ঘটনাৱলী
- ১৭৭৫ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা যুদ্ধ আৰম্ভ।
- ১৮৩৯ - লণ্ডন চুক্তিৰ মাধ্যমত বেলজিয়ামৰ স্বাধীনতা লাভ।
- ১৯১৯ - আন্তৰ্জাতিক শ্ৰম সংস্থা প্ৰতিষ্ঠা।
- ১৯৪৮ - ম্যানমাৰে ৰাষ্ট্ৰসংঘত যোগদান কৰে।
- ১৯৭৫ - ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট উৎক্ষেপন কৰে।
জন্ম
- ১৯৩২ - তুলতুল বৰুৱা, অসমৰ প্ৰথমগৰাকী মহিলা অনাতাঁৰ শিল্পী।
- ১৯৩৫ - ৰেৱকান্ত মহন্ত, ভাৰতীয় অংকীয়া নাট আৰু মুখা শিল্পী।
- ১৯৪৫ - সুৰেখা চিক্ৰি, ভাৰতীয় অভিনেত্ৰী।
- ১৯৫০ - হৰিশংকৰ ব্ৰহ্ম, ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত পদত অধিষ্ঠিত প্ৰথমজন অসমীয়া।
- ১৯৫৭ – মুকেশ আম্বানী, ভাৰতীয় ব্যৱসায়ী, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন আৰু বৰ্তমান এছিয়াৰ ধনী ব্যক্তি।
- ১৯৭৭ – অঞ্জু ববী জৰ্জ, ভাৰতীয় লং (দীঘল) জাম্পাৰ।
- ১৯৮৭ – মাৰিয়া ছাৰাপোভা, ৰুছ টেনিছ খেলুৱৈ।
মৃত্যু
- ১৮২৪ - লৰ্ড বায়ৰন, এংলো-স্ক'টিছ কবি।
- ১৮৫৮ - অনুৰূপা দেৱী, ভাৰতীয় সাহিত্যিক তথা সমাজকৰ্মী।
- ১৮৮২ - চাৰ্লছ ডাৰউইন, ইংৰাজ জীৱবিজ্ঞানী। তেখেতে প্ৰথম বিৱৰ্তনবাদৰ ধাৰণা দিয়ে। (জন্ম: ১৮০৯)
- ১৮৮৪ - কাদম্বৰী দেৱী, ভাৰতীয় নাট্যকাৰ, সংগীতজ্ঞ, সম্পাদক আৰু চিত্ৰশিল্পী।
- ১৯০৬ - পিয়েৰ ক্যুৰি, নোবেল পুৰস্কাৰ বিজয়ী ফৰাচী পদাৰ্থবিজ্ঞানী। (জন্ম: ১৮৫৯)
- ১৯৪৮ - তাৰা সুন্দৰী, ভাৰতীয় অভিনেত্ৰী, কণ্ঠশিল্পী আৰু নৃত্যশিল্পী।
- ১৯৯৮ - অক্টাৱিয়' পাছ, মেক্সিকান কবি, লেখক আৰু কূটনীতিবিদ।
দিৱস
- বাইচাইকেল দিৱস
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৩৫৪৫৫৭ (১৭ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।