শিশু সাহিত্যিক
৫ প্ৰবন্ধ
-
হান্স ক্ৰিশ্চিয়ান এণ্ডাৰছন
হান্স ক্ৰিশ্চিয়ান এণ্ডাৰছন (২ এপ্ৰিল ১৮০৫ – ৪ আগষ্ট ১৮৭৫) এজন ডেনিছ লেখক আছিল। যদিও তেওঁ নাটক, ভ্ৰমণ বিৱৰণ, উপন্যাস আৰু কবিতা লিখিছিল, তেওঁ মূলত তেওঁৰ সাধুকথাবোৰৰ বাবে পৰিচিত। তেওঁৰ সাধুকথাবোৰ ৯খন খণ্ডত ১৫৬টা কাহিনী সংকলিত ৰূপত প্ৰকাশ পায় আৰু ১২৫টাতকৈও অধিক ভাষালৈ অনুবাদ কৰা হৈছে।
-
আনা মাৰিয়া মাচাডো
আনা মাৰিয়া মাচাডো (জন্ম ২৪ ডিচেম্বৰ ১৯৪১) ব্ৰাজিলৰ শিশু গ্ৰন্থৰ লেখিকা, লিজিয়া বজুংগা নুনেছ আৰু ৰুথ ৰোচাৰ সৈতে অন্যতম উল্লেখযোগ্য। ২০০০ চনত তেওঁ "শিশু সাহিত্যলৈ স্থায়ী অৱদান"ৰ বাবে আন্তঃৰাষ্ট্ৰীয় হান্স খ্ৰীষ্টিয়ান এণ্ডাৰছন পদক লাভ কৰে।
-
হেলেন ডানম’ৰ
হেলেন ডানম’ৰ (ইংৰাজী: Helen Dunmore; ১২ ডিচেম্বৰ ১৯৫২ – ৫ জুন ২০১৭) এগৰাকী ব্ৰিটিছ কবি, ঔপন্যাসিক, চুটিগল্প লেখিকা আৰু শিশু সাহিত্যিক আছিল। তেওঁৰ আটাইতকৈ পৰিচিত কৰ্মসমূহৰ ভিতৰত আছে উপন্যাস জেৰ্ণ’ৰ ইন ডাৰ্কনেছ, এ স্পেল অৱ উইণ্টাৰ আৰু দা ছিজ, আৰু তেওঁৰ শেষ কাব্যগ্ৰন্থ ইনচাইড দা ৱেভ।
-
হৰি কৃষ্ণ দেৱসাৰে
হৰি কৃষ্ণ দেৱসাৰে (জন্ম: ৯ মাৰ্চ ১৯৩৮ – মৃত্যু: ১৪ নৱেম্বৰ ২০১৩) এগৰাকী হিন্দী সাহিত্যিক; শিশু সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ কামৰ বাবে সুপৰিচিত। শিশু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্ম বিনানী ফাউণ্ডেচনৰ দ্বাৰা প্ৰতিষ্ঠিত প্ৰথম বাটস্ল্য বঁটা লাভ কৰে।
-
ৰথীন্দ্ৰ নাথ গোস্বামী
ৰথীন্দ্ৰ নাথ গোস্বামী (Rothindra Nath Goswami) এগৰাকী অসমীয়া ভূতত্ত্ববিদ, শিশু সাহিত্যিক, বিজ্ঞান, কল্পবিজ্ঞান আৰু ভ্ৰমণ কাহিনীৰ লেখক। শান্তনু তামূলীৰ দ্বাৰা সম্পাদিত অসমীয়া শিশু আলোচনী মৌচাকৰ জৰিয়তে শিশু-সাহিত্যৰ জগতখনত খোজ পেলোৱা গোস্বামীয়ে পৰৱৰ্তী সময়ত সেইখন আলোচনীতে চিচিং নামৰ এটি কাল্পনিক…