অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দিব্যা প্ৰভা

দিব্য প্ৰভা (Divya Prabha) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ প্ৰধানকৈ মালায়লম ছবিত অভিনয় কৰে। স্বতন্ত্ৰ ছবি আৰিয়্পু (২০২২) আৰু অল উই ইমাজিন এজ লাইট (২০২৪)ত অভিনয় কৰিছে।

হালনাগাদ: ৩০ অক্টোবৰ ২০২৪ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

দিব্য প্ৰভা (Divya Prabha) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ প্ৰধানকৈ মালায়লম ছবিত অভিনয় কৰে। স্বতন্ত্ৰ ছবি আৰিয়্পু (২০২২) আৰু অল উই ইমাজিন এজ লাইট (২০২৪)ত অভিনয় কৰিছে।

কৰ্মজীৱন

দিব্যা প্ৰভাই টেক অফ১আৰু থামাছা ছবিত অভিনয় কৰি দৰ্শক আৰু সমালোচক উভয়ৰে মনোযোগ লাভ কৰে।২ ২০১৫ চনত তেওঁ টিভি ধাৰাবাহিক ঈশ্বৰ সাক্ষিয়ায়ীত অভিনয় কৰি শ্ৰেষ্ঠ দ্বিতীয় অভিনেত্ৰীৰ বাবে কেৰালা ৰাজ্যিক টেলিভিছন বঁটা লাভ কৰে।৩২০২২ চনৰ লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱত মহেশ নাৰায়ণনৰ পৰিচালনাত নিৰ্মিত আৰিয়্পু ছবিৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাত দিব্যা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে মনোনীত হয়।৪ ২০২২ চনৰ ৪ আগষ্টত ৭৫ সংখ্যক লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱৰ কনকৰ্চো ইণ্টাৰনেছনেল (আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা অংশ)ত এই ছবিখনৰ প্ৰিমিয়াৰ হয়, য'ত ছবিখন গোল্ডেন লিঅ'পাৰ্ডৰ বাবে মনোনীত কৰা হয়। ২০২২ চনৰ ১৬ ডিচেম্বৰত নেটফ্লিক্সত এই ছবিখনে বিশ্বব্যাপী মুক্তি লাভ কৰে। ৭৭ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত পাম ডি অৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা আৰু গ্ৰেণ্ড প্ৰিক্স লাভ কৰা অল উই ইমাজিন এজ লাইট (পায়ল কাপাডিয়াৰ পৰিচালিত) ছবিখনত তেওঁ অন্যতম মুখ্য চৰিত্ৰত অভিনয় কৰে।৫

চলচ্চিত্ৰপুঞ্জী

বৰ্ষশিৰোনামচৰিত্ৰটোকাতথ্যসূত্ৰ
২০১৩লোকপালবিপণন কৰ্মী
মুম্বাই পুলিচসাংবাদিক
কোল্ড ষ্টৰেজপ্ৰিন্সী
ছিমকোমলম
২০১৪ইতিহাসাআন
কায়লদিব্যাতামিল ছবি
ভায়া ভায়াকোৰাহৰ জীয়েক
পিয়ানিষ্টলেক্সমী
২০১৬ভেট্টাহআশা
২০১৭টেক অফজিনছি
২০১৮কাম্মাৰা সম্ভৱমকমলা
ননচেন্সনাৰ্চ
২০১৯প্ৰাথী পোভাংকঝীজল্লী
থামাচাশিক্ষয়িত্ৰী ববিতা
২০২১নিঝালড০ শালিনী৬
মালিকআয়েশ
কড়িয়িল অড়াভানঅৰুলমঝীতামিল ছবি
২০২২আৰিয়প্পীৰেশ্মীমুখ্য চৰিত্ৰ৭
২০২৩ফেমিলীৰাণী৮
২০২৪অল উই ইমাজিন এজ লাইটঅনু৯

থিয়েটাৰ

  • ২০১৯: এ ভেৰি নৰমেল ফেমিলি (মলিয়াম্মা)

বঁটা আৰু সন্মান

কেৰেলা ৰাজ্যিক টেলিভিছন বঁটা

  • ২০১৫: শ্ৰেষ্ঠ দ্বিতীয় অভিনেত্ৰীৰ বাবে কেৰালা ৰাজ্যিক টেলিভিছন বঁটা– ঈশ্বৰ সাক্ষ্যয়ী (মালয়ালম ছ'প অপেৰা - ফুল টিভি)১০

লোকাৰ্নো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

  • আৰিয়প্পু (২০২২) ছবিৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত লোকাৰ্নো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে মনোনয়ন লাভ৷১১

তথ্যসূত্ৰ

  1. ↑ Nair, Vidya. (27 April 2017). The Best 'Take Off'. Deccan Chronicle
  2. ↑ Mythily Ramachandran. (26 June 2019). 'Thamaasha' stars on bringing unlikely heroes into the spotlight. Gulf News
  3. ↑ (2016-06-11). 'Eswaran Sakshiyayi' wins five State Awards. The Times of India
  4. ↑ (3 August 2022). Kunchacko Boban, Mahesh Narayanan on Locarno Competition Title 'Ariyippu' (EXCLUSIVE)
  5. ↑ Ramachandran, Naman; Keslassy, Elsa. (13 September 2024). Cannes Winner 'All We Imagine as Light' at Center of Oscar Entry Battle Between France and India (EXCLUSIVE). Variety
  6. ↑ (29 March 2021). Nizhal: Trailer of Kunchacko Boban - Nayanthara film out. Cinema Express
  7. ↑ (7 July 2022). Mahesh Narayanan's Ariyippu selected for Locarno Film Festival contest
  8. ↑ (2023-12-13). Family movie review: Don Palathara's stellar film exposes how family, religious institutions and society create a safe space for predators. The Indian Express
  9. ↑ All We Imagine As Light: Indian Film To Compete For Palme D'Or At The Cannes Film Festival. Forbes India
  10. ↑ (2016-06-11). 'Eswaran Sakshiyayi' wins five State Awards. The Times of India
  11. ↑ (3 August 2022). Kunchacko Boban, Mahesh Narayanan on Locarno Competition Title 'Ariyippu' (EXCLUSIVE)

সম্পৰ্কিত শ্ৰেণী

মালায়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীঅভিনেত্ৰীকেৰালাৰ ব্যক্তিদাক্ষিণাত্যৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিব্যা প্ৰভা” প্ৰবন্ধৰ সংশোধন ৪৪১৯০৮ (৩০ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।