অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৯ নৱেম্বৰ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২৫ ৪১২ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৯৪৬ - আফগানিস্তান, আইচলেণ্ড আৰু ছুইডেনে ৰাষ্ট্ৰসংঘত যোগদান কৰে।
  • ১৯৬৯ – এছ'চিয়েচন ফুটবল খেলুৱৈ পেলেই তেওঁৰ ১,০০০ সংখ্যক গ'ল কৰে। প্ৰকৃত নাম এডচন আৰাণ্টেছ ডো নাচিমেণ্টো যাক সমগ্ৰ বিশ্বই পেলে বুলি জানে। এজন ব্ৰাজিলিয়ান প্ৰাক্তন পেছাদাৰী ফুটবলাৰ যি ফৰৱাৰ্ড হিচাপে খেলিছিল। ১৯৪০ চনৰ ২৩ অক্টোবৰত পেলেৰ জন্ম হৈছিল।
  • ১৯৮২ - ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত দূৰদৰ্শন সম্প্ৰচাৰ কৰা হয়।১
  • ১৯৬৯ - চন্দ্ৰত মানুহে দ্বিতীয়বাৰৰ বাবে পদাৰ্পণ কৰে। এপলো-১২ৰ মহাকাশচাৰী পিট কনৰাড আৰু এলান বীনে ওচেনিয়াছ প্ৰচেলাৰামত ("ধুমুহাৰ মহাসাগৰ") অৱতৰণ কৰে আৰু চন্দ্ৰত খোজ কঢ়া তৃতীয় আৰু চতুৰ্থ মানুহ হিচাপে পৰিগণিত হয়। ১
  • ২০২৩ - আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটৰ বিশ্বকাপ ফাইনেলত ভাৰতক পৰাস্ত কৰি অষ্ট্ৰেলিয়া ছয় উইকেটত বিজয়ী হয়। ২

জন্ম

  • ১৮২৮ - ৰাণী লক্ষ্মীবাই, উত্তৰ ভাৰতৰ ঝান্সী ৰাজ্যৰ ৰাণী। ১৮৫৭ চনৰ ভাৰতীয় স্বাধীনতাৰ প্ৰথম যুদ্ধৰ এগৰাকী আগশাৰীৰ ব্যক্তি আছিল আৰু ভাৰতীয় জাতীয়তাবাদীসকলৰ বাবে ব্ৰিটিছ ৰাজৰ প্ৰতিৰোধৰ প্ৰতীক হৈ পৰিছিল। মৃত্যু ১৮ জুন ১৮৫৮ খ্ৰীষ্টাব্দ।
  • ১৯১৪ - একনাথ ৰামকৃষ্ণ ৰানাদে, ভাৰতীয় সমাজকৰ্মী আৰু নেতা।
  • ১৯১৭ - ইন্দিৰা গান্ধী, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।১
  • ১৯২২ - ভাৰতীয় সংগীত পৰিচালক সলিল চৌধুৰীৰ জন্ম। তেওঁ বঙালী, হিন্দী আৰু মালয়ালম চলচ্চিত্ৰ আদিকে ধৰি অন্যান্য আঞ্চলিক ভাষাৰ কথাছবি সমূহতো সংগীত পৰিচালনা কৰিছিল। ইয়াৰ বাদেও তেওঁ এজন কবি আৰু চিত্ৰনাট্যকাৰ আছিল। তেখেতৰ গুনগ্ৰাহীসকলৰ ওচৰত তেওঁ 'সলিলদা' নামেৰে পৰিচিত আছিল। ১৯৯৫ চনৰ ৫ ছেপ্টেম্বৰত জীৱনাসন ঘটে।
  • ১৯২৮ - দাৰা সিং, ভাৰতীয় পেছাদাৰী মল্লযোদ্ধা, অভিনেতা, পৰিচালক আৰু ৰাজনীতিবিদ। তেওঁৰ সম্পূৰ্ণ নাম দীদাৰ সিং ৰন্ধাৱা। দাৰা সিং ৰাজ্যসভালৈ (উচ্চ সদন) মনোনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ আছিল। তেওঁ হিন্দী আৰু পাঞ্জাৱী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু লেখক হিচাপে কাম কৰিছিল। তেওঁ চলচ্চিত্ৰ আৰু দূৰদৰ্শনত অভিনয়ো কৰিছিল।
  • ১৯৩৮ - স্বৰণ লতা, পঞ্জাবী কণ্ঠশিল্পী।
  • ১৯৪৫ - অসমৰ স্বনামধন্য কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ জন্ম।
  • ১৯৫১ - জীনত আমান, ভাৰতীয় অভিনেত্ৰী আৰু মডেল।
  • ১৯৬৭ - পালি চন্দ্ৰা, ভাৰতীয় কথক নৃত্যশিল্পী, কৰিঅ'গ্ৰাফাৰ বা নৃত্য পৰিচালক, ডিজিটেল নৃত্য প্ৰশিক্ষক, মেণ্টৰ আৰু শৈল্পিক পৰিচালক।
  • ১৯৭১ - কিৰেণ ৰিজিজু, ভাৰতীয় ৰাজনৈতিক নেতা আৰু অধিবক্তা।
  • ১৯৭৫ – সুস্মিতা সেন, মিছ ইউনিভাৰ্ছ-১৯৯৪ খিতাপ লাভ কৰা ভাৰতীয় অভিনেত্ৰী, মডেল। তেওঁ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰথম ভাৰতীয়।

মৃত্যু

  • ১৮৯৬ - জন বেৰী হোৱাইট, অসমত চিকিৎসা বিজ্ঞানৰ প্ৰৱৰ্তক তথা অসমত শিল্পদ্যোগৰ অন্যতম ভেটি স্থাপন কৰোতা।

দিৱস

  • আন্তঃৰাষ্ট্ৰীয় পুৰুষ দিৱস। ৩০ বছৰ অতিক্ৰম কৰা এই দিৱসটি ১৯৯২ চনৰ পৰা পালন কৰি অহা হৈছে।
  • বিশ্ব শৌচালয় দিৱস। ১৯ নৱেম্বৰ ২০০১ চনৰ পৰা অনানুষ্ঠানিকভাৱে আৰু ১৯ নৱেম্বৰ ২০১২ চনৰ পৰা ইয়াক ৰাষ্ট্ৰসংঘৰ এক আনুষ্ঠানিক দিৱস হিচাপে সমগ্ৰ বিশ্বতে পালন কৰি অহা হৈছে।
  • ছহিদ দিৱস। ১৮২৮ চনৰ ১৯ নৱেম্বৰ তাৰিখে মাৰাঠা শাসিত ৰাজকীয় ৰাজ্য ঝাঁচীৰ ৰাণী ৰাণী লক্ষ্মীবাইৰ জন্মদিন হিচাপে অঞ্চলটোত ছহিদ দিৱস হিচাপে পালন কৰা হয়, আৰু ১৮৫৭ চনৰ বিদ্ৰোহত প্ৰাণ দিয়া সকলক সন্মান জনায়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰ, ২০১৮;
  2. ↑ (19 November 2023). Awesome Australia beat India to win the ICC Men's Cricket World Cup. Cricket World Cup

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯ নৱেম্বৰ” প্ৰবন্ধৰ সংশোধন ৫৩৯৩৯৯ (২০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।