২ ফেব্ৰুৱাৰী গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৪টা দিন (অধিবৰ্ষত ৩৩৫টা দিন) বাকী থাকে।
ঘটনাৱলী
- ১৮১৪ - কলিকতাত ভাৰতীয় সংগ্ৰহালয় (ইণ্ডিয়ান মিউজিয়াম) প্ৰতিষ্ঠিত হয়।
- ১৮১৭ - শিক্ষা আৰু খ্ৰিষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মিছনেৰী চোচাইটিৰ প্ৰথম শাখা কলকাতাত স্থাপিত হয়।
- ১৯৮৯ - সত্যজিৎ ৰায়ক ফ্ৰান্সৰ সৰ্ব্বোচ্চ সন্মান "লিজিয়ন অফ অনাৰ" প্ৰদান কৰা হয়।
- ১৯৩৫ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতত প্ৰথম সাক্ষী আৰু প্ৰমাণ হিচাপে আলোকচিত্ৰ অনুমোদিত হয়।
- ১৯১৩ - নিউয়ৰ্ক চহৰৰ 'গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল' মুকলি কৰা হয়।
- ১৯৪৩ - দ্বিতীয় ষ্টেলিন গ্ৰাডৰ যুদ্ধ সমাপ্ত হয়। জাৰ্মান সেনাই ছোভিয়েটৰ ওচৰত আত্মসমৰ্পণ কৰে।
- ১৯৫৭ - ইস্কান্দৰ মিৰ্জাই গুড্ডু বেৰেজৰ আধাৰশিলা স্থাপন কৰে।
- ১৯২২ - জেমছ জয়েছৰ "ইউলিচিছ" প্ৰকাশিত হয়।
- ১৯৫৯ - শিশিৰ কুমাৰ ভাদুৰীয়ে ভাৰত চৰকাৰে প্ৰদান কৰা "পদ্মভূষণ" বঁটা নাকচ কৰে।
জন্ম
- ১৮৮৯ - ৰাজকুমাৰী অমৃত কৌৰ, ভাৰতৰ প্ৰথম গৰাকী স্বাস্থ্যমন্ত্ৰী।
- ১৯১৫ - খুছৱন্ত সিং, ভাৰতীয় সাহিত্যিক, উপন্যাসিক, স্তম্ভ লেখক, সাংবাদিক আৰু ইতিহাসবিদ।
- ১৯৩৩ - লক্ষহীৰা দাস, অসমীয়া কবি, গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ।
- ১৯৩৬ - সুমিতা দেৱী, বাংলাদেশৰ চলচ্চিত্ৰ শিল্পী আৰু টেলিভিচন অভিনেত্ৰী।
- ১৯৭৭ - ছাকিৰা, কলম্বিয়ান গায়িকা।
- ১৯৮৯ - অনুৰাধা থোকচোম, ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ফিল্ড হকী দলৰ সদস্য।
মৃত্যু
- ১৯৭০ - বাৰ্ট্ৰেণ্ড ৰাছেল, ব্ৰিটিছ দাৰ্শনিক, গণিতজ্ঞ আৰু ন’বেল বঁটা বিজয়ী সাহিত্যিক।
- ১৯৮৮ - ত্ৰৈলোক্য নাথ গোস্বামী, অসমীয়া সাহিত্যিক সমালোচক, গল্পকাৰ, নন্দন তাত্ত্বিক, সুবক্তা আৰু শিক্ষাবিদ।
- ২০১৪ - ইনামুল হক, অসমৰ ৰসায়ন বিজ্ঞানী।
দিৱস
- বিশ্ব জলাশয় দিৱস
- সংবিধান দিৱস (ফিলিপাইন)।
- জাতীয় জনসংখ্যা দিৱস (বাংলাদেশ)।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২ ফেব্ৰুৱাৰী” প্ৰবন্ধৰ সংশোধন ৪১৮৫১০ (১৯ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।