প্ৰসন্ন কুমাৰ ডেকা অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, অধ্যাপক৷ তেখেত শিশু সাহিত্যিক হিচাপেও পৰিচিত৷ তেখেতে ভালেসংখ্যক অসমীয়া উপন্যাস, গল্প, শিশু সাহিত্য, প্ৰবন্ধ আদি ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়ায় থৈ গৈছে৷ ১৯৯৫ চনত অসম চৰকাৰে তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁলৈ সাহিত্যিক পেন্সন আগবঢ়ায়৷১
জন্ম আৰু বংশ পৰিচয়
তেখেতৰ জন্ম হৈছিল ১৯২৮ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখ বৰপেটা জিলাৰ সৰ্থেবাৰী নগৰৰ যমথেৰ চুপা অঞ্চলত৷ পিতৃৰ নাম ৰামদাস ডেকা আৰু মাতৃৰ নাম শোভন প্ৰিয়া ডেকা৷
শিক্ষা জীৱন
- ১৯৩৫-৪৯ঃ প্ৰাথিমক শিক্ষা-সৰ্থেবাৰী মজলীয়া বিদ্যালয়
- ১৯৪০-৪৮ঃ সৰ্থেবাৰী হাইস্কুল
- ১৯৪৮ঃ প্ৰৱেশিকা পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ
- ১৯৪৮-৫০ঃ কটন কলেজত আই.এ. অধ্যয়ন আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ
- ১৯৫০-৫২ঃ কটন কলেজত অসমীয়া বিষয়ত স্নাতক ডিগ্ৰীৰ বাবে অধ্যয়ন কৰে যদিও অনুতীৰ্ণ হয়৷
- ১৯৫৬ঃ বি.বৰুৱা কলেজৰপৰা অনাৰ্ছ নোহোৱাকৈ স্নাতক ডিগ্ৰী লাভ
- ১৯৬৩ঃ শিক্ষকপৰীক্ষাৰ্থী হিচাপে দ্বিতীয় শ্ৰেণীত এম.এ পৰীক্ষাত উত্তীৰ্ণ
কৰ্মজীৱন
১৯৫৪ চনত সৰ্থেবাৰী হাইস্কুলত ডেৰ বছৰৰ বাবে চাকৰি কৰে আৰু পৰৱৰ্তী সময়ত হাউলী নৰ্মাল স্কুলত শিক্ষকতা কৰে৷ ১৯৫৫-১৬ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত নিম্নবৰ্গৰ সহায়ক পদত কিছুকাল চাকৰি কৰাৰ পাছত ১৯৫৬ চনৰপৰা ৬৩ চনলৈকে সৰ্থেবাৰী হাইস্কুলত পুনৰ চাকৰি কৰে৷ ১৯৬৩ চনৰপৰা ১৯৯০ চনলৈকে টিহু কলেজত অসমীয়া বিভাগত অধ্যাপনা কৰে আৰু ১৯৯০ চনত মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ ১৯৯০ চনত টিহুৰ সৰ্বেশ্বৰ দাস কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে আৰু সৰ্থেবাৰী বি.এড কলেজৰ অধ্যক্ষৰ পদো এবছৰৰ বাবে গ্ৰহণ কৰে৷১
সাহিত্যিক অৱদান
১৯৪০ চনৰ পৰাই তেওঁ সাহিত্য চৰ্চা আৰম্ভ কৰে৷ অসমীয়া উপন্যাস, গল্প, শিশু সাহিত্য, প্ৰবন্ধ আদি ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়ায়৷ ১৯৫৮ চনত তেওঁৰ অগতানুগতিক পত্ৰ উপন্যাস ‘প্ৰিয়তমাসু’ প্ৰকাশ পায়৷ তাৰোপৰি ‘ৰামধেনু’, ‘গৰীয়সী’, ‘প্ৰান্তিক’ আদি আলোচনী আৰু ‘আমাৰ অসম’, ‘আজিৰ অসম’, ‘অসম বাণী’ আদি কাকতত ডেকাৰ ভালেমান লেখা প্ৰকাশ পাইছে৷ ১৯৭৬ চনত টিহুত অনুষ্ঠিত অসম সাহিত্য সভা ৰ স্মৃতিগ্ৰন্থখন তেওঁৰ সম্পাদনাত প্ৰকাশ পায়৷১ তাৰোপৰি ১৯৯৫ চনত সৰ্থেবাৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৬১সংখ্যক অধিৱেশনত তেওঁ আদৰণী সমিতিৰ সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰে৷
শিশু সাহিত্য
- সাধুকথাৰ পুথি
- জীৱন আৰু জেউতি
- জীৱনৰ জীয়া কাহিনী
- মাক আৰু মৰম
- জোন আৰু জুৰি
- জাৰ্মান দেশৰ সাধু
- দেৱদূতী জোৱান ডাৰ্ক
জীৱনী
- মহাপুৰুষ শ্ৰী শ্ৰীভক্তদাস আতৈ
- সৰা শেৱালিৰ সুবাস
পত্ৰোপন্যাস
- প্ৰিয়তমাসু, পত্ৰোপন্যাস, ১৯৫৮
জ্ঞান বিজ্ঞান
- মনোৰম মৰুভূমি
- দেৱদূতী জোৱান আৰ্ক
- ৰচনা প্ৰৱাহ,ব্যাকৰণসহ
- চকা-পইচাৰ কাহিনী
অনুবাদ
- ক’লী সুন্দৰী টিউলীপ, আলেকজেণ্ডাৰ ডুমাৰৰ ইংৰাজী উপন্যাসৰপৰা
কবিতা পুথি
- মন বাকৰিৰ ববচা বনৰ পাত আৰু ফুল
অন্যান্য
- সাহিত্য উপকৰণ
সম্পাদনা
- মাধৱদেৱৰ চোৰধৰা আৰু পিম্পৰা গুচোৱা নাটৰ সম্পাদনা
- অসম সাহিত্য সভাৰ টিহু অধিৱেশনৰ স্মৃতিগ্ৰন্থ, ১৯৭৬
- কোহিৰাম দাস জন্ম শতবাৰ্ষিকী স্মৃতিগ্ৰন্থ, ১৯৮২
- 'জিৰণি' নামৰ মাহেকীয়া আলোচনী, ১৯৯৩-৯৪
মৃত্যু
২০১৪ চনৰ ৮ আগষ্টৰ দিনা সৰ্থেবাৰীৰ নিজা বাসভৱনৰ সমীপৰ পুখুৰীত পৰি আকস্মিকভাৱে প্ৰসন্ন কুমাৰ ডেকাৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ৷১
বঁটা আৰু সন্মান
- ১৯৯৫ চনত অসম চৰকাৰৰ সাহিত্যিক পেন্সন
তথ্যসূত্ৰ
- ↑ চক্ৰেশ্বৰ ডেকা. (২০১৪). স্মৃতিপটত প্ৰসন্ন কুমাৰ ডেকা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰসন্ন কুমাৰ ডেকা” প্ৰবন্ধৰ সংশোধন ৩৮১৮৪৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।