৱাত নন্দিতা দেৱীয়ে প্ৰাথমিক পৰ্যায়ৰপৰা হাইস্কুল পৰ্যন্ত অসমৰ বিভিন্ন প্ৰান্তৰত শিক্ষা সমাপন কৰিবলগীয়া হয়। তেখেতে ১৯৭৩ চনত প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰপৰা প্ৰি উইনিভাৰ্চিটি প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অসম চিকিৎসা মহাবিদ্যালয়ত যোগদান কৰে। অসম আন্দোনত এটা শিক্ষাবৰ্ষ হেৰুৱাই ১৯৮২ চনত তেওঁ এম..বি.বি.এচ পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পৰৱৰ্তী সময়ত সৰ্বভাৰতীয় UPSC পৰীক্ষাত উত্তীৰ্ণ হৈ ৰেল বিভাগত যোগদান কৰে৷

কৰ্মজীৱন আৰু বিবাহ

নন্দিতা দেৱী ভাৰতীয় ৰেল বিভাগৰ চিকিৎসা বিষয়া হিচাপে অসমৰ বিভিন্ন প্ৰান্তত গৈ চাকৰি কৰিবলগীয়া হৈছিল। ১৯৮৮ চনত শল্য বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ শৈলেন্দ্ৰ কুমাৰ শৰ্মাৰ লগত বিবাহপাশত আবদ্ধ হয়।

প্ৰকাশিত সাহিত্যৰাজি

গল্পপুথি

  • বান্দী, ২০০৫, ষ্টুডেণ্ট ষ্ট’ৰচ্
  • আকাশ জাল, ২০১৬, চন্দ্ৰ প্ৰকাশ
  • পিটনিত ডাউকৰ খোজ, জ্যোতি প্ৰকাশন, ২০২২

উপন্যাস

  • বঙল বহু দূৰ,জ্যোতি প্ৰকাশন, ২০১৯২
  • মেহ্গনি কাঠৰ পেৰা, পূৰ্বাঞ্চল প্ৰকাশ,২০২০
  • সাতসৰী (আলোচনী) আলোচনীত ‘বাদুলি চাকিৰ পোহৰত’ শীৰ্ষক উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰকাশ পাই আছে।
  • গৰীয়সী আলোচনীত ‘ৰূপৰ ধোৱা খোৱা সোণৰ ধোৱা খোৱা’ শীৰ্ষক উপন্যাসখন ধাৰাবাহিকভাৱে প্ৰকাশ পাই আছে।

বঁটা আৰু সন্মান

  • এচ. ডি আগৰৱালা সোঁৱৰণী বঁটা, সৰ্বভাৰতীয় চিকিৎসা সংস্থাই ২০০৯ চনত প্ৰদান কৰে।
  • অসম প্ৰকাশন পৰিষদ বঁটা। ‘বঙল বহু দূৰ’ উপন্যাসৰ বাবে।১

তথ্যসূত্ৰ

  1. ↑ ডাঃ নন্দিতা দেৱী, নগেন শৰ্মাক প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান. জনমভূমি
  2. ↑ বঙল বহু দুৰ. Scientia book

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ঔপন্যাসিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দিতা দেৱী” প্ৰবন্ধৰ সংশোধন ৬০৪২১০ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।