ঘটনাৱলী
- ১৯৪৭ - পাকিস্তানী অনুপ্ৰৱেশকাৰীয়ে কাশ্মীৰ আক্ৰমণ কৰে। কাশ্মীৰৰ মহাৰজা হৰি সিঙৰ সহায় প্ৰাৰ্থনা।
- ১৯৫১ - স্বাধীন ভাৰতৰ প্ৰথম লোকসভা নিৰ্বাচন আৰম্ভ হয়। নিৰ্বাচন প্ৰক্ৰিয়াৰ সামৰণি পৰে ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত।
- ১৯৭১ - চীন ৰাষ্ট্ৰসংঘৰ সদস্য হয় আৰু টাইৱান বহিষ্কৃত হয়।
- ১৯৭১ - বাংলাদেশৰ নেতা শ্বেখ মজিবুৰ ৰহমান পাকিস্তানী সেনাৰ হাতত বন্দী হয়।
- ১৯৯১ - বিবদমান অযোধ্যাৰ অধিগৃহীত মাটিত কোনো স্থায়ী নিৰ্মাণ যাতে নহয়, তাৰ ব্যৱস্থা ল'বলৈ উত্তৰ প্ৰদেশ চৰকাৰক এলাহাবাদ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে।
- ২০০৫ - সংযুক্ত মুক্তি বাহিনী, অসমই আলোচনাৰ বাবে গঠন কৰি দিয়া পি চি জি আৰু কেন্দ্ৰৰ মাজত প্ৰথমলানি আলোচনা অনুষ্ঠিত হয়।
জন্ম
- ১৮১১ - এভাৰিষ্ট গেল'ৱা, ফ্ৰান্সৰ গণিতজ্ঞ।
- ১৮৮১ - পাব্ল' পিকাছ', বিখ্যাত চিত্ৰশিল্পী।
- ১৮৯৬ - সুধালতা দুৱৰা, প্ৰথম অসমীয়া মহিলা স্নাতক।
- ১৯৩১ - ক্লাউছ ফাৰ্ডিনাণ্ড হেচেলমান, জাৰ্মান সামুদ্ৰিক বিশেষজ্ঞ আৰু জলবায়ু আৰ্হিবিদ।
- ১৯৩৪ - ৰবীন্দ্ৰ গুহ, বঙালী ভাষাত হাংৰি আন্দোলনৰ কবি, চুটিগল্পকাৰ, ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ।
- ১৯৩৭ - সাৰদা ৰাজন আয়েংগাৰ, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
- ১৯৪৫ - অপৰ্ণা সেন, ভাৰতীয় চলচ্চিত্ৰ পৰিচালিকা আৰু অভিনেত্ৰী।
- ১৯৫৬ - চালমা আগা, পাকিস্তানী কণ্ঠশিল্পী আৰু অভিনেত্ৰী।
- ১৯৭২ - ইস্থাৰ ডাফ্লো, ফ্ৰেন্স-আমেৰিকান অৰ্থনীতিবিদ।
- ১৯৮৭ - উমেশ যাদৱ, ভাৰতীয় ক্ৰিকেটাৰ।
মৃত্যু
- ১৪০০ - জিঅ'ফ্ৰে চচাৰ, ইংৰাজ কবি।
- ১৬৪৭ - ইভানজেলিষ্টা টৰিচেলি, ইটালীৰ পদাৰ্থবিদ।
- ২০১২ - যশপাল ভাট্টি, ভাৰতীয় কৌতুক শিল্পী, প্ৰযোজক আৰু পৰিচালক।
- ২০২১ - ৰবীন দেৱচৌধুৰী, ভাৰতীয় পুৰাতত্ত্ববিদ, লেখক, অধ্যাপক।
দিৱস
- সশস্ত্ৰ বাহিনী দিৱস (ৰোমানিয়া)।
- ধন্যবাদ জ্ঞাপন দিৱস (গ্ৰেনাডা)।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৫ অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৪১০৯০৭ (১১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।