অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আমিষ (চলচ্চিত্ৰ)

আমিষ (Aamis) ২০১৯ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ মনস্তাত্ত্বিক হৰৰ ছবি। চলচ্চিত্ৰখনৰ পৰিচালক আৰু লেখক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ভাস্কৰ হাজৰিকা। ছবিখনৰ মুখ্য চৰিত্ৰত নৱাগত লিমা দাস আৰু অৰ্ঘ্যদ্বীপ বৰুৱায়ে অভিনয় কৰিছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৭৮ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

আমিষ (Aamis) ২০১৯ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ মনস্তাত্ত্বিক হৰৰ ছবি। চলচ্চিত্ৰখনৰ পৰিচালক আৰু লেখক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ভাস্কৰ হাজৰিকা। ছবিখনৰ মুখ্য চৰিত্ৰত নৱাগত লিমা দাস আৰু অৰ্ঘ্যদ্বীপ বৰুৱায়ে অভিনয় কৰিছে। ছবিখনৰ অন্যান্য সহকাৰী চৰিত্ৰসমূহ হল: নিতালি দাস, সাগৰ সৌৰভ আৰু মানস কে. দাস।১ ২০১৯ চনৰ ২৮ এপ্ৰিলত ছবিখনে ট্ৰাইবেকা চলচ্চিত্ৰ মহোৎসৱত মুক্তি লাভ কৰিছিল। এই মহোৎসৱত ছবিখনে 'ইণ্টাৰনেচনেল নেৰেটিভ'ৰ পাঁচটা ভিন ভিন শিতানত মনোনয়ন লাভ কৰিছিল।২ ২০১৯ চনৰ ২২ নৱেম্বৰত ছবিখনে ছবিগৃহত মুক্তি লাভ কৰে।১ ইয়াৰ লগতে অনলাইন বিতৰণক মুভিচেইণ্টে ছবিখনৰ অনলাইন সংস্কৰণ মুক্তি দিয়ে।৩৪

কাহিনী

ডাঃ নিৰ্মালী এগৰাকী বিবাহিত শিশু বিশেষজ্ঞ। তেওঁ তেওঁৰ পুত্ৰ পিকুৰ সৈতে গুৱাহাটীত থাকে। তেওঁৰ স্বামী দিলীপ এগৰাকী জ্যেষ্ঠ চিকিৎসক আৰু তেওঁ কৰ্মৰ তাগিদাত বেছিভাগ সময় ঘৰৰ বাহিৰত থাকে। গতানুগতিক জীৱন চলি থাকোঁতে নিৰ্মালীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূৰ্বাঞ্চলত খাদ্যাভাসৰ ওপৰত গৱেষণা কৰি থকা পিএইচ.ডি ৰ ছাত্ৰ সুমনক লগ পায়। খাদ্যাভাসৰ গৱেষণাই সুমনৰ মনত বিশ্বাস জন্মাইছিল যে এনেকুৱা কোনো খাদ্য নাই যি ভক্ষণযোগ্য নহয়। কথাটোৱে নিৰ্মালীক আকৰ্ষিত কৰিছিল। দুয়োৱে খুব সোনকালে খাদ্যৰ প্ৰতি থকা ভালপোৱা আৱিষ্কাৰ কৰিলে-বিশেষকৈ মাংসৰ ক্ষেত্ৰত। মাংসৰ জৰিয়তেই দুয়ো পৰস্পৰৰ অধিক ওচৰ চাপি আহিল। তাৰপিছত তেওঁলোকে বিভিন্ন ঠাইত লগ পাই ভিন ভিন মাংসৰ জুতি ল'বলৈ ধৰিলে। সুমনে নিৰ্মালীৰ শাৰীৰিক স্পৰ্শ বিচাৰে যদিও নিৰ্মালীৰ মাংসৰ প্ৰতি বাঢ়ি অহা অত্যুগ্ৰ ক্ষুধাৰ ফলত তেওঁলোকৰ সম্পৰ্কই এক অভাৱনীয় আৰু অদ্ভুত গতি লয়।৫

চৰিত্ৰসমূহ

  • লিমা দাস: ডাঃ নিৰ্মালী
  • অৰ্ঘ্যদ্বীপ বৰুৱা: সুমন
  • নিতালি দাস: জুমি
  • সাগৰ সৌৰভ: ডা: ইলিয়াছ
  • মানস কে. দাস: দিলীপ
  • উৎকল হাজোৱাৰী: ইন্সপেক্টৰ
  • চন্দন ভূঞা: বৰা
  • সমৰজ্যোতি চৰকাৰ: ৰিক্সাচালক
  • সিদ্ধাৰ্থ বড়ো: এডি
  • মমী বৰা: মীনা
  • জিষ্ণু কাশ্যপ: পিকু
  • উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য: সুমনৰ বন্ধু ৰাজেশ

বঁটা আৰু সন্মান

ছিংগাপুৰত অনুষ্ঠিত দক্ষিণ এছিয়া আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত৬

  • শ্ৰেষ্ঠ অভিনেত্ৰী: লিমা দাস
  • শ্ৰেষ্ঠ পৰিচালক: ভাস্কৰ হাজৰিকা

চতুৰ্থ সংখ্যক শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা ২০১৯৭

  • শ্ৰেষ্ঠ অভিনেত্ৰী: লিমা দাস
  • শ্ৰেষ্ঠ সংগীত পৰিচালক: কুৱান বে
  • শ্ৰেষ্ঠ শব্দ গ্ৰহণকাৰী: গৌতম নায়াৰ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2019-10-15). Anurag Kashyap to present Bhaskar Hazarika's Aamis, set in Assam; film to release in India on 22 November- Entertainment News, Firstpost. firstpost.com
  2. ↑ Assamese film Aamis to compete at Tribeca film fest. outlookindia.com
  3. ↑ Assamese film Aamis gets a novel release plan. outlookindia.com
  4. ↑ 'Aamis' a unique love story of two meat loving characters - The Sentinel. Dailyhunt
  5. ↑ www.news18.com/news/movies/aamis-movie-review-it
  6. ↑ অব্যাহত অসমীয়া ছবিৰ জয়যাত্ৰা: দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত ভাস্কৰ হাজৰিকাৰ ‘আমিষ’. pragnews.com
  7. ↑ “বৰনদী ভটিয়ায়” ছবি খনলৈ শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান. assamese.sentinelassam.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০১৯ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমিষ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৬৮১৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।