অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনু প্ৰভাকাৰ

অনু প্ৰভাকাৰ ( Anu Prabhakar) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ কানাড়া ছবি আৰু কেইখনমান তামিল ছবিত অভিনয় কৰে।

হালনাগাদ: ৮ মাৰ্চ ২০২৫ ২৬৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অনু প্ৰভাকাৰ ( Anu Prabhakar) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ কন্নড় ভাষা ছবি আৰু কেইখনমান তামিল ছবিত অভিনয় কৰে।

প্ৰাথমিক জীৱন

অনুৰ জন্ম হৈছিল বেংগালুৰুত ভাৰত হেভি ইলেক্ট্ৰিকেলছৰ কৰ্মচাৰী এম ভি প্ৰভাকৰ আৰু ডাবিং শিল্পী তথা অভিনেত্ৰী গায়ত্ৰী প্ৰভাকৰৰ ঘৰত। অনুৰ ডাঙৰ-দীঘল হৈছিল বাংগালুৰুৰ মল্লেশ্বৰম উপকণ্ঠ অঞ্চলত, আৰু নিৰ্মলা ৰাণী হাইস্কুলত পঢ়িছিল। কানাড়া ছবি চাপালা চেন্নিগাৰায় (১৯৯০) আৰু শান্তি ক্ৰান্তি (১৯৯১), আৰু ইংৰাজী ছবি মিষ্ট্ৰীজ অৱ দ্য ডাৰ্ক জংগল (১৯৯০)ত শিশু শিল্পী হিচাপে অভিনয় কৰে। নায়িকা হিচাপে তেওঁৰ কেৰিয়াৰ আৰম্ভ হোৱাৰ সময়ত কলেজ এৰি যোৱাৰ সময়ত১ পিছলৈ তেওঁ কৰ্ণাটক বিশ্ববিদ্যালয়ৰ পৰা চিঠিপত্ৰৰ জৰিয়তে সমাজবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১২

কৰ্মজীৱন

১৯৯৯ চনত শিৱ ৰাজকুমাৰৰ বিপৰীতে হ্ৰুদয়া হ্ৰুদয়া ছবিৰে নায়িকা হিচাপে অভিষেক ঘটা অনুৱে কানাড়া ছবিৰ শীৰ্ষ পৰ্যায়ৰ নায়িকা হিচাপে পৰিগণিত হয়। ৰমেশ আৰাবিন্দৰ সৈতে জনপ্ৰিয় যুটি গঢ়ি তুলিছিল। ছুপাৰষ্টাৰ বিষ্ণুবৰ্ধনৰ সৈতে ছুৰাপ্পা, জমিন্দাৰু, হ্ৰুদয়বন্ত, সাহুকৰা আৰু বৰ্ষা আদি কেইবাখনো ছবিত সহ অভিনয় কৰিছে। অনুৱে কেইখনমান তামিল চিনেমাতো অভিনয় কৰিছে। ২০০৯ চনত তেওঁ অলাভজনক সংস্থা টিচএইডছৰ দ্বাৰা নিৰ্মিত এইচ আই ভি/এইডছ শিক্ষাৰ এনিমেটেড চফ্টৱেৰ টিউটোৰিয়েলত নিজৰ কণ্ঠদান কৰে।৩ দ্বাদশ শতিকাৰ কানাড়া কবি আক্কা মহাদেৱীৰ জীৱনৰ আধাৰত ২০২০ চনত নিৰ্মিত ছবিখনত তেওঁ দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল; এজন কবিৰ আৰু আনজন জ্যোতিৰ, কবিৰ ওপৰত পি এইচ ডি কৰা ছোৱালী।৪

বঁটা

অনুপ্ৰভাকৰক বাংগালুৰুৰ কোলাডা মঠৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয়, বিভিন্ন ছবিত অভিনয় কৰাৰ বাবে ‘অভিনয় সৰস্বতী’ উপাধিৰে। আন আন বঁটা যেনে ‘কৰ্ণাটক ৰাজ্য চৰকাৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা ২০০০–০১’ লাভ কৰিছে।

ব্যক্তিগত জীৱন

২০১৬ চনৰ এপ্ৰিল মাহত অনুৱে মডেলৰ পৰা অভিনেতালৈ পৰিণত হোৱা ৰঘু মুখাৰ্জীক বিয়া কৰায়।৫ তেওঁলোকৰ নন্দনা নামৰ এগৰাকী কন্যা আছে।৬ ইয়াৰ পূৰ্বে অভিনেত্ৰী জয়ন্তীৰ পুত্ৰ কৃষ্ণ কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু ২০১৪ চনৰ জানুৱাৰী মাহত তেওঁলোকৰ মাজত মতানৈক্যৰ কাৰণে বিবাহ বিচ্ছেদ হৈছিল।

তথ্যসূত্ৰ

  1. ↑ TV9 Mareyalaare: Actress Anu Prabhakar Shares Sweet Memories of Her Life Time - Full. TV9 Kannada
  2. ↑ (1 August 2014). Anu Prabhakar mum on her separation from her husband. The Times of India
  3. ↑ (25 September 2009). Kannada actress, Anu Prabhakar, plays role in TeachAIDS production. TeachAids
  4. ↑ (7 October 2014). I try to keep my characters alive. Deccan Herald
  5. ↑ (26 April 2016). Actors Anu Prabhakar and Raghu Mukherjee tie the knot. The Hindu
  6. ↑ Doting parents! Sandalwood stars strike a pose with their cute babies. The Times of India

সম্পৰ্কিত শ্ৰেণী

অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনু প্ৰভাকাৰ” প্ৰবন্ধৰ সংশোধন ৪৮৯৩০৯ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।