হিন্দী কবি
১৩ প্ৰবন্ধ
-
হৰিবংশ ৰায় বচ্চন
হৰিবংশ ৰায় শ্ৰীবাস্তব "বচ্চন" (২৭ নৱেম্বৰ, ১৯০৭ - ১৮ জানুৱাৰী, ২০০৩) আছিল হিন্দী ভাষাৰ এগৰাকী কবি আৰু লেখক। 'হালাবাদ'ৰ প্ৰৱৰ্তক বচ্চন হ'ল হিন্দী কবিতাৰ উত্তৰ ছায়াবাদ কালৰ মুখ্য কবিবোৰৰ ভিতৰত অন্যতম। মধুশালা হ'ল তেখেতৰ প্ৰসিদ্ধ কৃতি।
-
মীৰাবাঈ
মীৰাবাঈ (১৪৯৮-১৫৪৬ খ্ৰীষ্টাব্দ) আছিল কৃষ্ণ-ভক্তি কাব্যধাৰাৰ কবিসকলৰ অন্যতম। ভগৱান কৃষ্ণৰ প্ৰতি তেখেতৰ ভক্তিভাৱ ইমানেই গভীৰ আছিল যে তেখেতে শৈশৱতে ভগৱান কৃষ্ণক নিজৰ আৰাধ্য দেৱতা তথা স্বামীৰূপে স্বীকাৰ কৰিছিল।
-
মহাদেৱী বৰ্মা
মহাদেৱী বৰ্মা (২৬ মাৰ্চ, ১৯০৭ – ১১ ছেপ্তেম্বৰ, ১৯৮৭) হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ কবি। হিন্দী সাহিত্যৰ ছায়াবাদী যুগৰ "চাৰিটা মুখ্য স্তম্ভৰ" ভিতৰত মহাদেৱী বৰ্মা অন্যতম। তেওঁক আধুনিক মীৰা বুলিও জনা যায়। এইগৰাকী প্ৰতিভাবান কবিক কবি নিৰালাই “হিন্দী সাহিত্যৰ বিশাল মন্দিৰৰ সৰস্বতী” বুলি কৈছে।
-
ৰামধাৰী সিং দিনকৰ
ৰামধাৰী সিং দিনকৰ (২৩ চেপ্তেম্বৰ, ১৯০৮ - ২৪ এপ্ৰিল, ১৯৭৪) আছিল হিন্দী সাহিত্যৰ এগৰাকী মুখ্য লেখক, কবি তথা নিবন্ধকাৰ আৰু স্বাধীনতা সংগ্ৰামী। তেওঁ আধুনিক যুগৰ শ্ৰেষ্ঠ 'বীৰ ৰস'ৰ কবি ৰূপে পৰিচিত। বিহাৰ প্ৰদেশৰ বেগুসৰায় জিলাৰ সিমৰিয়া ঘাটত তেওঁৰ জন্ম হৈছিল।
-
কবি প্ৰদীপ
কবি প্ৰদীপ (জন্ম:ৰামচন্দ্ৰ নাৰায়ণজী দ্বিবেদী; Kavi Pradeep; ৬ ফ্ৰেব্ৰুৱাৰী ১৯১৫-১১ ডিচেম্বৰ ১৯৯৮) এজন ভাৰতীয় কবি। চীন-ভাৰত যুদ্ধত মৃত্যুবৰণ কৰা ভাৰতীয় সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই লিখা য়ে মেৰে ৱতন কে লোগো নামৰ দেশপ্ৰেমমূলক গীতটোৰ বাবে কবি প্ৰদীপ বিশেষভাৱে জনাজাত।
-
জয়শংকৰ প্ৰসাদ
জয়শংকৰ প্ৰসাদ (৩০ জানুৱাৰী ১৮৮৯ আধুনিক হিন্দী সাহিত্য আৰু হিন্দী নাট্যশালাৰ প্ৰধান ব্যক্তিত্ব আছিল। প্ৰসাদ আছিল তেওঁৰ ছদ্মনাম। তেওঁক ছায়াবাদী কবি বুলিও জনা যায়।
-
মৈথিলীচৰণ গুপ্ত
মৈথিলীচৰণ গুপ্ত (৩ আগষ্ট, ১৮৮৬ – ১২ ডিচেম্বৰ, ১৯৬৪) আছিল প্ৰসিদ্ধ আধুনিক হিন্দী কবি সকলৰ ভিতৰত অন্যতম। খড়িবোলী কাব্যৰ বাটকটীয়াসকলৰ ভিতৰত মৈথিলীচৰণ গুপ্তৰ নাম উল্লেখযোগ্য।
-
সূৰ্যকান্ত ত্ৰিপাঠী
সূৰ্যকান্ত ত্ৰিপাঠী (২১ ফেব্ৰুৱাৰী ১৮৯৯ – ১৫ অক্টোবৰ ১৯৬১) এজন ভাৰতীয় কবি, সাহিত্যিক, সুৰকাৰ, আৰু স্কেচ আৰ্টিষ্ট আছিল, তেওঁৰ ৰচনা সমূহ হিন্দী ভাষাৰ আছিল। তেওঁক হিন্দী সাহিত্যৰ ছায়াবাদ যুগৰ চাৰিটা মুখ্য স্তম্ভৰ এটা ৰূপে গণ্য কৰা হয়।
-
ইৰশ্বাদ কামিল
ড° ইৰশ্বাদ কামিল (Irshad Kamil; জন্ম: ৫ ছেপ্টেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় কবি আৰু গীতিকাৰ। তেওঁৰ ৰচিত গীতসমূহ ওৱান্স আপন এ টাইম ইন মুম্বাই, জব উই মেট, চামেলি, লাভ আজ কাল, ৰকষ্টাৰ, লায়লা মজনু, আছিকি ২, ৰাঞ্ঝনা, হাইৱে, তামাছা, জব হেৰী মেট চেজল, কবীৰ সিং, ডাংকী আৰু লাভ আজ কালকে ধৰি বলীউডৰ বহুতো ছবিত…
-
সুমিত্ৰানন্দন পন্ত
সুমিত্ৰাণন্দন পন্ত (২০ মে’ ১৯০০ – ২৮ ডিচেম্বৰ ১৯৭৭) এগৰাকী খ্যাতনামা ভাৰতীয় কবি আছিল। বিংশ শতিকাৰ সকলোতকৈ প্ৰশংসিত হিন্দী কবিসকলৰ ভিতৰত তেওঁ এগৰাকী উল্লেখযোগ্য কবি। তেওঁৰ ৰোমাণ্টিক ধাৰাৰ কবিতাসমূহেই তেওঁক বহুল জনপ্ৰিয় কৰি তুলিছিল।
-
অনামিকা (কবি)
অনামিকা (জন্ম ১৭ আগষ্ট ১৯৬১) এগৰাকী সমকালীন ভাৰতীয় কবি, সমাজকৰ্মী আৰু উপন্যাসিকা। তেওঁ হিন্দী ভাষাত কবিতা আৰু উপন্যাস লিখে আৰু ইংৰাজী ভাষাত সমালোচনা ৰচনা কৰে। My Typewriter Is My Piano হ'ল ইংৰাজীত অনুবাদিত তেওঁৰ এটা কবিতা সংকলন।
-
দীনেশ ভ্ৰমাৰ
দীনেশ ভ্ৰমাৰ ( জন্ম: ২৬ জুন ১৯৩৯) ভাৰতৰ বিহাৰৰ এজন হিন্দী আৰু ভোজপুৰী ভাষাৰ কবি। তেখেতে ভোজপুৰী সাহিত্যত গজল আৰু ৰুবায়ী প্ৰৱৰ্তনৰ কৃতিত্ব লাভ কৰিছে। ভোজপুৰী সাহিত্যৰ কবি ভ্ৰমাৰ হৃদয় আৰু আত্মাত মূলতঃ প্ৰেম আৰু সৌন্দৰ্য্যৰ কবি। তেওঁৰ গীতৰ দাপোনত জিলিকি থকা মুখখনেই হৈছে কবি নিজেই।
-
নাগাৰ্জুন (বৈদ্যনাথ মিশ্ৰ)
বৈদ্যনাথ মিশ্ৰ (১১ জুন ১৯১১ – ৫ নৱেম্বৰ ১৯৯৮), যাক নগাৰ্জুন নামেৰে জনা যায়, এজন হিন্দী আৰু মৈথিলী কবি আছিল। তেওঁ উপন্যাস, চুটি গল্প, সাহিত্যিক জীৱনী আৰু ভ্ৰমণকাহিনীও লিখিছিল আৰু জনকবি – জনতাৰ কবি হিচাপে জনাজাত আছিল। তেওঁক মৈথিলীৰ আধুনিকতাৰ আটাইতকৈ প্ৰধান সমৰ্থক হিচাপে গণ্য কৰা হয়।