অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভৱকৃষ্ণ গোস্বামী

ভৱকৃষ্ণ গোস্বামী অসমৰ সত্ৰীয়া গীত-নৃত্যৰ বিশিষ্ট শিল্পী। শ্ৰীশ্ৰীবৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ গোস্বামীয়ে সৰুৰে পৰা সত্ৰীয়া পৰিৱেশত ডাঙৰ হৈ তেতিয়াৰ পৰা মৃত্যু পৰ্যন্ত সত্ৰীয়া সংস্কৃতিৰ চৰ্চাত জড়িত হৈ আছিল।

হালনাগাদ: ২ এপ্ৰিল ২০২৩ ৮৬ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ভৱকৃষ্ণ গোস্বামী অসমৰ সত্ৰীয়া গীত-নৃত্যৰ বিশিষ্ট শিল্পী। শ্ৰীশ্ৰীবৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ গোস্বামীয়ে সৰুৰে পৰা সত্ৰীয়া পৰিৱেশত ডাঙৰ হৈ তেতিয়াৰ পৰা মৃত্যু পৰ্যন্ত সত্ৰীয়া সংস্কৃতিৰ চৰ্চাত জড়িত হৈ আছিল। অসমৰ বিশিষ্ট শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্যিধ্য লাভ কৰা ভৱকৃষ্ণ গোস্বামীয়ে ৰাভাৰ পৰা শিৱৰ তাণ্ডৱ নৃত্যৰ শিক্ষা লৈছিল। তেখেতে নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল।

শৈশৱ আৰু কৰ্মজীৱন

ভৱকৃষ্ণ গোস্বামী জন্ম হয় অসমৰ লখিমপুৰ জিলাত। লখিমপুৰ জিলাত শিক্ষা জীৱন আৰম্ভ কৰি তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে। পিছলৈ তেওঁ যোৰহাট জিলাৰ মৰিয়নিৰ অন্তৰ্গত নকছাৰিৰ ভেলেউগুৰিত শ্ৰীশ্ৰীবৰএলেঙী সত্ৰত মৃত্যু পৰ্যন্ত আছিল।

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৱকৃষ্ণ গোস্বামী” প্ৰবন্ধৰ সংশোধন ৩৫২২৩৪ (২ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।