অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নন্দনা দেৱ সেন

নন্দনা দেৱ সেন এগৰাকী ভাৰতীয় বংশোদ্ভুত আমেৰিকাৰ অভিনেত্ৰী, চিত্ৰনাট্যকাৰ, শিশু লেখিকা আৰু শিশু অধিকাৰ কৰ্মী। বলীউডত তেওঁৰ প্ৰথম চলচ্চিত্ৰ চৰিত্ৰ আছিল অমিতাভ বচ্চন আৰু ৰাণী মুখাৰ্জী অভিনীত, সঞ্জয় লীলা ভণশালীৰ 'ব্লেক '(২০০৫), য'ত তেওঁ ৰাণীৰ ১৭ বছৰীয়া সৰু ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছিল।

হালনাগাদ: ২৭ ফেব্ৰুৱাৰী ২০২৫ ৩১০ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

নন্দনা দেৱ সেন এগৰাকী ভাৰতীয় বংশোদ্ভুত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১অভিনেত্ৰী, চিত্ৰনাট্যকাৰ, শিশু লেখিকা আৰু শিশু অধিকাৰ কৰ্মী। ২৩ বলীউডত তেওঁৰ প্ৰথম চলচ্চিত্ৰ চৰিত্ৰ আছিল অমিতাভ বচ্চন আৰু ৰাণী মুখাৰ্জী অভিনীত, সঞ্জয় লীলা ভণশালীৰ 'ব্লেক '(২০০৫), য'ত তেওঁ ৰাণীৰ ১৭ বছৰীয়া সৰু ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন

নন্দনা দেৱ সেন ন'বেল বঁটা বিজয়ী আৰু ভাৰত ৰত্ন অৰ্থনীতিবিদ অমৰ্ত্য সেন আৰু পদ্মশ্ৰী প্ৰাপ্ত নৱনীতা দেৱ সেনৰ কন্যা। নন্দনাৰ জন্ম নতুন দিল্লীত হৈছিল। তেওঁৰ ডাঙৰ ভগ্নী অন্তৰা দেৱ সেন এগৰাকী সাংবাদিক। নন্দনাই তাইৰ শৈশৱৰ কেইবছৰমান দিল্লী আৰু লণ্ডনত অতিবাহিত কৰিছিল। নন্দনাৰ মাক-দেউতাক পৃথক হোৱাৰ পিছত তেওঁ আৰু তেওঁৰ সহোদৰ অন্তৰা তেওঁলোকৰ মাক নৱনীতাৰ সৈতে কলিকতালৈ গুচি যায়। কলকাতাত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত, তেওঁ উচ্চ শিক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ লৈ যায় আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত বিএ আৰু স্নাতকোত্তৰ সম্পূৰ্ণ কৰে। সত্যজিৎ ৰায়ৰ দ্বাৰা নিৰ্বাচিত সন্দেশ আলোচনীত নন্দনা সেনৰ প্ৰথম লিখনি প্ৰকাশিত হৈছিল।৪জীৱনৰ প্ৰাৰম্ভিক বছৰবোৰ তেওঁ ইউৰোপ, ভাৰত আৰু আমেৰিকাৰ বিভিন্ন চহৰত অতিবাহিত কৰিছিল।

শিক্ষা

নন্দনা সেনে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত সাহিত্য বিষয়ত অধ্যয়ন কৰিছিল। বিশ্ববিদ্যালয়ত তেওঁ শ্ৰেণীত শীৰ্ষস্থান দখল কৰাৰ বাবে প্ৰথম বৰ্ষত ডেটুৰ বঁটা লাভ কৰিছিল। পিছলৈজন হাৰ্ভাৰ্ড স্ক'লাৰশ্বিপ আৰু সৰ্বোচ্চ ডিষ্টিংচনৰ একাডেমিক এচিভমেণ্টৰ বাবে এলিজাবেথ কেৰী আগাচিজ বঁটা দুয়োটা লাভ কৰিছিল। এগৰাকী কনিষ্ঠ হিচাপে, তেওঁ একাডেমিক সন্মান সমাজ ফি বেটা কাপ্পালৈ সোনকালে নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত, সেনে ইউএছচি ফিল্ম স্কুলত পিটাৰ ষ্টাৰ্ক প্ৰযোজনা কাৰ্যসূচীত চলচ্চিত্ৰ প্ৰযোজনা অধ্যয়ন কৰে। তেওঁ বিভিন্ন চুটি চলচ্চিত্ৰ লিখিছিল আৰু পৰিচালনা কৰিছিল, যাৰ ভিতৰত আছে তেওঁৰ গৱেষণা চলচ্চিত্ৰ "এৰেঞ্জড মেৰেজ" যিটো একাধিক চলচ্চিত্ৰ মহোৎসৱত দেখুওৱা হৈছিল। এগৰাকী অভিনেতা হিচাপে নন্দনাই নিউয়ৰ্কৰ লী ষ্ট্ৰাছবাৰ্গ থিয়েটাৰ ইনষ্টিটিউটৰ লগতে লণ্ডনৰ ৰয়েল একাডেমী অফ ড্ৰামাটিক আৰ্টত প্ৰশিক্ষণ লৈছিল।

কৰ্মজীৱন

থিয়েটাৰ আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও, নন্দনাই শিশু সুৰক্ষা প্ৰতিনিধি হিচাপে কাম কৰি আহিছে। নন্দিতা হৈছে গ্লোবেল চিল্ড্ৰেন এনজি অপাৰেচনৰ স্মাইল এম্বেচেডৰ।

ব্যক্তিগত জীৱন

সেনে ২০১৩ চনৰ জুন মাহত পেংগুইন ৰেণ্ডম হাউচৰ অধ্যক্ষজন মাকিনচনক বিয়া কৰায়।৫ দম্পতীহালে ২০১৮ চনত এগৰাকী বঙালী যুৱতীক তুলি লৈছিল। তেওঁ আগতে ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক মধু মাণ্টেনাৰ সৈতে এক দশকৰো অধিক সময় ধৰি সম্পৰ্কত আছিল।৬

তথ্যসূত্ৰ

  1. ↑ (21 June 2021). Friends from #NewYork, a big day tomorrow at the #primaries! Are you ready to #vote? I voted early to avoid the lines, and it was super quick! #I♥️NY
  2. ↑ (17 September 2013). Nandana Dev Sen (2021). JLF New York
  3. ↑ Nandana Dev Sen. Brooklyn Book festival
  4. ↑ Chopra, Anupama. (28 January 2012). Newswallah: Bollywood Edition. The New York Times
  5. ↑ Celebrities News - Latest Celebrity News & Gossip, Couples and celebrities birthdays
  6. ↑ (3 November 2014). Nandana Sen: All my big decisions in life made sense to no one but me – Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

অভিনেত্ৰীলেখিকাভাৰতীয় মহিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দনা দেৱ সেন” প্ৰবন্ধৰ সংশোধন ৪৮৩৩১৮ (২৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।