পদুম কুঁৱৰী (Padum Kowari) হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা লিখিত একমাত্ৰ উপন্যাস। উপন্যাসখন ১৯০৫ চনত প্ৰকাশিত হৈছিল। এইখন এক বুৰঞ্জীমূলক উপন্যাস।১ এই উপন্যাসখন লক্ষ্মীনাথ বেজবৰুৱা কলিকতাৰ কলেজত পঢ়ি থকাৰ সময়তে নিজৰ সম্পাদনাত প্ৰকাশ পাইছিল। জোনাকীৰ তৃতীয় বছৰ প্ৰথম সংখ্যাত (১৮৯১ চনত) এই উপন্যাসখন প্ৰকাশিত হৈছিল। উপন্যাসখনক অসমীয়া ভাষাৰ এখন উল্লেখযোগ্য ঐতিহাসিক উপন্যাস বুলি বিবেচনা কৰা হয়।২
ঔপন্যাসিকৰ চমু পৰিচিতি
মূল প্ৰবন্ধ: লক্ষ্মীনাথ বেজবৰুৱা
লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই "কৃপাবৰী ৰচনা" সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে।
উপন্যাসৰ চমু পৰিচিতি
পদুম কুঁৱৰীৰ পটভূমি হৈছে বুৰঞ্জী। দন্দুৱা দ্ৰোহৰ বিদ্ৰোহী নেতা হৰদত্তৰ জীয়ৰী পদুম কুঁৱৰী আৰু উপন্যাসৰ নায়ক সূৰ্যকুমাৰৰ মাজত সূত্ৰপাত হোৱা প্ৰণয়কাহিনীয়েই উপন্যাসখনৰ মুখ্য বিষয়বস্তু।১ বেজবৰুৱাই প্ৰতিটো অধ্যায়ৰ আৰম্ভণি কৰিছে একোটা ইংৰাজী উদ্ধৃতিৰে। প্ৰেমিক-প্ৰেমিকাৰ মিলনৰ অন্তিম মুহূৰ্তত আত্মবলিদানৰ এক কৰুণ পৰিণতিৰে কাহিনীটো শেষ হৈছে। ঔপন্যাসিক বেজবৰুৱাই বুৰঞ্জী আৰু প্ৰেম দুয়োটা দিশকেই সমান্তৰালভাৱে আগবঢ়াই নিছে। চৰিত্ৰ আৰু সংলাপত প্ৰতিফলিত হোৱা কাব্যিকতা উপন্যাসখনৰ আন এটি গুৰুত্বপূৰ্ণ দিশ।২
তথ্যসূত্ৰ
- ↑ বৰুৱা, শান্তনু কৌশিক. (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৬০৬. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮
- ↑ বৰা, অঞ্জল. প্ৰেম, হিংসা, ত্যাগ আৰু আত্মবলিদানৰ অনুপম গাথা পদুম কুঁৱৰী. সাহিত্য ডট অৰ্গ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদুম কুঁৱৰী” প্ৰবন্ধৰ সংশোধন ৩৮৫৩১৬ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।