২০১৯ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰ
৬ প্ৰবন্ধ
-
ৰত্নাকৰ (চলচ্চিত্ৰ)
ৰত্নাকৰ: মৰমৰ নতুন আখ্যান হৈছে ২০১৯ চনতৰ ১১ অক্টোবৰত মুক্তি লাভ কৰা এখন ৰোমাণ্টিক-একশ্বনধৰ্মী অসমীয়া বোলছবি। যতীন বৰাৰ প্ৰযোজনা, পৰিচালনাত নিৰ্মিত ছবিখনত মুখ্য চৰিত্ৰতো তেওঁ অভিনয় কৰিছে।
-
কাঞ্চনজংঘা (চলচ্চিত্ৰ)
কাঞ্চনজংঘা হ'ল ২০১৯ চনত মুক্তি পোৱা আই ক্ৰিয়েছন প্ৰডাকচনৰ (I Creation Production) বেনাৰত নিৰ্মাণ কৰা এখন ৰোমাণ্টিক-একছনধৰ্মী অসমীয়া চলচ্চিত্ৰ। জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত প্ৰযোজিত এই চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰতো অভিনয় কৰিছে জুবিন গাৰ্গে।
-
কানীন (চলচ্চিত্ৰ)
কানীন (Kaaneen) হৈছে ২০১৯ চনৰ ২২ মাৰ্চ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন শিৱম ক্ৰিয়েচনৰৰ বেনাৰত মঞ্জুল বৰুৱাই পৰিচালনা কৰিছে। ড॰ ৰীতা চৌধুৰীৰ উপন্যাস 'ৰাজীৱ ঈশ্বৰ'ৰ কাহিনীৰ আধাৰত কানীনৰ চিত্ৰনাট্য লিখি উলিয়াইছে মঞ্জুল বৰুৱাই। সংলাপ মঞ্জুল বৰুৱা আৰু ৰীতা চৌধুৰীৰ।
-
বৰনদী ভটিয়ায়
বৰনদী ভটিয়ায় (Bornodi Bhotiai) হৈছে ২০১৯ চনৰ ৩ মে' তাৰিখে মুক্তি লাভ কৰা এখন সামাজিক বিদ্ৰুপাত্মক অসমীয়া চলচ্চিত্ৰ। মাজুলীৰ পটভূমিত নিৰ্মিত ছবিখন ভাৱৰীয়া টি পজিটিভ প্ৰডাকশ্যনৰ বেনাৰত অনুপম কৌশিক বৰাৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত।
-
বুলবুল কেন্ ছিং
বুলবুল কেন্ ছিং (বুলবুলে গান গাব পাৰে) আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিচালক ৰীমা দাসৰ তৃতীয় চলচ্চিত্ৰ। এই চলচ্চিত্ৰ খনে তেওঁৰ দ্বিতীয় চলচ্চিত্ৰ ভিলেজ ৰকষ্টাৰ্ছৰ দৰে ২০১৮ চনৰ টৰেণ্ট' আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মুক্তি লাভ কৰিছিল।
-
আমিষ (চলচ্চিত্ৰ)
আমিষ (Aamis) ২০১৯ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ মনস্তাত্ত্বিক হৰৰ ছবি। চলচ্চিত্ৰখনৰ পৰিচালক আৰু লেখক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ভাস্কৰ হাজৰিকা। ছবিখনৰ মুখ্য চৰিত্ৰত নৱাগত লিমা দাস আৰু অৰ্ঘ্যদ্বীপ বৰুৱায়ে অভিনয় কৰিছে।