ইংৰাজী চলচ্চিত্ৰৰ অভিনেত্ৰী
৩১ প্ৰবন্ধ
-
ৰিয়া সেন
ৰিয়া সেন (Riya Sen) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ তেওঁ প্ৰধানকৈ হিন্দী, বাংলা, ইংৰাজী, তেলেগু, তামিল আৰু মালায়ালম ছবিত অভিনয় কৰে। সেনে ৰাজপৰিয়ালৰ বংশৰ৷ তেওঁৰ পিতৃ ভাৰত দেৱ বৰ্মা ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ। তেওঁ কোচবিহাৰৰ ৰাজকুমাৰী আৰু জয়পুৰৰ মহাৰাণী গায়ত্ৰী দেৱীৰ ভতিজা ইলা দেৱীৰ পুত্ৰ।
-
তাৰা শৰ্মা
তাৰা শৰ্মা (ইংৰাজী: Tara Sharma; জন্ম: ১১ জানুৱাৰী ১৯৭৭) এগৰাকী ভাৰতীয়-ব্ৰিটিছ অভিনেত্ৰী, উদ্যোগী, সৃষ্টিকৰ্তা, সহ-প্ৰযোজক আৰু দ্য তাৰা শৰ্মা শ্বোৰ আঁতধৰোঁতা। তেওঁ লেখক প্ৰতাপ শৰ্মা আৰু চুজান শৰ্মাৰ কন্যা। ২০০২ চনত অনুপম খেৰৰ পৰিচালনাৰে নিৰ্মিত ওম জয় জগদীশ ছবিৰ জৰিয়তে তেওঁ বলিউডত আত্মপ্ৰকাশ কৰে।
-
লীলা নাইডু
লীলা নাইডু ( Leela Naidu; ১৯৪০ – ২৮ জুলাই ২০০৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁ বাস্তৱ জীৱনৰ নানাৱতী গোচৰৰ আধাৰত নিৰ্মিত য়ে ৰাষ্টে হ্যায় প্যাৰ কে (১৯৬৩) আৰু মাৰ্চেণ্ট আইভৰি প্ৰডাকচনৰ প্ৰথমখন ছবি দ্য হাউছহোল্ডাৰকে ধৰি কম সংখ্যক হিন্দী আৰু ইংৰাজী ছবিত অভিনয় কৰিছিল।
-
শোভনা
শোভনা চন্দ্ৰকুমাৰ পিল্লাই (Shobana Chandrakumar Pillai; জন্ম: ২১ মাৰ্চ ১৯৭০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ভাৰতনাট্যম শিল্পী। তেওঁ প্ৰধানকৈ মালয়ালম ছবিৰ লগতে তেলুগু আৰু তামিল ছবিত অভিনয় কৰিছে। তাৰোপৰি কেইখনমান হিন্দী, কানাড়া আৰু ইংৰাজী ছবিতো অভিনয় কৰিছে।
-
আইমি লু উড
আইমি লু উড (জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৯৪) এগৰাকী ইংৰাজী অভিনেত্ৰী আৰু লেখিকা। তেওঁ মঞ্চত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে, মেৰী ষ্টুয়াৰ্ট (২০১৬–২০১৭) আৰু পিপল, প্লেচেছ এণ্ড থিংছ (২০১৭)ৰ প্ৰযোজনাত অভিনয় কৰে।
-
আমেলিয়া গেথিং
আমেলিয়া গেথিং (ইংৰাজী: Amelia Gething; জন্ম: ২৪ জানুৱাৰী ১৯৯৯) এগৰাকী ইংৰাজী অভিনেত্ৰী আৰু লেখিকা। কন্টেন্ট-ক্ৰিয়েটৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু বিবিচিৰ শ্ব’ দ্য আমেলিয়া গেথিং কমপ্লেক্স (২০১৯–২০২১) লিখিছিল।
-
ইউনিচ গেচন
ইউনিচ এলিজাবেথ চাৰগাইচন (১৭ মাৰ্চ ১৯২৮ – ৮ জুন ২০১৮), যাক পেছাদাৰীভাৱে ইউনিচ গেচন নামেৰে জনা যায়, এগৰাকী ইংৰাজ অভিনেত্ৰী আছিল। তেওঁ প্ৰথম দুখন জেমছ বণ্ডৰ বোলছবি (ড° নো আৰু ফ্ৰম ৰাছিয়া উইথ লাভ)ত জেমছ বণ্ডৰ প্ৰেমিকা চিলভিয়া ট্ৰেন্সৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত আৰু সেয়েহে তেওঁক প্ৰথম…
-
এণ্টনিয়া বাৰ্নাথ
এণ্টনিয়া জেৰাল্ডিন অড্ৰী লী বাৰ্নাথ (ইংৰাজী: Antonia Geraldine Audrey Lee Bernath) এগৰাকী ইংৰাজ অভিনেত্ৰী, ভইচঅভাৰ শিল্পী আৰু কণ্ঠশিল্পী। তেওঁ ২০০৫ চনত চি.বি.এছ.ৰ ধাৰাবাহিক এলভিছ আৰু বলীউডৰ চলচ্চিত্ৰ কিছনা: দ্য ৱাৰিয়ৰ পয়েটৰ জৰিয়তে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল।
-
এমা মেকি
এমা মাৰ্গাৰেট মেৰী টাচাৰ্ড-মেকি (জন্ম ) ইয়াৰ পিছত মেকিয়ে ৰহস্য চলচ্চিত্ৰ ডেথ অন দ্য নাইল (২০২২) ত অভিনয় কৰে আৰু নাট্য চলচ্চিত্ৰ এমিলি (২০২২) ত এমিলি ব্ৰণ্টেৰ চৰিত্ৰত অভিনয় কৰে। তেওঁ ২০২৩ চনত BAFTA Rising Star Award লাভ কৰে।
-
এমি জেকচন
এমি লুইজ জেকচন ৱেষ্টউইক (নিয়ে জেকচন; জন্ম ৩১ জানুৱাৰী ১৯৯২) ভাৰতীয় চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত এগৰাকী বৃটিছ অভিনেত্ৰী আৰু মডেল। তেওঁ প্ৰধানকৈ তামিল ছবিৰ উপৰি কিছুমান হিন্দী, তেলুগু, কন্নড় আৰু ইংৰাজী ছবিত কাম কৰে।
-
এমি মেঘেৰা
এমি মেঘেৰা (পূৰ্বৰ নাম অমৃত মেঘেৰা) এগৰাকী ব্ৰিটিছ মডেল আৰু অভিনেত্ৰী, যিয়ে হিন্দী, ইংৰাজী আৰু পঞ্জাবী ছবিত কাম কৰে। ২০১৫ চনৰপৰা ২০১৭ চনলৈকে তেওঁ ব্ৰিটিছ ধাৰাবাহিক হলিঅ’ক্সত নীতা কৌৰৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
এমিলিয়া ক্লাৰ্ক
এমিলিয়া ক্লাৰ্ক (Emilia Clarke; জন্ম: ২৩ অক্টোবৰ ১৯৮৬) এগৰাকী ইংৰাজ অভিনেত্ৰী। এইচবিঅ’ৰ ফেণ্টাচী ধাৰাবাহিক গেম অফ থ্ৰোনছ (২০১১–২০১৯)-ত ডেনৰিছ টাৰ্গেৰিয়ান চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ অধিক পৰিচিত। এই চৰিত্ৰটোৰ বাবে তেওঁ চাৰিবাৰকৈ প্ৰাইমটাইম এমি বঁটাৰ মনোনয়ন লাভ কৰিছিল।
-
কেট উইন্সলেট
কেট এলিজাবেথ উইন্সলেট (জন্ম ৫ অক্টোবৰ ১৯৭৫) এগৰাকী ইংৰাজী অভিনেত্ৰী। মূলতঃ স্বতন্ত্ৰ ছবি, বিশেষকৈ পিৰিয়ড নাটকত হেডষ্ট্ৰং আৰু জটিল মহিলাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত তেওঁ একাডেমী বঁটা, দুটা প্ৰাইমটাইম এমি বঁটা, পাঁচটা বাফটা বঁটা আৰু পাঁচটা গোল্ডেন গ্ল’ব বঁটাকে ধৰি বহুতো প্ৰশংসা লাভ কৰিছে।
-
কেলি কুউকো
কেলি ক্ৰীষ্টিন কুউকো (Kaley Christine Cuoco, জন্ম ৩০ নৱেম্বৰ, ১৯৮৫) এগৰাকী আমেৰিকান অভিনেত্ৰী। এবিচিৰ চিটকম ৮ চিম্পল ৰুলছ (২০০২–২০০৫)ত ব্ৰিজেট হেনেছি, চিবিএছ চিটকম দ্য বিগ বেং থিয়ৰী (২০০৭–২০১৯)ত পেনি আৰু এইচবিঅ' মেক্সৰ কমেডী থ্ৰিলাৰ দ্য ফ্লাইট এটেণ্ডেণ্ট (২০২০–২০২২)ৰ শীৰ্ষ চৰিত্ৰ হিচাপে আগবঢ়োৱা…
-
ক্ৰিষ্টাল ৰিড
ক্ৰিষ্টাল মেৰী ৰিড (জন্ম ৬ ফেব্ৰুৱাৰী, ১৯৮৫) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ টিন উলফ (২০১১–২০১৪) ধাৰাবাহিকত এলিছন আৰ্জেণ্টৰ চৰিত্ৰত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰে। তৃতীয় ছিজনৰ পিছত তেওঁ ধাৰাবাহিকখন এৰি যায় যদিও পঞ্চম ছিজনত এলিছনৰ পূৰ্বপুৰুষ মেৰী-জিন ভেলেট হিচাপে অতিথি চৰিত্ৰত উপস্থিত হৈছিল।
-
চেণ্ড্ৰা কেৰন
চেণ্ড্ৰা এল. ক'গান (২৭ আগষ্ট ১৯৩৬ – ১ ছেপ্টেম্বৰ ২০২৫), চেণ্ড্ৰা কেৰন নামেৰে পৰিচিত, এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। পূব লণ্ডনৰ ষ্টেপনীত জন্মগ্ৰহণ কৰা তেওঁ আইডা ফষ্টাৰ থিয়েটাৰ স্কুলত প্ৰশিক্ষণ লৈছিল।
-
জিলিয়ান মাৰে
জিলিয়ান মাৰে (ইংৰাজী: Jillian Murray; জন্ম: ৪ জুন, ১৯৮৪) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু মডেল। তেওঁ ছনি উইথ এ চান্স ধাৰাবাহিকত পৰ্টলিন, এমটিভিৰ অকৱাৰ্ড ধাৰাবাহিকত অলিভিয়া, আমেৰিকান হাইস্কুল চলচ্চিত্ৰত গ্ৱেন এডামছ, ফৰ্গেট মি নটত লেক্স মিচেল, ৱাইল্ড থিংছ: ফোৰছামত ব্ৰেণ্ডী কক্স আৰু মাছ ইফেক্ট ভিডিঅ’…
-
জ’ডি কমাৰ
জ’ডি কমাৰ (ইংৰাজী: Jodie Comer; জন্ম: ১১ মাৰ্চ ১৯৯৩) এগৰাকী ইংৰাজ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ লাভ কৰা সন্মানসমূহৰ ভিতৰত দুটাকৈ ব্ৰিটিছ একাডেমী টেলিভিছন বঁটা, এটা প্ৰাইমটাইম এমি বঁটা, এটা টনি বঁটা, এটা লৰেন্স অলিভিয়াৰ বঁটা আৰু গোল্ডেন গ্ল’ব বঁটাৰ বাবে দুটা মনোনয়ন উল্লেখযোগ্য।
-
নাটালি ডৰমাৰ
নাটালি ডৰমাৰ (জন্ম: ১১ ফেব্ৰুৱাৰী ১৯৮২) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। ঐতিহাসিক নাটক, ব্লকবাষ্টাৰ ছবি, স্বতন্ত্ৰ চলচ্চিত্ৰৰ লগতে কেইবাখনো উল্লেখনীয় টেলিভিছন ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে তেওঁ পৰিচিত।
-
ফ্লোৰেন্স হাণ্ট
ফ্লোৰেন্স হাণ্ট (জন্ম ২ ফেব্ৰুৱাৰী ২০০৭) এগৰাকী ইংৰাজী অভিনেত্ৰী। তেওঁ নেটফ্লিক্সৰ পিৰিয়ড নাটক ব্ৰিজাৰ্টন (২০২০–বৰ্তমান)ত হাইয়াছিন্থ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনাজাত। তেওঁ লগতে মিক্স টেপ (২০২৫) মিনিছিৰিজতো অভিনয় কৰিছিল।
-
বসুন্ধৰা দাস
বসুন্ধৰা দাস (জন্ম ২৭ অক্টোবৰ ১৯৭৭) এগৰাকী ভাৰতীয় প্লেবেক গায়িকা আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁৰ অভিনয় জীৱনত হে ৰাম (তামিল/হিন্দী), মনচুন ৱেডিং (ইংৰাজী), চিটিজেন (তামিল), ৰাৱনা প্ৰভু (মালয়ালম), লংকেশ পাত্ৰিকে (কন্নড়) আদি চলচ্চিত্ৰ অন্তৰ্ভুক্ত।
-
ভিলমা জেকছন
ভিলমা জেকছন হৈছে এগৰাকী ইংৰাজী অভিনেত্ৰী আৰু পৰিৱৰ্তক। তেওঁ কৰ'নেচন ষ্ট্ৰীটত চাৰ্লিৰ ভূমিকা অভিনয় কৰাৰ বাবে জনাজাত। তেওঁ বধিৰ আৰু ব্ৰিটিছ সাংকেতিক ভাষাৰ ব্যৱহাৰকাৰী।
-
মেগ ডনেলি
মেগ এলিজাবেথ ডনেলি (Meg Elizabeth Donnelly, জন্ম: ২৫ জুলাই, ২০০০) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এবিচিৰ চিটকম আমেৰিকান হাউছৱাইফ (২০১৬–২০২১)ত টেইলৰ অট্টো, ডিজনী চেনেলৰ চলচ্চিত্ৰ ধাৰাবাহিক জম্বিজ (২০১৮–বৰ্তমান)ত এডিচন ওৱেলছ আৰু চিডব্লিউ টেলিভিছন ধাৰাবাহিক দ্য ৱিনচেষ্টাৰছ (২০২২–২০২৩)ত মেৰী কেম্পবেলৰ…
-
লিজা ভেণ্ডাৰপাম্প
লিজা জেন ভেণ্ডাৰপাম্প (জন্ম ১৫ ছেপ্টেম্বৰ ১৯৬০) এগৰাকী ইংৰাজ ব্যৱসায়ী আৰু টেলিভিছন ব্যক্তিত্ব। তেওঁ প্ৰথমে দ্য ৰিয়েল হাউছৱাইভছ অৱ বেভাৰলী হিলছ অনুষ্ঠানৰ মুখ্য সদস্য হিচাপে ২০১০ চনৰপৰা ২০১৯ চনলৈ খ্যাতি লাভ কৰে।
-
লিলি কলিন্স
লিলি জেন কলিন্স (জন্ম: ১৮ মাৰ্চ, ১৯৮৯) এগৰাকী ইংৰাজী আৰু আমেৰিকান অভিনেত্ৰী। ইংলেণ্ডৰ গিল্ডফোৰ্ডত জন্মগ্ৰহণ কৰি লছ এঞ্জেলছত ডাঙৰ-দীঘল হোৱা কলিন্সে দুবছৰ বয়সতে বিবিচিৰ চিটকম গ্ৰয়িং পেইনছত পৰ্দাত অভিনয় আৰম্ভ কৰে।
-
লৰা এছলী চেমুৱেলছ
লৰা এছলী চেমুৱেলছ (ইংৰাজী: Laura Ashley Samuels) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এমটিভিৰ ধাৰাবাহিক অকৱাৰ্ডত কৰ্টনি, মডাৰ্ন ফেমিলিত বেথ আৰু লোপেজ ধাৰাবাহিকত ফাইফাৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে বিশেষভাৱে পৰিচিত।
-
হলেণ্ড ৰোডেন
হলেণ্ড ৰোডেন (ইংৰাজী: Holland Roden; জন্ম: ৭ অক্টোবৰ, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এমটিভিৰ টিন নাট্যধাৰাবাহিক টিন উলফত লিডিয়া মাৰ্টিন, ছাইফাইৰ ভয়ানক সংকলন ধাৰাবাহিক চেনেল জিৰো: বুচাৰ'ছ ব্লকত জো উডছ, আমাজন প্ৰাইম ভিডিঅ’ৰ ভয়ানক ডকুমেণ্টাৰী সংকলন ধাৰাবাহিক ল'ৰত ব্ৰিজেট ক্লিয়াৰী আৰু ভয়ানক…
-
হানাহ মাৰে’
টেগান লৰেন-হানাহ মাৰে’ (জন্ম: ১ জুলাই ১৯৮৯) এগৰাকী ইংৰাজ অভিনেত্ৰী। তেওঁ স্কিনছ (২০০৭–২০০৮, ২০১৩) ধাৰাবাহিকত কেলী আৰু এইচবিঅ’ৰ ফেণ্টাচী ধাৰাবাহিক গেম অৱ থ্ৰোনচত (২০১২–২০১৯) গীলি চৰিত্ৰত অভিনয় কৰিছিল।
-
হান্না ডড
হান্না ফ্ৰান্সেস্কা কেটি ডড (জন্ম ১৭ মে ১৯৯৫) এগৰাকী ইংৰাজ অভিনেত্ৰী, মডেল আৰু নৃত্যশিল্পী। তেওঁ প্ৰথমে মডেলিংৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু পিছত অভিনয়ত প্ৰৱেশ কৰে।
-
ৰ'জামেণ্ড পাইক
ৰ'জামেণ্ড মেৰি এলেন পাইক (Rosamund Mary Ellen Pike) ( জানুৱাৰী ১৯৭৯) হৈছে এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু কথক। তেখেতৰ বঁটা-বাহনৰ তালিকাত এটা গোল্ডেন গ্লোব আৰু এটা এমি বঁটা সন্নিৱিষ্ট হৈছে। ইয়াৰোপৰি তেখেতে একাডেমী বঁটা আৰু ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।