ৰতি অগ্নিহোত্ৰী ( Rati Agnihotri; জন্ম: ১০ ডিচেম্বৰ ১৯৬০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী ভাষাৰ লগতে তেলেগু আৰু তামিল ভাষাৰ ছবিত অভিনয়ৰ বাবেও পৰিচিত। কাল্ট-ট্ৰেজেডী ছবি এক দুজে কে লিয়ে (১৯৮১) আৰু নাট্যধৰ্মী ছবি তৱাইফত (১৯৮৫) কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ বাবে দুটা মনোনয়ন লাভ কৰিছিল।
চলচ্চিত্ৰীয় জীৱন
দহ বছৰ বয়সৰ পৰাই তেওঁ মডেলিং আৰম্ভ কৰে। ১ অগ্নিহোত্ৰীৰ প্ৰথম চলচ্চিত্ৰ ভূমিকা আছিল তামিল ভাষাৰ ছবি পুঠিয়া ৱাৰপুগল আৰু নিৰম মৰাঠা পুক্কল (১৯৭৯)।২
আশীৰ দশকত তেওঁ কেইবাখনো হিন্দী ছবিত তেওঁ অভিনয় কৰে। ১৯৭৯ চনৰ তেলেগু ছবি ‘মাৰো চৰিত্ৰ’ৰ হিন্দী পুনৰ্নিৰ্মাণ ‘এক দুজে কে লিয়ে’ (১৯৮১) ছবিৰ বাবে তেওঁ ফিল্মফেয়াৰ মনোনয়ন লাভ কৰে। এই সময়ৰ আন আন হিন্দী ছবিসমূহৰ ভিতৰত আছে- ফৰ্জ ঔৰ কানুন (১৯৮২), কুলি (১৯৮৩), টৱাইফ (১৯৮৫) আপ কে সাথ (১৯৮৬) আৰু হুকুমত (১৯৮৭)।
১৬ বছৰীয়া অনুপস্থিতিৰ পিছত ২০০১ চনত হিন্দী ছবি কুচ খট্টি কুচ মিথি ৩ আৰু তামিল ছবি মজুনু যোগে অভিনয়লৈ ঘূৰি আহে। অন্যাৰ (২০০৩) ছবিৰে তেওঁৰ মালয়ালম ছবিত অভিষেক ঘটে। এন অ'ড টু লাষ্ট লাভ (২০০৩) আৰু আয়না (২০০৮) এই ছবি দুখনৰ যোগেদি তেওঁ ক্ৰমে ইংৰাজী আৰু বাংলা ভাষাৰ ছবিতো প্ৰবেশ কৰে। ৪
প্লিজ ডিভ’ৰ্চ মি ডাৰ্লিং (২০০৫) আদি মঞ্চনাট আৰু ছিক্সাৰ আদি টেলিভিছন ধাৰাবাহিক আদিতো অভিনয় কৰিছে। অগ্নিহোত্ৰীয়ে পোলেণ্ডত বহু দিন কটাইছে, য'ত তেওঁৰ ভনীয়েক অনিতাৰ সৈতে এখন ভাৰতীয় ৰেষ্টুৰেণ্টৰ গৰাকী। ৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (26 October 2004). I am where my destiny has brought me. The Hindu
- ↑ (10 March 2000). rediff.com, Movies: The return of Rati. Rediff
- ↑ (18 March 2004). In the spotlight again. দ্য হিন্দু
- ↑ (15 June 2008). Interview: 'I can relate to mother roles'. The Sunday Tribune - Spectrum
- ↑ (14 March 2011). Letter from Europe: Szczecin (Poland). hiddeneurope.eu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰতি অগ্নিহোত্ৰী” প্ৰবন্ধৰ সংশোধন ৪৮৭২৯২ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।