২৭ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৮তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৭টা দিন (অধিবৰ্ষত ৩০৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৱলী
- ১৮৪৪ - ড'মিনিকান প্ৰজাতন্ত্ৰই হাইটিৰ পৰা স্বাধীনতা লাভ কৰিছিল।
- ১৮৭০ - জাপানৰ ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ কৰা হৈছিল।
- ১৯৯১ - ইৰাকৰ দমনৰ পৰা কুৱেইট মুক্ত কৰাৰ কথা আনুষ্ঠানিক ঘোষণা কৰে তদানীন্তন আমেৰিকান ৰাষ্ট্ৰপতি এইচ. ডাবল্যূ. বুশ্বে।
- ২০০২ - গুজৰাটৰ গোধ্ৰা নামৰ ঠাইত হিন্দু স্বয়ংসেৱক কঢ়িযাই নিয়া এখন ৰে'লগাড়ী জ্বলাই দিয়া হয় ফলত কমেও ৬০ জন লোকৰ প্ৰাণহানি হয়।
জন্ম
- ২৭২ - কনষ্টেনটাইন, ৰোমান সম্ৰাট।
- ১৯২৫ - ব্ৰজেন বৰুৱা, অসমীয়া চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সঙ্গীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ।
- ১৯৮৬ – সন্দীপ সিং, ভাৰতীয় হকী খেলুৱৈ।
- ১৯৮৮ - সুবাসনা দত্ত, অসমীয়া কণ্ঠশিল্পী।
মৃত্যু
- ১৯৩১ - চন্দ্ৰশেখৰ আজাদ, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মুক্তিযুঁজাৰু।
- ২০১০ - নানাজী দেশমুখ, ভাৰতীয় সমাজকৰ্মী।
- ২০২১ - ভৱকৃষ্ণ গোস্বামী, অসমৰ সত্ৰীয়া নৃত্য শিল্পী।
দিৱস
- মাৰাঠী ভাষা দিৱস (মহাৰাষ্ট্ৰ আৰু গোৱা, ভাৰত)।
- চিকিৎসক দিৱস (ভিয়েটনাম)।
- স্বাধীনতা দিৱস (ড'মিনিকান প্ৰজাতন্ত্ৰ)।
বাহ্যিক সংযোগ
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৭ ফেব্ৰুৱাৰী” প্ৰবন্ধৰ সংশোধন ৪০৮১৩৪ (২৭ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।