১৫ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪৬তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৯টা দিন (অধিবৰ্ষত ৩২০ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা
- ১৮৭৯ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ত মহিলা আইনজীৱিসকলে প্ৰথম প্ৰৱেশৰ অনুমতি লাভ কৰে।
- ১৯০৩ - মৰিছ মিচটমে নিজৰ দোকানত নিজৰ হাতৰে টেডি বিয়েৰ পুতলা নিৰ্মাণ কৰে আৰু কম সময়ৰ ভিতৰতে পৃথিৱীজুৰি অতি জনপ্ৰিয় হৈ উঠে।
- ২০২৫ চন – প্ৰয়াগৰাজলৈ গৈ থকা এটি এছ.ইউ.ভি. বাহনে এখন বাছৰ সৈতে সংঘৰ্ষত ১০ গৰাকী তীৰ্থযাত্ৰী নিহত হয়।১
জন্ম
- ১৯১৫ - কজ্জনবাঈ, ভাৰতীয় কণ্ঠশিল্পী আৰু অভিনেত্ৰী।
- ১৫৬৪ - গেলিলিঅ’ গেলিলি, ইটালীৰ পদাৰ্থবিদ, গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰু দাৰ্শনিক।
মৃত্যু
- ১৮৬৯ - মিৰ্জা গালিব, ভাৰতীয় কবি।
- ১৯৪৮ - সুভদ্ৰা কুমাৰী চৌহান, হিন্দী সাহিত্যৰ ভাৰতীয় কবি।
- ১৯৮৮ - ৰিচাৰ্ড ফাইনমেন, আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী।
- ২০০৮ - মনোৰমা, ভাৰতীয় অভিনেত্ৰী।
- ২০২২ - সন্ধ্যা মুখাৰ্জী, ভাৰতীয় কণ্ঠশিল্পী।
দিৱস
- মুক্তি দিৱস (আফগানিস্তান)।
- কানাডাৰ পতাকা দিৱস (কানাডা)।
তথ্যসূত্ৰ
- ↑ 2025 in India. Wikipedia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৫ ফেব্ৰুৱাৰী” প্ৰবন্ধৰ সংশোধন ৫৬৭২৫০ (১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।