অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেইন চুদোৰী

ৰেইন চুদোৰী-ছ'ৰজোৱাটমোদজো (ইংৰাজী: Rain Chudori-Soerjoatmodjo; জন্ম: ১০ নৱেম্বৰ ১৯৯৪) এগৰাকী ইণ্ডোনেছিয়ান সৃষ্টিশীল উদ্যোগী, লেখিকা, কিউৰেটৰ আৰু অভিনেত্ৰী।

হালনাগাদ: ১৭ জুন ২০২৫ ২৮৮ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰেইন চুদোৰী-ছ'ৰজোৱাটমোদজো (ইংৰাজী: Rain Chudori-Soerjoatmodjo; জন্ম: ১০ নৱেম্বৰ ১৯৯৪) এগৰাকী ইণ্ডোনেছিয়ান সৃষ্টিশীল উদ্যোগী, লেখিকা, কিউৰেটৰ আৰু অভিনেত্ৰী। মাতৃ লেইলা চুদোৰীৰ সৈতে মিলি তেওঁ পেৰন হাউছ১ নামৰ এটা প্ৰকাশন কোম্পানী প্ৰতিষ্ঠা কৰে যিয়ে ২০২৩ চনত উবুদ ৰাইটাৰ্ছ এণ্ড ৰিডাৰ্ছ ফেষ্টিভেলত আত্মপ্ৰকাশ কৰে। চুদোৰীৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে।

জীৱন বৃত্তান্ত

ৰেইন চুদোৰী হৈছে লেখিকা লৈলা চুদোৰী আৰু কিউৰেটৰ ইউধি সূৰ্যোআতমদ্জো-ৰ জীয়াৰী আৰু সংবাদিক মুহাম্মদ চুদোৰী-ৰ ধৈৰ। চুদোৰী নিউ দিল্লীত বাস কৰে আৰু বৰ্তমান নিউয়ৰ্কত শিল্প-আবাসিক হিচাপে কাৰ্যৰত।২

চুদোৰীৰ ছোট গল্প সংকলন Monsoon Tiger and Other Stories (২০১৩)৩ ২০১৫ চনত জাকাৰ্টাত উন্মোচন কৰা হৈছিল।৪ এই কিতাপখন ২০১৮ চনত Biru dan Kisah-Kisah Lainnya শীৰ্ষক ইণ্ডোনেছিয়ান ভাষালৈ অনুবাদ কৰা হৈছিল।৫ তেওঁৰ দ্বিতীয়খন কিতাপ, Imaginary City নামৰ এখন উপন্যাস, ২০১৭ চনত প্ৰকাশ পাইছিল।৬

চুদোৰী হৈছে Peron House নামৰ এখন প্ৰকাশন উদ্যোগৰ প্ৰতিষ্ঠাপক আৰু Penerbit KPG (Kompas, Gramedia)-ৰ অধীনস্থ Comma Books নামৰ প্ৰকাশন শাখাৰ কিউৰেটৰ।৭ তেওঁ ২০১৫ চনত ফ্ৰাংকফুৰ্ট বই মেলাত ৰাষ্ট্ৰীয় পুস্তক সমিতিৰ অনুবাদ বাছনি, আৰু ২০১৮ আৰু ২০১৯ চনত লণ্ডন বই মেলাত LitRi অনুদান লাভ কৰিছিল।৮ তেওঁ The Jakarta Post, The Jakarta Globe, Tempo, Salihara, VICE, Whiteboard Journal, Portside Review,৯ The Letters Page, আৰু Kill Your Darlings-ত লিখা প্ৰকাশ কৰিছে। তেওঁ Ubud Writers and Readers Festival,১০ Singapore Writers Festival,১১ Brahmaputra Literary Festival,১২ আদিত অংশগ্ৰহণ কৰিছে।

চুদোৰী Rocket Rain নামৰ চলচ্চিত্ৰত অভিনয় কৰিছিল, যিটো Jogja-Netpac চলচ্চিত্ৰ উৎসৱত মনোনীত হৈছিল আৰু Geber Award লাভ কৰিছিল। এই চলচ্চিত্ৰখন Apresiasi Film Indonesia-ত শ্ৰেষ্ঠ নন-চিনেমা ফিচাৰ চলচ্চিত্ৰ আৰু শ্ৰেষ্ঠ পৰিচালক শ্ৰেণীত মনোনীত হৈছিল। চুদোৰীক Piala Maya Indonesia-ৰ পৰা শ্ৰেষ্ঠ নতুন অভিনেত্ৰীৰ বাবে মনোনীত কৰা হৈছিল।১৩ ২০১৭ চনত তেওঁ Galih dan Ratna চলচ্চিত্ৰত এটা ভূমিকাত অভিনয় কৰিছিল।

গ্ৰন্থপঞ্জী

  • মনছুন টাইগাৰ এণ্ড আদাৰ ষ্ট'ৰিচ (২০১৫)১৪
  • ইমেজিনাৰি ছিটি (২০১৮)১৫
  • Biru dan Kisah-Kisah Lainnya (নীলা আৰু অন্যান্য কাহিনী) (২০১৮)
  • ইমেজিনাৰি ছিটি: এ ভিজুৱেল নৱেল (২০২২)

ফিল্মগ্ৰাফী

  • ৰকেট ৰেইন (২০১২)
  • গালিহ দান ৰত্না (গালিহ আৰু ৰত্ন) (২০১৭)

তথ্যসূত্ৰ

  1. ↑ Peron House Debut: Bridging Literary Heritage and Innovation. Ubud Writers and Readers Festival
  2. ↑ Art Omi: Writers Reading with Nuyorican Poets Café – Art Omi
  3. ↑ Monsoon tiger and other Stories: From woman for women. The Jakarta Post
  4. ↑ Monsoon tiger and other Stories: From woman for women. The Jakarta Post
  5. ↑ (2018-11-08). Rain Chudori: Terjun Langsung Mengembangkan Industri Sastra. Crafters
  6. ↑ Shaidra, Aisha. (2017-10-18). Imaginary City, Novel Pertama Rain Chudori. Tempo
  7. ↑ Heriyanto, Devina. Rain Chudori: Rattling cages with Comma Books. The Jakarta Post
  8. ↑ Translation Funding Program · Islands of Imagination. islandsofimagination.id
  9. ↑ Of The Soul - Editorial by Rain Chudori. Portside Review
  10. ↑ Rain Chudori, UWRF
  11. ↑ Singapore Writers Festival 2020: More headliners and programme highlights to catch
  12. ↑ Authors From Across The Globe Meet At Brahmaputra Literary Festival
  13. ↑ Ini Nominasi Piala Maya 2014. detikhot
  14. ↑ Priherdityo, Endro. 'Monsoon Tiger and Other Stories,' Kedewasaan Gadis 14 Tahun. hiburan
  15. ↑ Chudori, Rain; Marsha, Alia. (2017-10-09). Read an Excerpt from Rain Chudori's New Novel 'An Imaginary City'. Vice

সম্পৰ্কিত শ্ৰেণী

অভিনেত্ৰীলেখিকাইণ্ডোনেছিয়ান অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেইন চুদোৰী” প্ৰবন্ধৰ সংশোধন ৫১৮৭২৫ (১৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।