অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰূপশ্ৰী গোস্বামী

ৰূপশ্ৰী গোস্বামী (জন্ম ১ ফেব্ৰুৱাৰি ১৯৫০) এগৰাকী অধ্যাপক, গৱেষক, গল্পকাৰ আৰু ঔপন্যাসিক৷ তেখেতৰ আঠখন গল্প সংকলন, দুখন উপন্যাস আৰু দুখন প্ৰবন্ধ সংকলন প্ৰকাশিত হৈছে৷ নেছনেল বুক ট্ৰাষ্টৰ বাবে তেখেতে পাঁচখন আৰু গুৱাহাটীৰ শৰাইঘাট প্ৰকাশনৰ ‘কালজয়ী সাহিত্য’ ছিৰিজৰ বাবে চাৰিখন গ্ৰন্থ অনুবাদ কৰিছে৷ তদুপৰি,…

হালনাগাদ: ৫ জুলাই ২০২৬ ৪৫৬ শব্দ · ৩ মিনিট সংগৃহীত ৪৯
সংশোধনৰ পৰামৰ্শ

ৰূপশ্ৰী গোস্বামী (জন্ম ১ ফেব্ৰুৱাৰি ১৯৫০) এগৰাকী অধ্যাপক, গৱেষক, গল্পকাৰ আৰু ঔপন্যাসিক৷১ তেখেতৰ আঠখন গল্প সংকলন, দুখন উপন্যাস আৰু দুখন প্ৰবন্ধ সংকলন প্ৰকাশিত হৈছে৷ নেছনেল বুক ট্ৰাষ্টৰ বাবে তেখেতে পাঁচখন আৰু গুৱাহাটীৰ শৰাইঘাট প্ৰকাশনৰ ‘কালজয়ী সাহিত্য’ ছিৰিজৰ বাবে চাৰিখন গ্ৰন্থ অনুবাদ কৰিছে৷ তদুপৰি, তেখেতৰ কেইবাখনো মৌলিক আৰু সম্পাদিত গ্ৰন্থও প্ৰকাশ পাইছে৷ গুৱাহাটী আৰু ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ পৰা তেখেতৰ চুটিগল্প আৰু উপন্যাস প্ৰচাৰ হোৱাৰ উপৰি অসমৰ বিভিন্ন আলোচনী আৰু বাতৰিকাকতত তেওঁৰ চুটিগল্প, প্ৰবন্ধ আৰু সামাজিক সচেতনতামূলক লেখা প্ৰকাশ পাই আহিছে৷

শিক্ষা আৰু কৰ্মজীৱন

কটন কলেজৰ পৰা অসমীয়াত সন্মানসহ বি.এ. (১৯৬৮) আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষাত এম.এ. (১৯৭০) ডিগ্ৰী লাভ কৰা গোস্বামীয়ে ১৯৭৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ড॰ মহেশ্বৰ নেওগৰ তত্ত্বাৱধানত ‘পুৰণি অসমীয়া গদ্যৰ উদ্ভৱ আৰু বিকাশ’ (Origin and Development of Old Assamese Prose) বিষয়ত পিএইচ.ড ডিগ্ৰী লাভ কৰে৷ গোস্বামীয়ে ১৯৭০ চনৰ পৰা আকাশৱাণী-গুৱাহাটী, গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠ কলেজ, অসম প্ৰকাশন পৰিষদ, দিল্লীৰ ডি.এ.ভি.পি., ডি.কে. পাব্লিকেছনছ আৰু প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াত কেইবাবছৰো সেৱা আগবঢ়োৱাৰ পাছত যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰবক্তা হিচাপে যোগ দিয়ে আৰু ২০১০ চনত সেই বিভাগৰ সহযোগী অধ্যাপক আৰু মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰে৷

সাহিত্যৰাজি

গল্প সংকলন

  • অচিন পখী, অসমী প্ৰকাশন, গুৱাহাটী, ১৯৮৩
  • কুণ্ডলী, অসমী প্ৰকাশন, গুৱাহাটী, ১৯৯২
  • চনকা গধূলি, অসমী প্ৰকাশন, গুৱাহাটী, ১৯৯৫
  • বাটৰ দূবৰি বন, সাৰস্বত, গুৱাহাটী, ২০০৬
  • একান্ত ব্যক্তিগত, কিৰণ প্ৰকাশন, ধেমাজি, ২০১২
  • আকাশ, মুকলি আকাশ, অসম বুক ট্ৰাষ্ট, গুৱাহাটী, ২০১৬
  • গধূলিৰ গীত, অসম বুক ট্ৰাষ্ট, গুৱাহাটী, ২০১৭২
  • কৃতজ্ঞতা, অসম বুক হাইভ, গুৱাহাটী, ২০২২

উপন্যাস

  • সপোন পখীৰ গীত, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৯৬
  • নৰকৰপৰা স্বৰ্গলৈ, অসম বুক ট্ৰাষ্ট, গুৱাহাটী, ২০১৬৩

প্ৰবন্ধ সংকলন

  • অসমীয়া গদ্য সাহিত্যৰ ধাৰা, অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ২০০৮
  • সাহিত্য আৰু জীৱন, অসম বুক ট্ৰাষ্ট, গুৱাহাটী, ২০১৮

শিশুসাহিত্য

  • চৰাইৰ ঘৰ (গল্প সংকলন), অসম বুক হাইভ, ২০২৫

অন্যান্য পুথি

  • অন্য এক দৃষ্টিকোণৰপৰা (যুটীয়াভাৱে), বীণা লাইব্ৰেৰী, গুৱাহাটী, ১৯৭৮, কিৰণ প্ৰকাশন, ধেমাজি, ২০১০
  • আমাৰ নতুন সাহিত্য (অনা-অসমীয়া লোকৰ বাবে), কামাখ্যা বুক ষ্টল, গুৱাহাটী, ১৯৭৫
  • লিখা-পঢ়া শিকোঁ, ৰম, ২য়, ৩য় খণ্ড, জ্ঞান-বিজ্ঞান সমিতি অসম, ১৯৯১
  • স্বেচ্চাসেৱকৰ হাতপুথি, ৰম, ২য়, ৩য় খণ্ড, জ্ঞান-বিজ্ঞান সমিতি অসম, ১৯৯১
  • লক্ষ্মীনাথ বেজবৰুৱা, জ্ঞান-বিজ্ঞান সমিতি অসম, ১৯৯৬
  • মালালা–পৃথিৱী সলাব খোজা ছোৱালীজনী, বান্ধৱ, গুৱাহাটী, ২০১৪
  • কৈলাস সত্যাৰ্থী–হৃদয়ত যাৰ শিশুৰ ছবি, বান্ধৱ, গুৱাহাটী, ২০১৫
  • সৌৰভ কুমাৰ চলিহাঃ ব্যক্তি আৰু কৃতি (যুটীয়াভাৱে), অসম বুক হাইভ, গুৱাহাটী, ২০২৩
  • শিশু আৰু কিশোৰৰ নিৰুপম জগত (যুটীয়াভাৱে) (অসম বুক হাইভ, ২০২৫)

অনূদিত পুথি

  • প্ৰেমচান্দ, নেছনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া, ১৯৮০
  • অনাদি অনন্ত, নেছনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া, ১৯৮০
  • ৰাজস্থানৰ জনকৃষ্টি, নেছনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া, ১৯৯১
  • জয়কান্তনৰ গল্পমালা, নেছনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া, ১৯৮৫
  • ফ্লছ নৈৰ পাৰৰ মিল, শৰাইঘাট প্ৰকাশন, গুৱাহাটী, ২০০০
  • ছুইজাৰলেণ্ডৰ ৰবিনছন পৰিয়াল, শৰাইঘাট প্ৰকাশন, গুৱাহাটী, ২০০৬
  • ছাইলাছ মাৰ্নাৰ, শৰাইঘাট প্ৰকাশন, গুৱাহাটী, ২০০৯
  • বিপ্লৱ ১৮৫৭, নেছনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া, ২০০৯
  • কণমানি ৰাজকুমাৰ, শৰাইঘাট প্ৰকাশন, ২০২০

সম্পাদিত পুথি, আলোচনী

  • প্ৰবন্ধ বীথিকা, বাণী মন্দিৰ, ২০০৬
  • হৰেন্দ্ৰ নাথ কলিতা, ‘আৱাহন’ত প্ৰকাশিত গল্প, জীৱন আৰু কৃতি, সাৰস্বত, গুৱাহাটী, ২০১২
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ চমু আভাস, হৰেন্দ্ৰ নাথ কলিতা, অসম বুক ট্ৰাষ্ট, গুৱাহাটী, ২০১৭
  • যোৰহাট শিক্ষক সমাৰোহৰ স্মৰণিকা, ২০০২
  • শৰাইঘাট অভিধান, শৰাইঘাট প্ৰকাশন, ২০১১ (সহযোগী সম্পাদক)৪
  • DCB Girls’ College Newsletter, ২০০২

তথ্যসূত্ৰ

  1. ↑ মৌচুমী কোঁৱৰ বৰগোহাঞি. (২০১০). অৱসৰত কৰ্মযোগী, আমাৰ অসমত প্ৰকাশিত লেখা. আমাৰ অসম
  2. ↑ GADHULIR GEET – RUPASREE GOSWAMI গধূলীৰ গীত – ৰূপশ্ৰী গোস্বামী (ASSAM BOOK TRUST). www.scientiabooks.in
  3. ↑ NARAKARPARA SWARGALOI নৰকৰপৰা স্বৰ্গলৈ – ৰূপশ্ৰী গোস্বামী (ASSAM BOOK TRUST). www.scientiabooks.in
  4. ↑ অসমত_ভাষাবৈজ্ঞানিক_চিন্তা-চৰ্চাৰ_ক্ষেত্ৰত_অসমীয়া_মহিলা_লেখকৰ_স্থিতি. srotaswini.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া গল্পকাৰঅসমীয়া ঔপন্যাসিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপশ্ৰী গোস্বামী” প্ৰবন্ধৰ সংশোধন ৬১৫৮২১ (৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।